সমললৈ যাওক

শৈলেন বৰকটকী

ৱিকিউদ্ধৃতিৰ পৰা

শৈলেন বৰকটকী অসমৰ এজন লেখক, গৱেষক৷ তেওঁ অসমীয়া মধ্যশ্ৰেণী শীৰ্ষক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ লিখিছে৷

অসমীয়া মধ্যশ্ৰেণী

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. উচ্চবিত্ত আৰু নিম্নবিত্ত- এই দুই শ্ৰেণীৰ মাজতেই মধ্যবিত্ত বা মধ্যশ্ৰেণীৰ অৱস্থান। কিন্তু দুয়োটা শব্দই দুটা যুগক প্ৰতিনিধিত্ব কৰে। সমাজত মধ্যবিত্ত শ্ৰেণীটো আগৰে পৰাই আছিল। অৰ্থনৈতিক বৈষম্য দেখা দিয়াৰ লগে লগে সমাজত মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱ আৰু বিকাশ হয়। এই শ্ৰেণীটো সামন্তীয় অৰ্থনীতিৰ ওপৰতে ব্ৰতী আছিল।[১]
  2. ওঠৰ শতিকাৰ ইংলণ্ডত উদ্ভৱ হোৱা শিল্প বিপ্লৰে আৰ্থ-সামাজিক তথা ৰাজনৈতিক দিশত সমাজলৈ যি পৰিৱৰ্তন আনিলে সিয়ে সমাজত এক নতুন মধ্যবিত্ত শ্ৰেণীৰ জন্ম দিয়ে যাৰ ৰুচি, মানসিকতা, মূল্যবোধ আৰু দৃষ্টিভংগী আগৰচাম মধ্যবিত্তকৈ বেলেগ। এই নতুন মধ্যবিত্ত শ্ৰেণীটোকেই "মধ্যশ্ৰেণী” বুলি সমাজবিজ্ঞানীসকলে অভিহিত কৰিছে। এই মধ্যশ্ৰেণীৰ মাজত দেখা পোৱা কিছুমান বৈশিষ্ট্য চমুকৈ এনে ধৰণৰ (ক) পূৰ্বৰ যৌথ চেতনা আৰু যৌথ স্বাৰ্থৰ সলনি ব্যক্তি চেতনা আৰু ব্যক্তি স্বাৰ্থৰ উদ্ভৱ, (খ) সাধনা আৰু অধ্যৱসায়ৰ পৰিৱৰ্তে সুবিধাবাদ, বিলাসিতা আৰু সস্তীয়া জনপ্ৰিয়তাৰ প্ৰতি মোহগ্ৰস্ততা, (গ) ধৰ্মীয় গোড়ামি, অন্ধবিশ্বাস তথা সামন্তযুগীয় ৰীতি-নীতিক নিৰ্বিবাদে মানি লোৱাৰ পৰিৱৰ্তে যুক্তিবাদ আৰু মানৱতাবাদক অগ্ৰাধিকাৰ, (ঘ) শ্ৰেণী স্বাৰ্থৰ খাতিৰতেই শাসন-শোষণৰ প্ৰতি তীব্ৰ লালসা, (ঙ) সামাজিক মান-মৰ্যাদাৰ স্বাৰ্থত মধ্যশ্ৰেণীৰ মাজত বৃদ্ধি পোৱা বিভিন্ন দুৰ্নীতি, জাল-জুৱাচুৰি আদি কু-কাৰ্য, (চ) ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত ভাৰসাম্যবক্ষাকাৰী হিচাপে বিভিন্ন প্ৰেচাৰ গ্ৰুপ (Pressure group)ত লোৱা মধ্যশ্ৰেণীৰ ভূমিকা।[১]
  3. অসমীয়া মধ্যশ্ৰেণীৰ উদ্ভৱ আৰু বিকাশ ব্ৰিটিছ শাসন কালতহে হৈছিল। ব্ৰিটিছে কঢ়িয়াই অনা পুঁজিবাদী অৰ্থনীতি, শিক্ষা-সংস্কৃতিয়ে অসমীয়া মধ্যশ্ৰেণীটোক জন্ম দিছিল। অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাসৰ সম্পৰ্কে ইতিমধ্যেই অসমীয়া বিদ্বৎ সমাজৰ মাজত বিস্তৰ আলোচনা-বিলোচনা হৈ গৈছে। এই ক্ষেত্ৰত ড° হীৰেন গোহাঁইৰ নাম সৰ্বাগণ্য।[১]
  4. ঊনবিংশ শতিকা অকল অসমৰ বাবেই নহয় আনকি সমগ্ৰ ভাৰতৰ বাবেই এক বিস্ময়। যিহেতু এই শতিকাতেই (যদিও ওঠৰ শতিকাৰ শেষ দশকতেই ভাৰতৰ শাসনৰ বাঘজৰীডাল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ হাতৰ মুঠিলৈ আনিছিল) ভাৰতৰ আৰ্থ-ৰাজনৈতিক তথা সামাজিক-সাংস্কৃতিক জগতখনলৈ এক বিৰাট পৰিৱৰ্তনৰ ঢৌ আহিছিল। পশ্চিমীয়া পুঁজিবাদী অৰ্থনীতি, শিক্ষা-সংস্কৃতি আৰু যুক্তিবাদে ভাৰতৰ সামন্তবাদী সমাজখনক তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছিল।[১]
  5. ব্ৰিটিছ সাম্ৰাজ্যবাদী শ্ৰেণীৰ প্ৰত্যক্ষ শাসনে ভাৰতত যি এটি মধ্যশ্ৰেণীৰ জন্ম দিছিল সেই শ্ৰেণীয়ে পাশ্চাত্য শিক্ষাৰে শিক্ষিত হৈ দেশৰ সামন্ততান্ত্ৰিক ৰীতি-নীতিসমূহক যুক্তিবাদী মানৱিক দৃষ্টিভংগীৰে সমালোচনা কৰিবলৈ লৈছিল আৰু সেইবোৰক সংস্কাৰৰ বাবে শাসকশ্ৰেণীৰ সহযোগত সমগ্ৰ ভাৰততেই এটি সংস্কাৰবাদী আন্দোলনৰ জন্ম দিছিল। এই আন্দোলনৰ নেতৃত্ব লৈছিল বংগদেশত জমিদাৰ আৰু কোম্পানীৰ কৰ্মচাৰী, বোম্বাইত (মুম্বাই) ধনী পাৰ্টী আৰু মাদ্ৰাজত ব্যৱসায়ী শ্ৰেণীয়ে। এই আন্দোলনৰ প্ৰথম প্ৰতিনিধি আছিল বংগদেশৰ বিখ্যাত জমিদাৰ ৰাজা ৰামমোহন ৰায়।[১]