সমললৈ যাওক

সৰ্বেশ্বৰ শৰ্মা কটকী

ৱিকিউদ্ধৃতিৰ পৰা

সৰ্বেশ্বৰ শৰ্মা কটকী (১৮৯২- ১৯৪৬) এজন অসমীয়া কবি, গৱেষক আৰু শিক্ষাবিদ৷

  1. প্ৰকৃতিৰ ভীষণ মূৰ্ত্তি, প্ৰকৃতিৰ লাৱণ্য মূৰ্ত্তি, প্ৰকৃতিৰ উধত ভাব, প্ৰকৃতিব সাম্য ভাবে সকলোকে সুখ-দুখ নিদিয়ে, সকলোৰে ভয়-ভক্তি নজন্মায়। কিন্তু যিসকল প্ৰকৃতিত প্ৰসন্ন হয়, যিসকলে প্ৰকৃতিৰ তত্ত্ব বুজে, যিসকলে প্ৰকৃতিলৈ সেৱা-শ্ৰদ্ধা জনায় তেওঁলোকৰ কিছুমানে কবি নাম পায়, কিছুমানে ধৰ্ম্মাস্থালৈ ঢাল খাই ধৰ্ম্মবীৰ নাম পায়।[১]
  2. ইসকলে ভাৱে প্ৰকৃতি ঈশ্বৰ সৃষ্ট, মানৱো ঈশ্বৰ সৃষ্ট। প্ৰকৃতিক যি চিৰ সুখ বঞ্চিবলৈ দিছে মানৱকো সেই চিৰ সুখ বঞ্চিবলৈ দিছে। কিন্তু প্ৰকৃতিয়ে সদায় ক্ৰমাগত সুখ ভোগ কৰে, মানৱে নকৰে। মানৱে যে সুখ ভোগ কৰিব নোৱাৰে তাৰ আন একো কাৰণ নাই। মানৱে কেৱল আপোন গুণে, আপোন দোষে সেই সুখৰপৰা নিজক নিজে বঞ্চিত কৰে। মানৱ অতি সাংসাৰিক। মানৱৰ দুখ নিবাৰণৰ অৰ্থে মানৱক অমিয় সুখত মগ্ন ৰখাৰ অৰ্থে, মানৱৰ মুক্তিমাৰ্গৰ পথ আবিষ্কাৰৰ অৰ্থে ইসকল সদা তৎপৰ।[২]
  3. প্ৰকৃতিৰ লগত ধৰ্ম্মৰ বিশেষ সম্বন্ধ। ধৰ্ম্ম বুলি এবিধ বেলেগ বস্তু নাই। প্ৰকৃতি ধৰ্ম্ম; প্ৰকৃতি অধৰ্ম্ম; প্ৰকৃতি ধৰ্ম্মা- ধৰ্ম্ম। ধৰ্ম্মৰ সৃষ্টি প্ৰকৃতিৰপৰা। প্ৰকৃতিৰ সৃষ্টি ঈশ্বৰৰপৰা।[৩]
  4. প্ৰকৃতিৰ দৃশ্যই, প্ৰকৃতিৰ জ্যোতিয়ে মানৱৰ প্ৰত্যেক অঙ্গৰে তৃপ্তি সাধন কৰে। কিন্তু বৈজ্ঞানিক উপায়ে অঙ্কিত দৃশ্যই কেৱলমাত্ৰ এক ইন্দ্ৰিয় চকুৰ তৃপ্তি সাধন কৰে[৪]
  5. প্ৰকৃতি অসীম অনন্ত শক্তিৰ কেৱে নিৰাকৰণ কৰিব নোৱাৰে। সভ্যজগতত যতই উন্নতি নহওক কিয়, সভ্যতা প্ৰচাৰ যিমানেই নহওক কিয় অখণ্ডনীয় প্ৰকৃতি কেতিয়াও খণ্ডন নহয়; সমস্যাপূৰ্ণ প্ৰকৃতি কেতিয়াও সমস্যাবিহীন নহয়। কোনে কব পাৰে, কাৰ সাধ্য আছে প্ৰতি গছৰ ঠাল কিমান ঠালে প্ৰতি পাত কিমান? কোনে কব পাৰে প্ৰকৃতিত কতনো ব্যাপাৰ ঘটিছিল, কতনো ঘটিছে আৰু আগলৈ কিমান ঘটিব?[৫]
মন্তব্য
  • শ্ৰীযুত সৰ্বেশ্বৰ কটকী প্ৰণীত “তত্ত্ব আৰু তথ্য” বোলা পুথিখন মই পঢ়ি চাইছোঁ। ইয়াৰ ভিতৰত সৰ্ব্বমুঠ ৯ টি প্ৰৱন্ধ আছে। প্ৰথম চাৰিটা প্ৰৱন্ধৰ বিষয়বিলাক গভীৰ। মই জনাৰ ভিতৰত এইবিলাক কথা আধুনিক অসমীয়া সাহিত্যত পোৱা নাযায়। ইংৰাজী নপঢ়িলে অসমীয়া মানুহে এইবিলাকৰ বিষয়ে একো জানিব নোৱাৰিছিল। কটকীদেৱে এনেবোৰ তথ্য অসমীয়া সাহিত্যৰ ভিতৰলৈ আনি সেই সাহিত্যক বিশেষৰূপে চহকি কৰিছে আৰু ইংৰাজী নজনা মানুহে এনেবোৰ কথা জানিবলৈ উপায় কৰি দিছে। সেইবাবে কটকীদেৱ অসমীয়া ৰাইজৰ শলাগ পাবৰ পাত্ৰ। বাকী প্ৰৱন্ধ বিলাকতো জানিবলগীয়া কথা বহুত আছে। ইহঁতৰ বিষয়বিলাক অৱশ্যে ঐতিহাসিক। কিন্তু আজিলৈকে অসমদেশৰ যিবিলাক বুৰঞ্জী লিখা হৈছে তাত এইবিলাকৰ বিষয়ে বহুত কথা পোৱা নাযায়। কিছুমান কথাৰ নাম মাথোন আমাৰ মানুহৰ জনা আছে, বস্তুবোৰ আচলত কি বা কেনেকুৱা তাক জানিবৰ উপায় নাছিল। কটকীদেৱে তাৰ উপায় কৰি দিছে। পুথিখনৰ ভাষাও উজু আৰু সুন্দৰ। ই ওখ খাপৰ স্কুলৰ পাঠ্যস্বৰূপে ব্যৱহাৰ হবৰ উপযুক্ত। মই আশা কৰো আমাৰ শিক্ষা বিভাগৰ গৰাকীসকলে পুথিখন তেনেবিধৰ স্কুলত চলাই প্ৰণেতাক উৎসাহিত কৰিব আৰু এনেবিলাক কথা শিকিবলৈ অসমীয়া ছাত্ৰক সুচল কৰি দিব।”
    • সত্যনাথ বৰা, গুৱাহাটী, ২৬।৬।২৫[৬]
:s:
:s: