সৌম্যদ্বীপ দত্ত

ৱিকিউদ্ধৃতিৰ পৰা

সৌম্যদ্বীপ দত্ত অসমৰ এগৰাকী প্ৰকৃতিবিদ, লেখক আৰু বৌদ্ধ-সংস্কৃতিৰ গৱেষক।[১] উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী 'নেচাৰ্চ বেকন' নামৰ সংগঠনটোৰ তেওঁ প্ৰতিষ্ঠাপক সঞ্চালক। যোৱা ৩০ বছৰৰ অধিক কাল ধৰি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত চৰাই-চিৰিকতি, জীৱ-জন্তুৰ লগতে অভয়াৰণ্য আদিৰ বিষয়ে তেওঁ পৰ্যবেক্ষণ কৰি আহিছে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. এই অৰণ্য যেন এটা যাত্ৰাৰ আখৰাঘৰ। যেন এখন বাৰেচহৰীয়া ভাওনাৰ বিশাল অৰণ্য পথাৰ। ইয়াত প্ৰতি মুহূৰ্ততে চলিছে কিছুমান জীৱন-নাটকৰ মুহূৰ্ত। সেই মুহূৰ্তবোৰৰ সাক্ষী হোৱাৰ বাবে মোৰ এই অৰণ্যত বিচৰণ, অকল দৃষ্টিৰে নহয়- হৃদয়েৰে মই অনুভৱ কৰিব খোজোঁ এই অৰণ্যক।[২]
  2. প্ৰকৃতি মাতৃয়ে তেওঁৰ সৃষ্টি তথা সংৰচনাত সদায় ভাৰসাম্য ৰক্ষা কৰি চলিব পৰা এটা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰি থৈছে। আধুনিক মানুহৰ বাহিৰে এই প্ৰৱৰ্তনৰ বিৰোধিতা কোনো প্ৰাণীয়ে ইচ্ছাকৃতভাৱে কৰা নাই।
  3. যি শক্তি কোনো ব্যক্তিবিশেষৰ নহয়, সেই শক্তি আছে প্ৰকৃতিৰ মাজত। সমগ্ৰ বিশ্ব এক প্ৰাণসত্তাৰ অখণ্ড সমুদ্ৰ। সকলো বুদ্ধি আৰু চেতনাৰ উৎস সেই প্ৰাণসত্তা। আমাৰ ব্যক্তিচৈতন্য সেই অনন্ত চৈতন্যৰ প্ৰকাশ বা প্ৰতিবিম্ব। সাগৰ-তৰংগৰ দৰে জীৱনপ্ৰৱাহৰ আদি-অন্ত বিচাৰি পোৱাটো দুৰূহ। ব্যক্তিগত জীৱন সেই অসীম জীৱন-সাগৰৰ বুকুত এটা এটা প্ৰবাহ। অনন্ত কাল আমি জীৱনপ্ৰবাহৰ সাগৰত ভাঁহি ফুৰিছোঁ, ৰচনা কৰি চলিছোঁ এটা এটা বৃত্ত। আদি-অন্তহীন অতীত আৰু ভৱিষ্যৎ জীৱনধাৰা আমাৰ জীৱনে গঢ়ি লৈছে।[৩]

তথ্য সূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Soumyadeep Datta. প্ৰকাশক: www.ashoka.org. আহৰণ কৰা হৈছে: 13 June 2019.
  2. 'উদ্ভাসিত মায়াবন', পৃষ্ঠা ৬৫; প্ৰথম প্ৰকাশ: ফেব্ৰুৱাৰী, ২০২১; বনলতা
  3. 'উদ্ভাসিত মায়াবন', পৃষ্ঠা ১২৬; প্ৰথম প্ৰকাশ: ফেব্ৰুৱাৰী, ২০২১; বনলতা