সমললৈ যাওক

হিৰণ্য ডেকা

ৱিকিউদ্ধৃতিৰ পৰা

হিৰণ্য ডেকা অসমৰ এগৰাকী অভিনয় শিল্পী।[] ১৯৮১ চনত অপৰূপা নামৰ ছবিখনৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰৰ জগতত খোজ পেলায়। তেওঁ আৰু অভিনেতা তপন দাস একেলগে সোণাৰাম হাইস্কুলত পঢ়িছিল।[] তেওঁ অভিনয় কৰা অন্যান্য কথাছবি হৈছে ইমান মৰম কিয় লাগে, কন্যাদান, বিধাতা, মিঠা মিঠা লগনত, কাদম্বৰী, ৰত্নাকৰ আদি।[]

  1. মই সেই দুটা বস্তু, গাওঁ আৰু চহৰৰ অনুভৱটো সৰুৰপৰাই পাই আহিছিলোঁ৷ গাঁওৰ প্ৰতিশ্ৰুতিবিলাক গাঁওতেই থাকে, মানে গাঁও মানেনো কি বুজি পাইছিলোঁ৷ চহৰৰো বহু কথা দেখি শুনিয়েই শিকিছিলো, য’ত সৰুৰপৰাই ডাঙৰ হৈছিলোঁ৷ []
  2. আমাক কোনেও হাতত ধৰি শিকোৱা নাছিল৷ আমি সকলোৱে নিজে নিজে আগবাঢ়িছিলোঁ৷ তপন দাস আৰু মই সেই সময়ত তেনেকৈয়ে আগবাঢ়িছিলোঁ।[]
  3. ৰসৰ অভিনয়ৰ বিষয়ে সৰুতে মই একো নাজানিয়েই এনে চৰিত্ৰত অভিনয় কৰিছিলোঁ৷ পিছলৈ যেতিয়া বুজি পোৱা হলো তেতিয়া দেখিলো যে মোৰ শাৰীৰিক অবয়ব বা মোৰ শাৰীৰিক গঠনেৰে মই নায়ক বা ভিলেইন হবলৈ গ’লে নিমিলিব৷ এনেদৰে কিছু চৰিত্ৰ ৰূপায়ণ কৰি গ’ম পালোঁ যে এইধৰণৰ চৰিত্ৰহে কিজানি মোৰ সৈতে মিলিছে৷ যিধৰণৰ চৰিত্ৰৰ বাবে মানুহে মোক সহাঁৰি দিয়ে, সেই বিষয়টো লৈ মই অলপ চিন্তা চৰ্চা আৰম্ভ কৰি দিলোঁ৷ তাৰ পিছলৈ আৰু বেলেগ চিন্তা কৰা নাই৷ তেনেকৈয়ে ৰসৰ উদ্বেগ হব পৰা চৰিত্ৰত অভিনয় কৰাৰ চিন্তা চৰ্চা মনলৈ আহিল৷ []
  4. অসমখনত আমাৰ নামনি, উজনি…উজনিৰো বহুত ভাগ আছে, ঠাই বিশেষে বেলেগ বেলেগ কথনশৈলী, শব্দক্ষেপন আৰু নামনি অসমতো দহ-পোন্ধৰ কিলোমিটাৰৰ মূৰে মূৰে ভাষাৰ ব্যৱধান, শব্দৰ প্ৰয়োগ মানে কথনশৈলী সেইবোৰৰ প্ৰতি সৰুৰে পৰা কব নোৱাৰাকৈ অলপ আকৃষ্ট হৈছিলোঁ।[]
  5. সৰু কথা, হাঁহি উঠা কথা কিছুমানতে সমাজৰ বাবে বহু বাৰ্তা সোমাই থাকে৷ পিছে সেই বাৰ্তাখিনি সঠিকভাৱে আমি মনলৈ আনিব পৰা নাই আৰু বহুত বাকী আছে৷ আমাৰ সমাজক লৈ, আমাৰ সমাজৰ কাম-কাজ, কৰ্ম, আমাৰ সংস্কৃতিক লৈ, আমাৰ বিভিন্ন সংস্কৃতিক লৈয়ো বহু ব্যংগ আছে৷ আমাৰ খাদ্য সংস্কৃতিক লৈও হ'ব পাৰে, পিন্ধন উৰণক লৈও হব পাৰে, ভাষাক লৈও ব্যংগৰ সৃষ্টি হ’ব পাৰে৷ []
  6. ভ্ৰাম্যমাণৰ দৰকাৰ আছে৷ পৃথিৱীৰ ক’তোৱে নথকা সাংস্কৃতিক আন্দোলন এটা৷ ভ্ৰাম্যমাণ থিয়েটাৰ চলি থকাতোৱেই আমি বিচাৰোঁ৷ []
  7. চাপক নিয়ন্ত্ৰণ কৰিব পৰা বস্তুটো হৈছে হাস্যৰস৷ আৰু হাস্যৰস যদিহে উপভোগ্য হয়, সেই হাস্যৰসে যদি হাঁহিৰ উদ্ৰেক ঘটাব পাৰে; মানে যি ৰস দিছে সেই ৰসৰ কথাখিনিৰ কৰ্মকাণ্ডত যদি কোনোবা অচিনাকি ব্যক্তিয়েও ৰস পাইছে সেইটোতকৈ ডাঙৰ কথা নাই৷[]
  8. ভালপোৱা ব্যক্তি বহুকেইজন আছে৷ মুনিন বৰুৱা, মই তেখেতৰ বহুকেইখন ছবিত অভিনয় কৰিছো, তেখেত মোৰ প্ৰিয় মানুহ৷ সঞ্জীৱ হাজৰিকা মোৰ প্ৰিয় মানুহ৷ []
  1. Hiranya Deka. প্ৰকাশক: imdb.com. আহৰণ কৰা হৈছে: 1 May 2023.
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ২.৬ ২.৭ ২.৮ সাক্ষাৎকাৰ – হিৰণ্য ডেকা. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ জানুৱাৰী ২০১৮). আহৰণ কৰা হৈছে: 24 মে' 2024.
  3. Hiranya Deka Filmography. প্ৰকাশক: indianfilmhistory.com. আহৰণ কৰা হৈছে: 1 May 2023.