সাঁচ:আজিৰ উদ্ধৃতি/জানুৱাৰী-২০২৪/১৭

ৱিকিউদ্ধৃতিৰ পৰা
“‘ৰূপান্তৰেহে মাথোঁ জগৎ ধুনীয়া কৰে’ বুলি অন্তৰৰো অন্তঃস্থলৰ পৰা বিশ্বাস কৰা জ্যোতিপ্ৰসাদে মানুহৰ ৰুচিবোধ আৰু মনোজগতৰ ৰূপান্তৰতে ক্ষান্ত হোৱা নাছিল। স্পষ্ট আৰু দ্বিধাহীন ভাষাত তেওঁ সমাজৰ ৰূপান্তৰ বিচাৰিছিল, সকলো ধৰণৰ শোষণ-দমনৰ অৱসান গভীৰ প্ৰত্যয়েৰে দাবী কৰিছিল। যিসকলে সমাজৰ ৰূপান্তৰৰ সম্ভাৱনাত ভীতিগ্ৰস্ত হৈ মানৱ-মনৰ অভ্যন্তৰীণ শোধন আৰু সংস্কাৰতে জোৰ দি থাকে, তেওঁলোকে জ্যোতিপ্ৰসাদৰ চিন্তাৰ এই ভাৰসাম্য বিকৃত কৰে।”
~ হীৰেন গোহাঁই ~