সমললৈ যাওক

শংকুৰাজ কোঁৱৰ

ৱিকিউদ্ধৃতিৰ পৰা

শংকুৰাজ কোঁৱৰ হৈছে অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক, কণ্ঠশিল্পী[] আৰু ইউটিউবাৰ। তেওঁ অসমীয়া গীতৰ আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।[]

  1. সৰুৰে পৰাই অলপ গুণ গুণাই ভাল পাইছিলোঁ। মা-দেউতাহঁতেও পুৰণি অসমীয়া গীতসমূহ খুব শুনিছিল। মোক এইবোৰে আকৰ্ষণ কৰিছিল।[]
  2. মই আকৃষ্ট হৈছিলোঁ নতুন নতুন শব্দৰ প্ৰতি। সুন্দৰ শব্দৰ প্ৰয়োগ আৰু সঠিক ৰূপত প্ৰকাশ কৰিবলৈ মই বহু সময় যুজিছিলোঁ। আৰু ভাল লাগিছিল।[]
  3. মনৰ কিছুমান অনুভূতি সেই ৰূপতে ভাষাৰে বুজাব পৰা নাযায়। কিন্তু শব্দৰ সম্ভাৰে সেয়া সহায় কৰে আৰু নতুন শব্দ বিচাৰি পাওঁ। মই এনেকৈয়ে গীতসমূহত এই শব্দৰে অনুভৱ-অনুভূতি, ভাৱনা, দেশপ্ৰেম প্ৰকাশৰ চেষ্টা কৰোঁ। বহু সময় লাগে - ভাল লাগে মোৰ।[]
  4. প্ৰতিজন শিল্পী সমাজৰ প্ৰতি দায়বদ্ধ হৈ থাকে। মইও সেয়া মানি চলোঁ লগতে পৰিস্থিতি, চিন্তা, সমাজ-সচেতনতাই শিল্পীজনৰ লগতে সৃষ্টিৰাজিৰ সফলতাত ভূমিকা লয়।[]
  5. সম্প্ৰতি স্বকীয়তা বজাই ৰাখি আমাৰ পুৰণি স্বৰ , লিপি, এই সমূহৰ ব্যৱহাৰ ও সংৰক্ষণৰ হকে কাম কৰা উচিত।[]
  6. নতুন শিল্পীসকলে নিজৰ উদ্দেশ্য, ভাৱনা, মতাদৰ্শ আৰু সং-সংগঠিত সামাজিক বাৰ্তাৰে আমাৰ চিন্তা, সপোনবোৰক যাতে চুব পাৰে। সেয়া তেওঁৰ যি কলাৰ সহায়েৰে নহওক কিয় কোনোবাজনে কবিতাৰে। গানেৰে, চিত্ৰশিল্পৰে। এইবোৰত মাথোঁ লাগিব প্ৰৱল ইচ্ছা, সপোন।[]
  7. নতুন চিন্তা, সৃষ্টি যি কৰা যায় তাৰ বৰ্তমানৰ গ্ৰহণযোগ্যতাৰ গুণসমূহ লাগিব। []
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ বেদান্ত হাজৰিকা, মনোৰঞ্জন দত্ত (২০১৯). "নৱপ্ৰজন্মৰ উদীয়মান কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰৰ সৈতে সাক্ষাৎকাৰ". সমন্বয় : ১৬-১৮. 
  2. শংকুৰাজ কোঁৱৰৰ সৈতে বাৰ্তালাপ. প্ৰকাশক: prangon.in.