সমললৈ যাওক

হীৰেন গগৈ

ৱিকিউদ্ধৃতিৰ পৰা

হীৰেন গগৈ (ইংৰাজী: Hiren Gogoi) এজন মৌলিক চিন্তাবিদ আৰু বিশিষ্ট লিখক। তেওঁ 'অসমীয়া খবৰ' আৰু 'দৈনিক অগ্ৰদূত' নামৰ জনপ্ৰিয় অসমীয়া দৈনিক কাকত দুখনৰ নিয়মীয়া আৰু জনপ্ৰিয় স্তম্ভ লিখক। অন্যান্য বহুল প্ৰচাৰিত কাকত আৰু আলোচনীতো তেওঁৰ অসংখ্য চিন্তাগধুৰ আৰু মূল্যবান প্ৰৱন্ধপাতি সিঁচৰতি হৈ আছে।

জনগোষ্ঠীয় সুৰক্ষা আৰু জাতীয় সংহতি

  • আজিকালি কিছুমান কথা নতুনকৈ ভাবিবলৈ বাধ্য হওঁ। মানুহে জীবিকা আৰু বাসস্থানৰ সন্ধানত নিজৰ মাতৃভূমি চিৰকাললৈ এৰি যাব পাৰে, নিজৰ পিতৃ-মাতৃৰ পৰাও বিচ্ছেদ হ'ব পাৰে, কিন্তু নিজৰ মাতৃভাষাটো কেতিয়াও এৰিব নোৱাৰে, নেবে। কিন্তু কিয়? প্ৰব্ৰজনকাৰীসকলে আনবোৰ ঠাইলৈ গৈ বসবাস কৰিবলৈ লোৱাৰ লগে লগে সেই ঠাইৰ ভাষা-সংস্কৃতিকো যদি একদৰে আপোন কৰি ল'ব পাৰিলেহেঁতেন বা ল'লেহেঁতেন, তেন্তে আমাৰ প্ৰায়বোৰ সামাজিক আৰু জাতিগত অশান্তিয়েই নোহোৱা হৈ গ'লহেঁতেন। নতুন ঠাই এটুকুৰাৰ মাটি, পানী, বায়ু, খাদ্য, অৰ্থ সকলোবোৰ নিজা কৰি ল'ব পাৰি, সেইবোৰ অকাতৰে ভোগ কৰিব পাৰি, কিন্তু সেই ঠাইৰ ভাষা আৰু সংস্কৃতিক হ'লে নিজা কৰি ল'ব নোৱাৰি।[১]
  • আলফাৰ স্বাধীন অসমৰ দাবী আৰু হিংসা-সন্ত্ৰাসবোৰ সৰ্বাংশে ৰাজ্যখনৰ ৰাজনৈতিক পৰিমণ্ডলতেই আৱদ্ধ; আমাৰ সমাজখনৰ জাতিগত বা গোষ্ঠীয় গাঁথনিটোৰ লগত তাৰ সম্পৰ্ক একেবাৰে হেৰাই গৈছে। আলফা সমস্যাক কেন্দ্ৰ কৰি সময়ে সময়ে সৃষ্টি হৈ থকা প্ৰচণ্ড উত্তাপ-উত্তেজনাই আমাৰ দৈনন্দিন জীৱনটোক অস্থিৰ আৰু বিব্ৰত কৰি ৰাখিছে সঁচা, কিন্তু সেইবোৰে আমাৰ সমাজ গাঁথনিৰ আবৰণটোক ভেদ কৰি কেতিয়াও ভিতৰলৈ সোমাব পৰা নাই। সেয়ে আলফাৰ কাম-কাজবোৰে জাতীয় গুৰুত্ব হেৰুৱাই পেলাইছে বুলি ক'লেও হয়তো বঢ়াই কোৱা নহ'ব। [২]
  • অসমত স্বায়ত্তশাসন পোৱা দুই এটা জনজাতিৰে এতিয়া যি দুৰৱস্থা হৈছে, তালৈ চাই খাটাং ক'ব পাৰি যে থলুৱা জনগোষ্ঠী আৰু স্বীকৃত জনজাতিবোৰৰ জনজাতিকৰণ তথা স্বায়ত্তশাসনৰ সমস্যাবোৰ আগধৰি সমাধা কৰি ল'ব নোৱাৰিলে অসম-অসমীয়াৰ বাবে পূৰ্ণস্বায়ত্তশাসন কেৱল অৰ্থহীন হোৱাই নহয়, অধিক ক্ষতিকাৰকো হ'ব পাৰে। পূৰ্ণস্বায়ত্তশাসন পালে ৰাজ্যখনৰ চৰকাৰত থলুৱা জাতি- জনগোষ্ঠীবোৰৰ কৰ্তৃত্ব আৰু মৰ্যাদা কিদৰে সুৰক্ষিত হ'ব, বহিৰাগত ভাৰতীয়সকলে ক্ষমতাৰ কিমান অংশ ভোগ কৰিব, বহিৰাগতৰ হাতলৈ থলুৱাৰ মাটিবাৰীবোৰৰ হস্তান্তৰ কিদৰে বন্ধ কৰিব পৰা যাব, চৰকাৰী মাটি আৰু বনাঞ্চলবোৰ কিদৰে আৰু কিমানদূৰ সুৰক্ষিত হ'ব, প্ৰশাসন ব্যৱস্থাটোত সংৰক্ষণৰ নীতি কিদৰে কাৰ্যকৰী কৰা হ'ব, ৰাজ্যভাষা কি হ'ব - এনেধৰণৰ প্ৰশ্নবোৰ সঠিক সময়ত আৰু সামাজিক ন্যায়ৰ ভিত্তিত মীমাংসা কৰিবই লাগিব।[৩]
  • অসমৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে এয়ে যে, ইয়াত ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ সুপ্ৰতিস্থিত যদিও খিলঞ্জীয়া জনসাধাৰণৰ ঐতিহাসিক আৰু প্ৰাকৃতিক অধিকাৰবোৰৰ নিৰাপত্তা একেবাৰে নোহোৱা হৈছে। অসমৰ বিভিন্ন জনগোষ্ঠী-জনজাতিৰ বিদ্ৰোহ আৰু পৃথকত্ববাদৰ মূল কাৰণো সেয়ে। থলুৱা বৰ্ণহিন্দু সমাজখনৰ লগত জনজাতীয়-জনগোষ্ঠীয় সমাজখনৰ সংঘাত এটাও ইয়াত সক্ৰিয় হৈ আছে সঁচা, কিন্তু বহিৰাগতৰ অবাধ প্ৰব্ৰজনে জনজাতীয়- অজনজাতীয় উভয় অংশৰ খিলঞ্জীয়াৰ বাবে একেধৰণৰ সংকট এটাৰ সৃষ্টি কৰিছে। অথচ অসমলৈ ঘটি থকা অবাধ লোকপ্ৰব্ৰজন নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰৰ ইচ্ছা আৰু পৰিকল্পনা কোনোটোৱেই নাই। হিন্দীবলয়ৰ ধ্বজাধাৰীসকলে অসমখনক স্বৰূপাৰ্থত এখন উপনিৱেশ বা ডাম্পিং গ্ৰাউণ্ড হিচাপেহে ব্যৱহাৰ কৰিবলৈ বিচাৰে। আনহাতে বিদেশীৰ অনুপ্ৰৱেশো যে কাহানিবা বন্ধ হ'ব তেনে আশাও এতিয়া ক্ৰমাৎ নিৰ্বাপিত হ'বলৈ ধৰিছে। [৪]
  • অসমৰ থলুৱা জনগোষ্ঠীবোৰক জনজাতিকৰণ কৰি সাংবিধানিক সুৰক্ষা নিদিয়াৰ অন্তৰালত কেন্দ্ৰৰ নেতাসকলৰ এটা গোপন অভিসন্ধি আছে। হিন্দী বলয়ব নেতাসকলেই এতিয়ালৈকে দেশখন চলাই আছে আৰু আগলৈয়ো চলাই থাকিব। ভাৰতীয় মহাজাতীয়তাৰ ধাৰক-বাহকো তেওঁলোকেই। তেওঁলোকে অসমখনক সদায় বৃহৎ ভাৰতীয় পুঁজিৰ ঔপনিৱেশিক লুণ্ঠন আৰু বৃহৎ ভাৰতীয় জাতিবোৰৰ প্ৰব্ৰজিত লোকসকলৰ পাম হিচাপেহে গণ্য কৰি আহিছে। [৫]