সাহিত্য-বাদবৈচিত্ৰ্য (গ্ৰন্থ)
অৱয়ব
সাহিত্য-বাদবৈচিত্ৰ্য গ্ৰন্থখনৰ লিখক নগেন শইকীয়া৷ গ্ৰন্থখনত পাশ্চাত্যতত্ত্ব (বাদ) সম্পৰ্কে আলোচনা কৰা হৈছে৷
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- প্ৰশ্ন হ'ব পাৰে, মহৎ সাহিত্যৰ সংজ্ঞা কি? চমুকৈ ক'বলৈ হ'লে যি সাহিত্যই স্থান, কাল, পাত্ৰৰ অজস্ৰ পৃথকতা থকা সত্ত্বেও যি কোনো কালৰ, যি কোনো দেশৰ, যি কোনো ভাষাৰ, যি কোনো সম্প্ৰদায়ৰ, যি কোনো বিশ্বাস বা মতবাদৰ মানুহৰ অন্তৰত সদৃশ মানৱীয় ভাব, অনুভৱ আৰু কল্পনাৰ জাগৰণ ঘটাব পাৰে, বা এক কথাত ক'বলৈ হ'লে সকলো সীমাৰ ঊৰ্ধত মানৱীয় চেতনাৰ জাগৰণ ঘটাব পাৰে, সেয়ে মহৎ সাহিত্য; সেয়ে বিশ্ব সাহিত্যও। পৃথিৱীব সৰু ভাষা এটিত ৰচিত সাহিত্যয়ো তেনে মহতত্ত্ব লাভ কৰি বিশ্ব-সাহিত্য হ'ব পাৰে।[১]
- যথাৰ্থতে ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদ হ'ল মানুহৰ উপলব্ধিৰ একোটা সময়ৰ সৰ্বোচ্চ স্তৰ। এই স্তৰটো যিসকলে লাভ কৰিছে তেওঁবিলাকৰ ৰচনাত স্বাভাৱিকভাবে এক সাৰ্বজনীন ইন্দ্ৰিয়াতীত বোধৰ প্ৰকাশ ঘটে। কেতিয়াবা সেই বোধ সৰ্বেশ্বৰবাদলৈ ৰূপান্তৰিত হয় আৰু কেতিয়াবা কোনো এক বিশেষ আধাৰক কেন্দ্ৰ কৰি অভিব্যক্ত হয়। এক প্ৰকাৰ ক'বলৈ গ'লে ব্ৰহ্মবাদী ঋষি আৰু ৰহস্যবাদী কবি দুয়োৰে মাজত মৌলিক পাৰ্থক্য নাই; আছে কেৱল অভিব্যক্তিৰ পাৰ্থক্য।[২]
- 'ৰোমাণ্টিক' শব্দটো অসমীয়া ভাষালৈ সোমাই আহিছে উনবিংশ শতিকাৰ শেহৰ ফালেহে। তেতিয়াৰে পৰা এই শব্দটোৰ অসমীয়া পৰিভাষা স্বৰূপে 'নৱন্যাস' শব্দটো ব্যৱহৃত হৈ আহিছিল। কবি-সমালোচক ড° মহেন্দ্ৰ বৰাই ১৯৭৬ চনত 'ৰোমাণ্টিক' শব্দটোৰ অসমীয়া পৰিভাষা স্বৰূপে 'বমন্যাস' এই শব্দটো তেওঁৰ 'ৰমন্যাসবাদ' নামৰ গ্ৰন্থখনিত ব্যৱহাৰ কৰে। ৰোমাণ্টিক শব্দটোৰ লগত থকা ধ্বনিগত মিল থকা আৰু ৰমণীয়াৰ্থ প্ৰতিদানৰ ইংগিত-সূচক শব্দটো তেতিয়াৰ পৰা অসমীয়াত ব্যৱহৃত হ'বলৈ ধৰে।[৩]
- 'আধুনিক' এই শব্দটো কালগতভাৱে পৰিৱৰ্তনশীল অৰ্থৰ দ্যোতক। অৰ্থাৎ কোনো এটা বিষয়ে প্ৰচলিত ধাৰা ত্যাগ কৰি নতুন এটা ধাৰা গ্ৰহণ কৰিলেই বিষয়টো আধুনিক বুলি চিহ্নিত হয়। অৱশ্যেই সমকালীনভাৱে পুৰণি ধাৰাও চলি থাকিব পাৰে। কালগতভাৱে সমকালীন হ'লেও নতুন পৰিৱৰ্তন নঘটিলে কোনো বিষয়কে আধুনিক বুলি কোৱা নহয়। অৰ্থাৎ, কোনো বিষয়ত (সেই বিষয় সাহিত্য-শিল্পৰহে যে বিষয় হ'ব লাগিব এনে নহয়, বৰং ঘৰ-দুৱাৰ, পোছাক-পৰিচ্ছদ, আচবাব, পিন্ধা-উৰা, খোৱা-বোৱা, আচাৰ- ব্যৱহাৰ, কথা-বতৰা সকলো বিষয়ত) প্ৰচলিত ৰীতি বা ধাৰা বা সমল বা দৃষ্টিভংগীত আগতে নথকা কোনো ৰূপ, ৰীতি, দৃষ্টিভংগীৰ প্ৰয়োগেই বিষয়টোক 'আধুনিক' কৰি তুলিব পাৰে। নতুন বিষয়ৰ সংযোজনেই 'আধুনিক'। অৰ্থাৎ, ভাব বিষয় আৰু ৰূপ- ৰীতিত ঘটা পৰিৱৰ্তনৰ মাজত 'আধুনিকতা'ৰ পৰিচয় ফুটি উঠে। এতেকে, এই অৰ্থত মানুহৰ সভ্যতাৰ প্ৰতিটো অগ্ৰগ্ৰামী খোজেই আধুনিক।[৪]
- 'আধুনিকতাবাদ' হ'ল এক বিশিষ্ট ৰাজনৈতিক-অৰ্থনৈতিক-সামাজিক আৰু বৌদ্ধিক পৰিমণ্ডলত গঢ় লৈ উঠা এটা জীৱনবোধৰ দ্বাৰা নিয়ন্ত্ৰিত শিল্প-সাহিত্যত ঘটা আন্দোলন। একান্তভাবে ব্যক্তিনিষ্ঠ এই আন্দোলন বস্তুজগতৰ পৰিৱৰ্তে মনোজগতৰ লগত জড়িত; ঐতিহ্যৰ পৰিৱৰ্তে ঐতিহ্য ভাঙি নতুন বাট উলিওৱা প্ৰৱণতাৰ লগত জড়িত। এই আন্দোলনে অৱশ্যেই জীৱন-সম্পৰ্কীয় কিছু মৌলিক প্ৰশ্ন আৰু সন্দেহ উত্থাপন কৰিলে। এই প্ৰশ্ন আৰু সন্দেহসমূহ এতিয়াও আছে আৰু হয়তো আগলৈও থাকিব।[৫]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ সাহিত্য-বাদবৈচিত্ৰ্য, কৌস্তমুভ প্ৰকাশন দশম মুদ্ৰণ ২০১৭, পৃষ্ঠা. ৯.
- ↑ সাহিত্য-বাদবৈচিত্ৰ্য, কৌস্তমুভ প্ৰকাশন দশম মুদ্ৰণ ২০১৭, পৃষ্ঠা. ১৫.
- ↑ সাহিত্য-বাদবৈচিত্ৰ্য, কৌস্তমুভ প্ৰকাশন দশম মুদ্ৰণ ২০১৭, পৃষ্ঠা. ১৭.
- ↑ সাহিত্য-বাদবৈচিত্ৰ্য, কৌস্তমুভ প্ৰকাশন দশম মুদ্ৰণ ২০১৭, পৃষ্ঠা. ৩১.
- ↑ সাহিত্য-বাদবৈচিত্ৰ্য, কৌস্তমুভ প্ৰকাশন দশম মুদ্ৰণ ২০১৭, পৃষ্ঠা. ৪৪.