সন্দীপ মহেশ্বৰী

ৱিকিউদ্ধৃতিৰ পৰা

সন্দীপ মহেশ্বৰী (ইংৰাজী: Sandeep Maheshwari) ভাৰতৰ এগৰাকী উদ্যোক্তা, ইউটিউবাৰ আৰু প্ৰেৰণাদায়ী বক্তা৷ তেওঁ বিশ্বৰ সবাতোকৈ জনপ্ৰিয় অনুপ্ৰেৰণাদায়ী বক্তাসকলৰ ভিতৰত এজন৷

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সমস্যা আৰু সংগ্ৰাম যিমানেই ডাঙৰ হ’ব সফলতাও সিমানেই ডাঙৰ হ’ব৷[১]
  2. যেতিয়া আপুনি সংগ্ৰাম কৰে, তেতিয়া হয় সফল হ’ব নহয় বিফল হ’ব৷ দুয়োটা পৰিস্থিতিতে আপুনি শিকব আৰু আগবাঢ়িব৷[১]
  3. সফলতা শ্ৰেষ্ঠ হোৱাটো নহয়, কালিৰ তুলনাত ভাল হোৱাটোহে৷[১]
  4. আপুনি যিয়েই নকৰক, আগ্ৰহেৰে কৰক নহ’লে নকৰিব।[১]
  5. সফলতা অভিজ্ঞতাৰ পৰা আহে, আৰু অভিজ্ঞতা প্ৰাপ্ত হয় বেয়া অভিজ্ঞতাৰ পৰা।[১]
  6. যি ব্যক্তি কেতিয়াও বিফল হোৱা নাই, তেওঁ কেতিয়াও চেষ্টা কৰা নাই৷[১]
  7. পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণত নাথাকে কিন্তু আমি ইয়াৰ প্ৰতি কৰিব পৰা প্ৰতিক্ৰিয়া আমাৰ নিয়ন্ত্ৰণত থাকে।[১]
  8. আনৰ আধিপত্য বিস্তাৰ কৰিবলৈ নহয়, নিজকে জয় কৰিবলৈহে শক্তিশালী হওক৷[১]
  9. পৰাজয়লৈ ভয় নকৰিলে আপোনাক কোনেও কেতিয়াও পৰাস্ত কৰিব নোৱাৰে।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]