শিখ ধৰ্ম
অৱয়ব
শিখ ধৰ্ম (ইংৰাজী: Sikhism) এটা একেশ্বৰবাদী ধৰ্ম। এই ধৰ্মৰ অনুসৰণকাৰী সকলক শিখ বুলি কোৱা হয়। খৃষ্টীয় পঞ্চদশ শতাব্দীত পঞ্জাবত এই ধৰ্ম প্ৰৱৰ্তিত হয়। এই ধৰ্মৰ মূল ভিত্তি গুৰু নানক দেৱ আৰু এখেতৰ উত্তৰসূৰী ১০জন শিখ গুৰুৰ (পবিত্ৰ ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ চাহিব এওঁলোকৰ মাজৰ দশমজন হিচাপে বিবেচিত হয়) ধৰ্মোপদেশ। শিখ ধৰ্ম বিশ্বৰ পঞ্চম বৃহত্তম ধৰ্মীয় গোষ্ঠী। 'শিখ' শব্দটো সংস্কৃত মূলৰ শব্দ 'শিষ্য' বা 'শিক্ষা' পৰা আহিছে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কথা ক’লেই মুখ তৃপ্ত নহয়, কাণ শুনিও তৃপ্ত নহয়। চকুৱে দেখি সন্তুষ্ট নহয়। প্ৰতিটো অংগই এটা সংবেদনশীল গুণ বিচাৰে। ভোকাতুৰৰ ভোক শান্ত নহয়; কেৱল কথাৰে ভোকৰ পৰা উপশম পোৱা নাযায়। হে নানক, প্ৰশংসনীয় প্ৰভুৰ গৌৰৱময় প্ৰশংসা উচ্চাৰণ কৰিলেহে ক্ষুধা দূৰ হয়।
- গুৰু অংগদ দেৱ, গুৰু গ্ৰন্থ চাহিব