সাহিত্য উপক্ৰমণিকা
অৱয়ব
সাহিত্য উপক্ৰমণিকা (ইংৰাজী: Sahitya Upakramanika) হৈছে মহেন্দ্ৰ বৰাৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ। এই গ্ৰন্থখনৰ ষষ্ঠ সংস্কৰণ বনলতা প্ৰকাশনে ২০১২ চনত প্ৰকাশ কৰে।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সকলো নাট্যকাৰৰেই মূল লক্ষ্য দুটা: প্ৰধানকৈ যিমান সোনকালে পাৰি সিমান সোনকালে পাঠক-দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰা; আৰু দ্বিতীয়তঃ, পাঠক দৰ্শকৰ কৌতূহল শেষ পৰ্যন্ত ক্ৰমান্বয়ে বঢ়াই নিয়া। এই দুয়োটা লক্ষ্যত উপনীত হোৱাৰ ৰাজ-আলি মাথোন এটা - নাটকৰ 'ক্ৰিয়াশীলতা'।" ক্ৰিয়াশীলতাৰ অৰ্থ হ'ল, ঘটনা আৰু চৰিত্ৰৰ গতিশীল ৰূপান্তৰ আৰু ভাবান্তৰ। প্ৰকৃতিৰ নিশ্চল সৌন্দৰ্য যিদৰে নাটকৰ বিষয়বস্তু, জীৱনৰ চলমান প্ৰাণস্পন্দন আৰু বৈচিত্ৰ্যপূৰ্ণ অৱস্থান্তৰ সেইদৰে নাটকৰ বিষয়বস্তু। উপমাৰ ভাষাত ক'ব পাৰি, শাৰী শাৰী দেৱদাৰু গছৰ সৌন্দৰ্য কবিতাৰ বিষয়বস্তু, আৰু শাৰী পাতি থিয় হৈ থকা দৌৰ-প্ৰতিযোগীৰ দৌৰ আৰম্ভ কৰাৰ পাছত আগবাঢ়ি নাইবা পিছপৰি যোৱাৰ ঘটনাৰ বৈচিত্ৰ্যই নাটকৰ বিষয়বস্তু। কাৰণ, সেই বৈচিত্ৰ্যই দৰ্শকৰ মনত শেষ পৰ্যন্ত উত্তেজনাৰ খোৰাক যোগাই ৰয়।[২]
- ৰূপবস্তুৰ আৰ্হি চাই কবিতাৰ অসংখ্য ৰূপ। দৃষ্টান্তৰূপে: মহাকাব্য, খণ্ডকাব্য, গীতি-কবিতা, প্ৰশস্তি-কবিতা, শোক-কবিতা, মালিতা', চতুৰ্দশপদী কবিতা”, ব্যংগ-কবিতা ইত্যাদি।[৩]
- ভাৰতীয় আলংকাৰিকসকলে মহাকাব্যৰ লক্ষণ নিৰ্দেশ কৰোঁতে বহিৰংগৰ ওপৰতেই অধিক গুৰুত্ব প্ৰদান কৰিছে।[৪]
- চনেট' শব্দটোৰ আচল অৰ্থ হ'ল, মৃদু ধ্বনি।[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ বৰা, মহেন্দ্ৰ (December, 2012)। সাহিত্য উপক্ৰমণিকা। বনলতা। আহৰণ কৰা হৈছে: 07 july 2024।
- ↑ সাহিত্য উপক্ৰমণিকা 2012, পৃষ্ঠা. 70-71.
- ↑ সাহিত্য উপক্ৰমণিকা 2012, পৃষ্ঠা. 43.
- ↑ সাহিত্য উপক্ৰমণিকা 2012, পৃষ্ঠা. 44.
- ↑ সাহিত্য উপক্ৰমণিকা 2012, পৃষ্ঠা. 54.
- গোস্বামী, ড° গোলোকচন্দ্ৰ (2012)। সাহিত্য উপক্ৰমণিকা। বনলতা।