হৰমোহন দাস
অৱয়ব
হৰমোহন দাস (১৮৯০-১৯৫৭) এজন অসমীয়া লেখক আৰু শিক্ষাবিদ।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]মানৱ জ্যোতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]লেখকৰ দ্বাৰা প্ৰকাশিত, ১৯৩৭, গুৱাহাটী
- প্ৰকৃতিৰ লীলা-খেলা দেখি বৈষম্যৰ অনুভূতি জন্মা স্বাভাবিক। কিন্তু প্ৰকৃতিস্থ হৈ গবেষণা কৰিলে সকলো বৈষম্যৰ মাজত এটি মিলন শক্তিৰো অনুভূতি হয়।
- পৃষ্ঠা ২
- পৰম বহুদশী জ্ঞানীলোক সকলে প্ৰত্যক্ষ উপলব্ধি কৰি ঘোষণা কৰিছে, যে এই বিশ্বজগত বৈষম্যৰে পূৰ্ণ নহয়; ইয়াত সৌম্য, ঐক্য আৰু সামঞ্জস্য ভাৱ বিৰাজ কৰি আছে। বিশ্ব সাহিত্যৰ পাতে পাতে তেওঁলোকে ঘোষণা কৰিছে যে জগত আনন্দময় আৰু ঐক্য সূত্ৰেৰে সকলো একত্ৰ গঁঠা। শাস্ত্ৰক বিশ্বাস কৰিলে এই ঘোষিত কথা নুই বুলিব নোৱাৰি।
- পৃষ্ঠা ৪
- কাচৰ লণ্ঠন এটাৰ ভিতৰত বন্তি এগছ জ্বলাই দিলে পোহৰ পৰে। সেই দৰে শৰীৰক আশ্ৰয় কৰি থকা জ্যোতিয়েও পোহৰ বিকাশ কৰে। এই পোহৰৰ বিকাশ গোলাকৃতি। এই পোহৰেই হৈছে জ্যোতি। এই জ্যোতিকেই ইংৰাজীত “Aura”, উৰ্দ্দুত “নুৰ” আৰু সংস্কৃতত “ওজঃ” কোৱা হয়। এই জ্যোতি হৈছে অন্তৰৰ দীপ্তি।
- পৃষ্ঠা ১০
- অনুশীলন আৰু সাধনাৰ দ্বাৰা জ্যোতিৰ শক্তি ক্ৰমে ক্ৰমে বাঢ়ে। জ্যোতি শক্তিমন্ত হলে [ ২৭ ] ভেদাভেদ জ্ঞান একো নাথাকে। এনেকুৱা শক্তি লাভ কৰিলে খাদ্যাখাদ্য আদিতো বিচাৰ নকৰি সমভাৱ দেখুৱাক পৰা যায়। কিন্তু শক্তি সঞ্চাৰণ নৌহওঁতেই অভেদ জ্ঞান কৰা বিপদজনক।
- পৃষ্ঠা ২০
- মানৱ জ্যোতি অনুভূতি কৰিবলৈ যেনেকৈ বিশ্ব নিয়ন্তাৰ ৰূপ ধ্যান কৰি শুচি পৱিত্ৰ আৰু একান্ত ব্ৰতী হোৱা আৱশ্যক তেনেকৈ সাহিত্য চৰ্চ্চা আৰু গ্ৰন্থ প্ৰণয়ন কৰোতেও শুদ্ধ সৎ পৱিত্ৰ ভাৱ লৈ বিশ্বজগতৰ প্ৰতিনিধি বুলি ধাৰণা কৰা প্ৰয়োজন। বিশ্বজগতৰ প্ৰতিনিধি বুলি ধাৰণা হলে সাহিত্যিকৰ অন্তৰ শুদ্ধ সৎ আৰু পৱিত্ৰ হৈ আহে আৰু লগে লগে “শিবং সত্যং সুন্দৰং” পথ অনুসৰণ কৰিব সমৰ্থ হয়।
- পৃষ্ঠা ২৬