শ্বেখ হাছিনা

ৱিকিউদ্ধৃতিৰ পৰা
মস্কোৰ এখন সভাত শ্বেখ হাছিনা।

শ্বেখ হাছিনা ৱাজেদ (ইংৰাজী: Sheikh Hasina Wazed ; জন্ম ২৮ ছেপ্টেম্বৰ, ১৯৪৭) বাংলাদেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী। বাংলাদেশৰ একাদশ ৰাষ্ট্ৰীয় বিধানসভাৰ শাসকীয় দলৰ মুৰব্বী আৰু বাংলাদেশ আৱামি লীগৰ সভাপতি। বাংলাদেশৰ ইতিহাসত সৰ্বাধিক দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা তেওঁৱেই প্ৰথম।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মই বিচাৰো বংগবাসীৰ মুক্তি। শোষণৰ পৰা মুক্তি। বংগবন্ধুৱে বংগবাসীৰ মুখত হাঁহি বিৰিঙাবলৈ সংগ্ৰাম কৰিছিল। আজি যদি বংগৰ জনসাধাৰণৰ মুক্তি নাহে, তেন্তে মৃত্যু মোৰ বাবে ভাল।
    • ১৭ মে’ ১৯৮১, ঘৰলৈ উভতি অহাৰ পিছত মাণিক মিঞা এভিনিউত আয়োজিত গণ অভ্যৰ্থনা অনুষ্ঠানত।
  • সকলো শ্ৰেণীৰ মানুহৰ দুখ-কষ্টৰ কাৰণ এটাই। সেয়া হৈছে হত্যা আৰু ষড়যন্ত্ৰৰ জৰিয়তে ক্ষমতা পৰিৱৰ্তনৰ চেষ্টা। ষড়যন্ত্ৰ আৰু হত্যাকাণ্ডৰ দ্বাৰা ৰাজনৈতিক আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াটো যিদৰে বিঘ্নিত হৈছে তাৰ বাবেই আজি মানুহৰ দুখ-কষ্ট।
    • ১৯৮৪ চনৰ ১৪ অক্টোবৰ, শ্বেৰ বাংলা নগৰত ১৫ টা দলৰ ৰাষ্ট্ৰীয় সমাৱেশ।
  • মাটি আৰু মানুহৰ লগত ৰাজনীতি একত্ৰিত হ’ব লাগিব। সমাজৰ গভীৰ আৰু নিম্নতৰ স্তৰত উপনীত হ’ব লাগিব। ৰাইজৰ বিশ্বাসযোগ্য বন্ধু হিচাপে নিজৰ সততা আৰু সামৰ্থ্য প্ৰমাণ কৰিব লাগিব।
    • ১ জানুৱাৰী ১৯৮৭, বাংলাদেশ আৱামি লীগৰ দ্বি-বাৰ্ষিক পৰিষদৰ উদ্বোধনী অধিৱেশন।
  • অস্ত্ৰৰ ভাষা বুজি পোৱাসকলে, মুক্তিৰ ভাষা বুজি নাপায়। অস্ত্ৰ লৈ ক্ষমতালৈ অহাসকলে যুক্তি বুজি নাপায়, যুক্তি তেওঁলোকৰ বাবে অবোধগাম্য।
    • ৯ ফেব্ৰুৱাৰী ১৯৮৭, জাতীয় সংসদ, বাংলাদেশ।
  • স্বতন্ত্ৰ, নিৰপেক্ষ, গণমুখী আৰু বিশ্বাসযোগ্য সংবাদ মাধ্যম গণতন্ত্ৰৰ পূৰ্বচৰ্ত। আমি সকলোৱে গণতন্ত্ৰৰ বাবে যুঁজিছিলো।
    • ২৫ এপ্ৰিল ১৯৯১, জাতীয় সংসদ, বাংলাদেশ।
  • আৱামি লীগৰ আদৰ্শ হৈছে শোষণৰ পৰা মুক্ত এক উন্নত সামাজিক ব্যৱস্থা প্ৰতিষ্ঠা কৰা। আমাৰ মূল লক্ষ্য হৈছে জনকল্যাণ আৰু অৰ্থনৈতিক মুক্তি আৰু স্বাৱলম্বী অৰ্থনীতি।
    • ১১ ছেপ্টেম্বৰ ১৯৯৫, বাংলাদেশ আৱামি লীগৰ বিশেষ পৰিষদীয় অধিৱেশন।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: