সমললৈ যাওক

হৰেকৃষ্ণ ডেকা

ৱিকিউদ্ধৃতিৰ পৰা

হৰেকৃষ্ণ ডেকা এগৰাকী কবি, চুটি গল্প লেখক, প্ৰবন্ধ লেখক, ঔপন্যাসিক, কবিতাৰ সমালোচক আৰু অধ্যাপক।[] ছাত্ৰাৱস্থাৰ পৰাই কবিতা আৰু গল্প লিখাত মনোনিবেশ কৰা ডেকাই ৰামধেনু যুগতে নিজৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিছিল।[] ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হৰেকৃষ্ণ ডেকাই অসম আৰক্ষীৰ মহাপ্ৰধান (DGP) হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।[] সাহিত্য বিষয়ক আলোচনী গৰীয়সী আৰু ইংৰাজী দৈনিক কাকত দ্যা ছেণ্টিনেলৰ সম্পাদকৰ দায়িত্বও বহন কৰিছিল। বৰ্তমানেও সাহিত্য জগতৰ লগত তেখেত জড়িত হৈ আছে।[]

  1. মই বেলেগ বেলেগ সময়ত বেলেগ বেলেগ কাব্য শৈলীৰ ওপৰত পৰীক্ষা -নিৰীক্ষা কৰিছোঁ।[]
  2. মই প্ৰশাসনীয় বিষয়া হোৱাৰ আগতেই সাহিত্য চৰ্চা কৰিছিলোঁ আৰু আৰক্ষী বিষয়া হিচাপে মোৰ যিটো বৃত্তি আছিল তেতিয়াও মই আন্তৰিকতাৰে আৰু দায়বদ্ধতাৰে নিজৰ কৰ্তব্য পালন কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু বৃত্তিটোৰ বাবে মই নিজৰ ভিতৰত থকা সাহিত্য চৰ্চাক বাদ দিয়া নাছিলোঁ।[]
  3. সকলো কবিৰে একোটা সচেতন দিশ আছে আৰু এটা অচেতন দিশ থাকে আৰু বহুত বস্তু আমাৰ সেই অচেতন মনৰ পৰা আহে। []
  4. আমাৰ মনৰ ভিতৰৰ জগতখনৰ পৰা সমল লৈ তাক কবিতাত ব্যৱহাৰ কৰিলে কবিতাই বিশেষ ধৰণে সমৃদ্ধ হৈ ৰূপ পাই বুলি মই ধাৰণা কৰোঁ।[]
  5. মোৰ ভাবত আমি দেখা জগতখনতকৈ নেদেখা জগতখন বহুত বেছি গভীৰ।[]
  6. সাহিত্য সৃষ্টিৰ বাবে ভাষাটো পোনপ্ৰথমে ভালদৰে জানিব লাগিব। ভাষা জ্ঞান ভাল লাগিব।শব্দৰ এটা ভাল ভাণ্ডাৰ লাগিব। প্ৰত্যেক লেখকৰে এটা সুকীয়া ধৰণ আছে। গতিকে সেই সুকীয়া শৈলী কেনেকৈ গঢ়িব পাৰি তাৰ বাবে অনুশীলন কৰিব লাগিব। ইয়াৰ উপৰি যথেষ্ট পৰিমাণে অনুশীলন আৰু অভিজ্ঞতাও লাগিব। যিমানেই অভিজ্ঞতা বাঢ়িব, সমলৰ পৰিমাণো বেছি হ'ব। []
  7. আমি সমাজত থাকিবলৈ হ'লে ৰাজনীতি লাগিবই, নহ'লে ক'ত থাকিম। সমাজত ঘটি থকা প্ৰত্যেকটো ঘটনাকে প্ৰত্যেকজনে একোটা নিজস্ব দৰ্শন, আদৰ্শ বা বিশ্বাসেৰে চাইছে। ইয়াৰ মাজত মিলাপ্ৰীতি বাঢ়িছে অথবা সংঘৰ্ষ হৈছে। গতিকে ৰাজনীতিৰ পৰা কোনো আঁতৰি থাকিব নোৱাৰে।[] []
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ ১.৮ দীপাংকৰ দাস, হীৰকজ্যোতি নাথ আৰু ভাৰ্গৱ দাস (২০১৭-১৮). "হৰেকৃষ্ণ ডেকাৰ সৈতে এখন্তেক". দক্ষিণপাট ৪৬: ৮৬-৯০. 
  2. http://indianreview.in/the-assam-valley-literary-award-harekrishna-deka-2010/ আহৰণ কৰা তাৰিখঃ ৫ জানুৱাৰী, ২০১২
  3. ৩.০ ৩.১ হৰেকৃষ্ণ ডেকাৰ ৱেবছাইট, আহৰণ কৰা তাৰিখ: ৫ জানুৱাৰী, ২০১২. Archived from the original on 2019-10-02.