সমললৈ যাওক

ইছমাইল হোছেইন

ৱিকিউদ্ধৃতিৰ পৰা

ইছমাইল হোছেইন, ইছমাইল হোছেইন (জন্ম: ২২ ফেব্ৰুৱাৰী,১৯৬৫) বৰপেটা জিলাৰ কয়াকুছি গাঁৱৰ এক কৃষক পৰিয়ালত হৈছিল। কয়াকুছিৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি হেলাপাকড়ি হাই মাদ্ৰাছাৰ পৰা প্ৰথম বিভাগত মেট্ৰিক উত্তীৰ্ণ হৈছিল। পিছত "অণুবিদ্যুৎ আৰু দুৰ-সংযোগ অভিযান্ত্ৰিক" বিষয়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈছিল। কিছুদিন অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত প্ৰবক্তা হিচাপে কাম কৰিছিল আৰু বৰ্তমানে যোৰহাটৰ প্ৰিন্স অৱ ৱেলেছ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত প্ৰবক্তা হিচাপে কৰ্মৰত।[১] তেখেত আধুনিক অসমীয়া ভাষাৰ একেৰাহে কবি, সমালোচক আৰু গৱেষক৷[২] ইয়াৰ উপৰিও তেখেত শংকৰী কলা কৃষ্টিৰ সাধক। অসমৰ চৰ-চাপৰিবাসীৰ ওপৰত গৱেষণা কৰা এওঁ দ্বিতীয়জন ইছমাইল হোছেইন কাৰণে, তেখেতক কনিষ্ঠ বুলিও জনা যায়।তেখেতৰ দ্বাৰা ৰচিত "শ্ৰীমন্ত শঙ্কৰদেৱৰ ইছলাম ধৰ্মী শিষ্য চান্দসাই" ৰ অনুপ্ৰেৰণাত আৰু তেখেতৰ পৃষ্ঠপোষকাত "চান্দসাই ভাওনা দল"[৩] কেৱল মুছলমান সদস্যৰে গঠিত হৈছিল। তেখেতৰ অসংখ্য ৰচনাৱলীৰ ভিতৰত কাব্য গ্ৰন্থ‘জীৱন আৰু মানুহ বিষয়ক’ৰ বাবে অসম সাহিত্য সভাই ১৯৯৫-৯৬ চনত শ্ৰেষ্ঠ মৌলিক গ্ৰন্থ হিচাপে‘অম্বিকাগিৰী ৰায়চৌধুৰী’বঁটা,‘অসমৰ চৰ-চাপৰিৰ লোক সাহিত্য’গ্ৰন্থৰ বাবে ২০০৩ চনত ‘ৰেবানাথ শৰ্মা’ বঁটাৰে সন্মানিত কৰে৷[৪]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

