সমললৈ যাওক

সিদ্ধাৰ্থ শৰ্মা

ৱিকিউদ্ধৃতিৰ পৰা

সিদ্ধাৰ্থ শৰ্মা হৈছে অসমৰ এজন অভিনেতা। তেওঁ প্ৰধানকৈ ব্যংগ অভিনয়ৰ বাবে বিখ্যাত। অসমীয়া সমাজত তেওঁ কে.কে দা বুলি জনপ্ৰিয়। কে.কে. হৈছে অসমৰ ৰেঙনি টি.ভি.ত সম্প্ৰচাৰিত আটাইতকৈ জনপ্ৰিয় ধাৰবাহিক ‘বেহাৰবাৰী আউট পোষ্ট’ৰ চৰিত্ৰ কৃষ্ণ কমল খাটনিয়াৰৰ চুটি বা বহুল সমাদৃত নাম। অসমীয়া কমেডীৰ জগতখনত নিৰ্মল হাস্যৰস প্ৰদানেৰে তেওঁ জিলিকি উঠিছে। তেওঁ বেহাৰবাৰী আউট পোষ্টৰ লগতে শুকুলা মেঘৰ ছাঁ, তুমি দুচকুত কাজল ল’লে, জোনাকৰ বৰষুণ আদি ধাৰাবাহিক আৰু আইদেউ, খেল, কোঁৱৰপুৰৰ কোঁৱৰ, খেল ইত্যাদি চলচ্চিত্ৰত অভিনয় কৰিছে।[]

  1. আচলতে আমি অভিনয়ৰ লগত জড়িতসকলে দুটা জীৱন জীয়াই থাকোঁ। এটা হ’ল কে কেৰ ৰিল লাইফ আনটো সিদ্ধাৰ্থ শৰ্মাৰ ৰিয়েল লাইফ। বাস্তৱৰ চৰিত্ৰটোৰ লগত যিমান সময় থাকোঁ অভিনীত চৰিত্ৰটিকো প্ৰায় একে সময় দিব লগা হয়। []
  2. ভবা নাছিলোঁ অভিনেতা হ’মগৈ বুলি কিন্তু হ’লোঁগৈ আৰু। []
  3. ভবা নাছিলোঁ অভিনয় কৰি যে খাব পাৰিম। কিন্তু মোৰ এটা দৃঢ়তা আছিল যে অভিনয়ক পেচা হিচাবে ল’বলৈ হ’লে খাব পৰাকৈ ল’ম।[]
  4. মোৰ অংগী ভংগী নাছিল কিন্তু কথা বহুত বেছি কৈছিলোঁ। নক’বলগীয়া ঠাইতো মই কথা কমেই আৰু। নৱদাই তেতিয়া লেকাম ডাল ধৰিছিল, বেলেগে যেতিয়া কয় অমুকে কথা বেছি কয় তেতিয়া ভাবোঁ এইবোৰ নকৰাকৈ মইনো কেনেকৈ থাকিব পাৰোঁ। তাৰ পাছত এক ডেৰ বছৰ ধৰি নিজকে শিকালোঁ কেনেকৈ কথা ক’ব লাগে। মানুহে মডুলেচন (কথাৰ সুৰ)বোৰতো ৰস পাই, সব কথাতেই চিঞৰ বাখৰ কৰি হহুঁৱাব লাগে বুলি মই নাভাবোঁ। মানুহে হাঁহক কিন্তু মই যাতে বেছি কৰিছোঁ বুলি নাভাবে সেইটো মনত ৰাখিয়েই চিনবোৰ কৰি যাওঁ। মানুহে ফূৰ্তি পাই হাঁহি হাততালি দিলে প্ৰতিজনৰ মনত বেছি কৰাৰ প্ৰৱণতা এটা আহিয়েই যায়। প্ৰতিজন অভিনেতাৰে আহে, মোৰো আহে। সেইসময়ত মই প্ৰচণ্ড ধৈৰ্য ধৰোঁ, কেতিয়াবা মোৰো বেছি হৈ যায় কিন্তু প্ৰায়েই নহয়। []
  5. কোনোবা দিনা মোৰ এনেকুৱা লাগে যেন মই এশ বছৰ জীয়াই থাকিম। ইমান ভাল লাগে যেন ক’ৰবাত পাহাৰ এটাৰ শিখৰত উঠি চিঞৰি দিম। ইমান স্ফূৰ্তি লাগে। কিন্তু কেতিয়াবা এনেকুৱা লাগে যেন ঠাইতে মাৰি নিয়া প্ৰভু। মই নেথাকো আউ। এনেকুৱা হয়৷ []
  6. ইংৰাজী আৰু হিন্দীৰ খুবেই প্ৰয়োজন। নক’লেও ভাষাটো অলপ জানি থোৱাটো ভাল। []
  7. মোৰ প্ৰেমটো মানে মোৰ ভিতৰি থাকে। মই মিঠা মিঠাকৈ একো ক’বও নাজানো। মই কামটো কৰি দিব পাৰিম, তেওঁৰ কাৰণে গেবাৰি কৰি দিব পাৰিম কিন্তু প্ৰকাশ কৰিব নোৱাৰোঁ। []
  8. চেলিব্ৰিটি হিচাপে যিটো ফিলিঙছ, সেইটো মানে অনুভৱ কৰিলে অলপ মূৰত ধৰে। মানে চিনিয়ৰ হ’লে অলপ ক্ষতি হয়। মানে চিনিয়ৰ দেই৷ উঠি দিয়ে যে, এনেকুৱা। ইয়াত আমাৰ যিখিনি মোতকৈ সৰু, মই কাষত ৰ’লে উঠি দিয়ে। সেইবিলাকে মোক অশান্তি কৰে। []
  9. মই কৰা আৰু মোৰ জনপ্ৰিয় হোৱা আৰু মোৰ অভিনয় সত্বাটোক মই মোৰ জীয়াই থকালৈকে জীয়াই ৰখা বেলেগ বেলেগ কথা৷ এটা কাম, নিজে ভালপোৱা কাম এটা সততাৰে গোটেই জীৱন কৰি থকাটোৱেহে বোলে মানে জয়![]
  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ সাক্ষাৎকাৰ– অভিনেতা সিদ্ধাৰ্থ শৰ্মা (কে কে)ৰ সৈতে এখন্তেক।. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ ফেব্ৰুৱাৰী ২০১৯). আহৰণ কৰা হৈছে: 25 মে' 2024.