সমললৈ যাওক

হিতেশ ডেকা

ৱিকিউদ্ধৃতিৰ পৰা

হিতেশ ডেকা (ইংৰাজী: Hitesh Deka, ১৮ ফেব্ৰুৱাৰী, ১৯২৪ - ৩০ আগষ্ট, ২০০০) অসমৰ এগৰাকী সাহিত্যিক৷ অসমীয়া উপন্যাস, নাটক, প্ৰবন্ধ আদিৰে তেওঁ বৰঙণি আগবঢ়াই গৈছে৷

  1. এনেকৈয়ে চলে জগতৰ প্ৰায়বোৰ হাঁহিৰ কথা৷ এজনৰ ছলনা আৰু আনজনৰ মূৰ্খামি, ইয়াকে লৈয়ে সৰহভাগ হাঁহিৰ ৰোল উঠে৷ কি ছলনাময় জগতখন!
  2. খাবলৈ নাপালে যে সকলোৱে শুকায়; পেটক যেনেকৈ আহাৰ লাগে, মনৰো তেনেকৈ খোৰাক দৰ্কাৰ; নহ’লে যে মানসিক বৃত্তিবোৰ শুকাই নাইকিয়া হৈ যায়৷
  3. শৰীৰৰ আঘাত লোকৰ দৃষ্টিগোচৰ হয় কিন্তু মনৰ আঘাত দৃষ্টিগোচৰ নহয়; যদি মানুহৰ মনৰ আঘাতবোৰে অইনৰ দৃষ্টিগোচৰ হ’লহেঁতেন, তেন্তে সঁচাকৈ সংসাৰখনত ইমান বিলাই-বিপত্তি নহ’লহেঁতেন৷
  4. সাহিত্য অন্তৰৰ বস্তু৷ ই বুদ্ধিৰ বস্তু নহয়৷ সাহিত্যক বুদ্ধিৰ মাপ-কাঠিৰে জোখা নহয়— ইয়াক জোখা যায় হৃদয়েৰেহে৷
  5. নগ্ন -বাস্তৱক কলাৰ সাজেৰে সুশোভিত কৰি তোলাটোৱে বৰ্ত্তমানৰ সাহিত্য৷
  6. মাছ মাৰিবলৈ ইচ্ছা নাথাকিলে মিছাকৈ বৰশীত টোপ পেলাব নালাগে, তাত নিজৰো সময় নষ্ট আৰু মাছৰো হয় মহা কষ্ট।[]
  1. অপূৰ্ব তালুকদাৰ। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন।
  • হিতেশ ডেকা। আজিৰ মানুহ। চন্দ্ৰ প্ৰকাশ।