হেমাঙ্গ বিশ্বাস

ৱিকিউদ্ধৃতিৰ পৰা
হেমাঙ্গ বিশ্বাসৰ আলোকচিত্ৰ

হেমাঙ্গ বিশ্বাস (ইংৰাজী: Hemanga Biswas; ১৯১২ - ১৯৮৭) এগৰাকী গীতিকাৰ, কবি, কণ্ঠশিল্পী আৰু নিবন্ধকাৰ। তেওঁ মূলতঃ অসমীয়া আৰু বাংলা ভাষাত সাহিত্য ৰচনা কৰিছিল। তেওঁ অসমৰ গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. (মঘাই ওজা সম্পৰ্কে) মঘাই ওজা ভাৰতবৰ্ষৰে এগৰাকী প্ৰথম শ্ৰেণীৰ শিল্পী৷ কোনো আনুষ্ঠানিক সংগীতৰ শিক্ষা নোহোৱাকৈ এনেদৰে ১১টা ঢোল একেলগে বজাব পৰা আচৰিতজনক গণশিল্পী সকলোৰে শ্ৰদ্ধাৰ ভাৰতীয় গণনাট্য সংঘত আছিল৷’[১]
  2. বিহু কাব্যৰ প্ৰেম অবাধ; কিন্তু ই দেহবাদী নহয়। আদিত যৌথ কৃষি আৰু চিকাৰী জীৱনৰ প্ৰাকৃতিক পৰিৱেশক বশ কৰাৰ ঐন্দ্ৰজালিক কল্পনাৰ ঐতিহ্যৰে ই মধুৰ। বিহুৰ আদিৰস কৰ্ম জীৱনৰ পৰা বিচ্ছিন্ন ব্যক্তিকেন্দ্ৰিক নাগৰিক প্ৰেম নহয়; সমষ্টি চেতনাৰ ছন্দেৰে ই সুস্থ আৰু সজীৱ।[২]
  3. যি নাই বিহুগীতত, সি নাই অসমত৷ যি নাই অসমত, সি নাই বিহুগীতত৷ অসম আৰু অসমীয়া জনমানসৰ নিৰ্ভুল দাপোণ এই বিহু৷ অসমৰ পৰ্বত-পাহাৰ, চৰাই-চিৰিকটি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে প্যানোৰমা ভাৰতৰ লোকসংগীতত বিৰল৷ বিহু গীতৰ সাহিত্যিক আৰু সাংগীতিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ৷[৩]
  4. অসমৰ জ্বলন্ত জুইৰ চেকা মোৰ বুকুতেও লাগিছে৷ লৱৰি যাবলৈ মন গ’লেও ক’লৈ যাম৷[৩]
  5. নৱবৰ্ষৰ গধূলি চুংহুৱা পাহাৰৰ টিঙত বেলি মাৰৰ লগত মোৰ মনলৈ আহিল ১৭ জানুৱাৰীৰ কথা৷ যিমান দূৰতেই থাকোঁ, হেজাৰ মাইলৰ কুঁৱলী ভেদ কৰি মোলৈ জিলিকি থাকে ১৭ জানুৱাৰীৰ লুইতৰ পাৰৰ অক্ষয় বন্তিৰ জ্যোতি৷ (চীন ভ্ৰমণকালত তিলক হাজৰিকালৈ লিখা চিঠিৰ একাংশ)[৩]
  6. সংকটপূৰ্ণ সময়ত মই অনুভৱ কৰোঁ যে অসমবাসীক উদ্বিগ্নতা আৰু বিপৰ্যয়ৰ সময়ত ময়ো তেওঁলোকলৈ সহানুভূতি আৰু সমবেদনা জনাবই লাগিব৷ এই হত্যালীলাই সকলোকে আতংকিত কৰি তোলাৰ লগতে অসমৰ জনসাধাৰণৰ ঐতিহ্যমণ্ডিত ঐক্য আৰু সম্প্ৰীতিৰ ভেটি গুৰুতৰভাৱে কঁপাই তুলিছে৷ এনেবোৰ ঘটনাই ভৱিষ্যতে আমাৰ বাবে সূচনা কৰিছে ভয়ানক অবিশ্বাসৰ দৃশ্য, সংশয় আৰু এক শ্বাসৰুদ্ধকাৰী সমাজ জীৱন৷ .... অনুপ্ৰৱেশৰ সমস্যাটোৱেই এই ব্যাপক সন্ত্ৰাস আৰু যন্ত্ৰণাৰ কাৰণ, গতিকে চৰকাৰে অনুপ্ৰৱেশ বন্ধ কৰিবলৈ আশু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ (১৯৮৩ চনত অসমৰ গণহত্যালীলাত অসুস্থ দেহাৰে কলিকতাৰ পৰা অসমবাসীলৈ দিয়া সংবাদ)[৩]

হেমাংগ বিশ্বাস সম্পৰ্কে বিভিন্নজনৰ মন্তব্য[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. লোকসঙ্গীতৰ প্ৰতি তেখেতৰ যি সহজাত অনুভূতি আছিল, তাৰ জৰিয়তে তেখেতে বিচাৰি উলিয়াইছিলে প্ৰতিৰোধ আৰু সংগ্ৰামৰ সুৰটো।(হীৰেন গোঁহাই)[৪]
  2. হেমাংগ বিশ্বাসেই আছিল একমাত্ৰ ব্যক্তি, যি মোক বুজিছিল বা মোৰ ঢোলৰ ভাষা বুজিছিল৷[১]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ শাণ্ডিল্য, অঞ্জু (১৫ মাৰ্চ ২০২৪). "ঢোলৰ ওজা মঘাই ওজা". অসমীয়া প্ৰতিদিন. 
  2. জয়কান্ত গন্ধীয়া (১৯৮৬)। হুঁচৰি, মুকলি বিহু আৰু বিহুনাচ। বনলতা।
  3. ৩.০ ৩.১ ৩.২ ৩.৩ গগৈ, প্ৰফুল্ল (আগষ্ট ২০১২). "হেমাংগ বিশ্বাসৰ অস প্ৰীতি". গৰীয়সী. 
  4. লোকসংগীতৰ পৰাণে কান্দে কিয়. আহৰণ কৰা হৈছে: 6 ফেব্ৰুৱাৰী 2024.