শীলভদ্ৰ
অৱয়ব
ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। তেওঁ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ গণিত বিষয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক আছিল৷ আশী আৰু নব্বৈৰ দশকত তেখেতে, তেখেতৰ জন্মস্থানক লৈ কিছুমান গল্প লিখিছিল। তেখেতে ১৯৯৪ চনত “মধুপুৰ বহুদূৰ’’ চুটিগল্প সংকলনখনৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। তেওঁ শীলভদ্ৰই বহু গল্প-উপন্যাস হিন্দী, বঙালী আদি ভাষালৈ অনূদিত কৰে। ভাৰতীয় জ্ঞানপীঠে 'অনুুসন্ধান' আৰু 'অপৰাজেয়' উপন্যাস হিন্দীলৈ আৰু নেচনেল বুক ট্ৰাষ্টে 'অবিচ্ছিন্ন' আৰু 'গধূলি' উপন্যাস বঙালী আৰু হিন্দীলৈ অনুবাদ হৈছে। ২০০৮ চনৰ ২৯ ফেব্ৰুৱাৰীত তেখেতৰ মৃত্যু হয়৷
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- শক্তিমানৰ নিৰঙ্কুশ শক্তিৰ আস্ফালন দেখিছোঁ, বিত্তবানৰ দম্ভ দেখি আছোঁ। নিষ্পেষিত জনগণৰ হাহাকাৰো শুনি আছোঁ আৰু দেখি আছোঁ আশাহত যৌৱনৰ ক্ষোভ আৰু ক্ৰোধৰ বিচিত্ৰ প্ৰকাশ। মনত বিপৰিতমুখী অনুভূতিৰ উদয় হৈ থাকে। তাকে প্ৰকাশ কৰাৰ অক্ষম চেষ্টা কৰি আছোঁ। এই হ'ল মোৰ গল্প লেখাৰ পটভূমি। প্ৰতিজন গল্প লেখকে বোধহয় ইয়াকেই কৰি থাকে। যিজন লেখকৰ গল্পত এই অনুভূতিবোৰৰ যিমান নির্ভুলভাৱে প্ৰতিফলিত হয় তেওঁ সিমান সাৰ্থক গল্পকাৰ।[উৎসৰ প্ৰয়োজন]
- গল্পৰ বিষয়ে ক'বলৈ গৈ প্ৰথমেই এষাৰ কথা কৈ থওঁ। গল্প লেখাৰ কোনো নিৰ্দিষ্ট সূত্ৰ নাই। অংকৰ ভাষাত ক'বলৈ হ'লে ক'ব পাৰি যে গল্প লেখা হ'ল বহুতো চলকৰ ফলন অৰ্থাৎ a function of several variables. স্থান কালৰ কথাতো আছেই, তদুপৰি এখন সমাজৰ সামাজিক মূল্যবোধ, সাংস্কৃতিক পৰম্পৰা, অৰ্থনৈতিক অৱস্থা, ৰাজনৈতিক পৰিবেশ এই সকলোখিনিয়ে গল্পত প্ৰতিফলিত হয়। ইয়াৰ বাহিৰেও পাঠকৰ বয়স আৰু মানসিক স্তৰৰ ওপৰতো গল্পৰ আবেদন নিৰ্ভৰ কৰে।[উৎসৰ প্ৰয়োজন]
- জনসাধাৰণৰ পৰা বিচ্ছিন্ন হৈ মহৎ সাহিত্য সৃষ্টি কৰা সম্ভৱ নহয়৷ লেখকৰ দায়বদ্ধতা বুলি যদি কিবা থাকে, তেনেহ’লে সেইটো হ’ল, জনসাধাৰণৰ সৈতে একাত্ম হোৱা৷ গজদন্ত মিনাৰত থাকি জীৱন্ত আৰু প্ৰাণস্পন্দনসমন্বিত সাহিত্য সৃষ্টি কৰা সম্ভৱ নহয়৷[১]
- মানুহৰ অস্তিত্ব পৰস্পৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল৷[২]