জ্যোতিপ্ৰসাদৰ জীৱন আৰু দৰ্শন

  1. অসমৰ বুৰঞ্জীয়ে দেখুৱাইছে যে অসমীয়া জাতিটো ভাৰতৰ আন আন প্ৰদেশৰ পৰা অহা নানা ভাৰতবাসী মানুহৰ সোঁত আৰু অসমৰ থলুৱা মানুহৰ নানা উপজাতি লগ খাইহে বৰ্তমানৰ এই অসমীয়া জাতি হৈছে। অসমীয়া জাতি এটা সংমিশ্ৰণৰ পৰা হোৱা জাতি। সেই কিৰণেই আমি চেষ্টা কৰি সেই সংমিশ্ৰিত অসমীয়া জাতিটোৰ কলেৱৰ-বৰ্তমান অহা আন আন জাতিৰ মানুহক জীণ নিয়াই বঢ়াব পাৰো। ই বুৰঞ্জীসিদ্ধ। সেই কাৰণে নিঃসন্দেহে আমি কামত লাগিব পাৰো। [৪] (নতুন দিনৰ কৃষ্টিঃ জ্যোঃ ৰঃ পৃষ্ঠাঃ৪৬২)
  2. ...মানৱ জীৱনটো এটা সাংস্কৃতিক অভিযান। জীৱনক বিচিত্ৰ প্ৰকাশৰ পৰা আৰু এক বিচিত্ৰ প্ৰকাশলৈ নিয়াই আৰু এই পৃথিবীৰ জীৱনক আনন্দময় কৰি তোলাই সংস্কৃতিৰ লক্ষ্য।[৪] (জ্যোঃ ৰঃ,পৃষ্ঠাঃ/৫৫০)
  3. সুন্দৰৰ পূজাই হৈছে কৃষ্টি বা সংস্কৃতি। সংস্কৃতিৰ পূৰ্ণ বিকাশতেই মানুহৰ জীৱনৰ পৰম আনন্দ। মানুহে সংস্কৃতিৰে, সভ্যতাৰে সুন্দৰকেই মানুহৰ জীৱনলৈ নমাই আনিবলৈ বিয়াকুল। আন্ধাৰ অতিতত ‘পোহৰলৈ পোহৰলৈ’ বুলি যি ধ্বনি উঠিছিল-তাতেই ঘোষিত হৈছিল মানৱৰ সংস্কৃতিক অভিলাষ,পোহৰৰ পিয়াহ।[৪] (জ্যোঃ ৰঃ পৃষ্ঠাঃ ৪৯৬)
  4. আমি যদি আমাৰ সভ্যতা-সংস্কৃতি এই সাৰ্বভৌম আদৰ্শৰ পৰা আঁতৰাই আমাৰ মনটোক কেৱল লুইতৰ বালি চাপৰিতেই এৰাল দি থওঁ তেন্তে আমাৰ মনটো অসমৰ গৰুৰ দৰেই টিলিকা হৈ থাকিব। আমাৰ সংস্কৃতি, সাহিত্য কলা সকলোৱেই থাকিব অসমৰ নামঘৰতে পৰি।[৪] (অসমীয়া স্থাপত্যৰ নৱৰূপ। জ্যোঃ ৰঃ পৃষ্ঠাঃ ৪৭৯)
  5. অসমীয়াৰ কাৰণে মই বহুখিনি কৰিলো, ছবি কৰিলো, গীত লিখিলো, নাটক লিখিলো, অন্দোলন কৰিলো কিন্তু অসমীয়াই মোক নিছিনিলে।[৪]
  6. ‘ইন্দ্ৰমালতী’ত ‘বিশ্ববিজয়ী নৱজোৱান’ শীৰ্ষক গীতটি ভূপেন হাজৰিকাই গাইছিল। এই সন্দৰ্ভত ভূপেন হাজৰিকাই লিখিছে- “বিশ্ববিজয়ী নৱজোৱান, বিশ্ববিজয়ী নৱজোৱান। শক্তিশালী ভাৰতৰ, ওলাই আহা ওলাই আহা, সন্তান তুমি বিপ্লৱৰ গীতটি গাবলৈ দি জ্যোতি ককাইদেৱে সুধিলে- “এই কথাখিনিৰ মানে বুজিলানে নাই? যদি বুজিলা তেন্তে গীত গাওঁতে সোঁহাতৰ মুঠিটো আকাশলৈ দাঙি এনেকৈ বীৰৰ ল’ৰাৰ দৰে গাবা বুজিলা?”[৪]
  7. অসমীয়া ৰিহা-মেখেলা পৃথিবীৰ ধুনীয়া সাজ-পোছোকৰ লেখত পৰে।[৪]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. POWIET, Jorhat, Assam. প্ৰকাশক: powietjrt.in.
  2. Where religion rests backstage - Muslim troupe comes forward to perform Vaishnavite drama form. প্ৰকাশক: The Telegraph. আহৰণ কৰা হৈছে: 28 June 2019.
  3. সাহিত্য-সংস্কৃতিৰ মাধ্যমেৰে জাতি-ধৰ্মক একত্ৰিত কৰাৰ প্ৰয়াস ইছমাইল হোছেইনৰ. প্ৰকাশক: awazthevoice. আহৰণ কৰা হৈছে: ১৬ মে',২০২২.
  4. ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ ৪.৬ ৪.৭ হোছেইন ইছমাইল (২০০১)। জ্যোতিপ্ৰসাদৰ জীৱন আৰু দৰ্শন। জ্যোতি প্ৰকাশন, পৃষ্ঠা:৮,১৬,১৭,২৩,৭২,৮১,১১০।

লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]


বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: