লোকনাথ গোস্বামী
অৱয়ব
লোকনাথ গোস্বামী অসমৰ এগৰাকী প্ৰসিদ্ধ লেখক, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক আৰু সমাজকৰ্মী। মঘাই বোলে ঢোলৰ মাত, আমোলমোল শেৱালিৰ গোন্ধ আদিৰ দৰে চিৰসেউজ গীতসমূহৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা লাভ কৰিছে। তেওঁ আকাশবাণী ডিব্ৰুগড়ৰ এগৰাকী অনাতাঁৰ শিল্পী আছিল। [১]২০১৯ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে তেখেতক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মঘাই ওজা বঁটা প্ৰদান কৰে।[২]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- হাস্যৰসৰ বা হাস্য-ব্যংগ সাহিত্যৰ সাধাৰণ মানুহৰ মাজত যিটো প্ৰভাৱ সেইটো অতি সুদূৰপ্ৰসাৰীৰ আৰু সাংঘাতিক বুলি মই ভাবোঁ। মই জীৱনত যেতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু পঢ়িছোঁ, তেতিয়া দেখিছোঁ যে সেই সাধুসমূহৰ মাজেদিয়েই হওক বা সেই সময়ৰ গীত-মাতবোৰৰ মাজেদিয়েই হওক বা কৃপাবৰ বৰবৰুৱাৰ কাৰ্টুন ছবিবোৰৰ মাজেদিয়েই হওক সেইবোৰ হাস্য-ব্যংগৰ উৎকৃষ্ট সমল আছিল।[১]
- অসমীয়া সংস্কৃতিৰ ভেটিটো হ’ল গ্ৰাম্য সংস্কৃতি।[১]
- ভাওনাৰ যিবোৰ শিশু চৰিত্ৰ হয় একলব্য হওক, ভক্ত প্ৰহ্লাদ হওক তাৰ পাছতে অন্ধ মুনিৰ অভিশাপ তাত সিন্ধু মুনি, হৰিশ্চন্দ্ৰ উপাখ্যান এইবোৰৰ কাহিনীবোৰ বৰ মূল্যবোধৰ কাহিনী। সেইবোৰৰ পৰা কিবা এটা সততা, মানুহক ভালপোৱা আৰু জীৱনৰ মূল্যবোধৰ শিক্ষা এটা পাইছিলোঁ। [১]
- মোৰ জীৱনৰ টাৰ্নিং পইণ্ট আচলতে নামৰূপলৈ চাকৰি কৰিবলৈ যোৱাটো। নামৰূপত গৈ মই এটা বেলেগ পৰিবেশ পালোঁ। তালৈ গৈ মই এখন কচমপলিটান চচাইটি দেখিলোঁ। আচলতে বৰঅসমখনক জানিব খুজিলে আপুনি কোকোৰাঝাৰলৈও যাব লাগিব কাকপথাৰলৈও যাব লাগিব। গৌৰীপুৰলৈও যাব লাগিব গোগামুখলৈও যাব লাগিব। হাফলংলৈও যাব লাগিব ডিফুলৈও যাব লাগিব, ওদালগুৰিলৈও যাব লাগিব আৰু বৰপেটা, বটদ্ৰবা সত্ৰলৈও যাব লাগিব।[১]
- মই মোৰ গানত কৈছোঁ যে “ৰংপী ৰাভা বসুমতাৰী নহয় ভিন পৰ” এই গীতটো মোৰ একেবাৰে হৃদয়ৰ পৰা ওলাই অহা গীত। কাগজত কেৱল কেচেট কৰিবলৈ লিখা গান নহয়।[১]
- সাংস্কৃতিক জগতখনত নতুন নতুন কাম কৰি থাকিবলৈ এপ্ৰিচিয়েচনৰ খুব দৰকাৰ। উৎসাহ উদ্দীপনাৰ খুব দৰকাৰ। বহু ক্ষেত্ৰত ইয়াৰ অভাৱে মানুহক অলপ হতাশো কৰে।[১]
- বিহুটো এতিয়া মধ্যবিত্তৰ পৰিচয়সূচক। অসমীয়া মধ্যবিত্ত যিফালে গৈছে বিহু সেইফালে গৈছে। মধ্যবিত্তৰ যদি পাখি গজিছে বিহুৰো পাখি গজিছে। মধ্যবিত্তই যদি উনৈশত বা বলাইছে বিহুৱেও উনৈশত বা বলাইছে। সেইবাবে, এই যে বিহুত কোনে মঞ্চত কি গাইছে নাগাইছে এইটো সমালোচনা কৰিবলৈ যোৱা হয়, এইবোৰ খুব উপৰুৱা কথা।মধ্যবিত্তৰ চৰিত্ৰ নুবুজিলে বিহু সম্পৰ্কীয় আলোচনা সমালোচনা বৃথা।[১]
- মই ভাবোঁ প্ৰগতি জাতীয় কথাবোৰ মুখৰ কথাত নহয়। ন্যায় নিষ্ঠা, আদৰ্শ এইবোৰ নাথাকিলে কেৱল মুখৰ কথাত প্ৰগতি নহয়।[১]
- যিটো জাতিৰ নতুন সৃষ্টি নাই সেই জাতি মৰি গ’লেও বেয়া পাই লাভ নাই। মই বেয়া নাপাওঁ।[১]
- মানুহ মূলতঃ অনুভৱী।দুখত দুখ, সুখত সুখ। হাঁহিলে হাঁহে, কান্দিলে কান্দে। গতিকে এনেকুৱা নহয় যে কিছুমান শিল্পীয়ে অকল সংগ্ৰামৰ গীতেই গায়। হৃদয়ত প্ৰেম-পিৰীতিৰ অনুভূতিও থাকে তাৰো বহিঃপ্ৰকাশ কেতিয়াবা নিজৰ নিজৰ সৃষ্টিৰ যোগেদি হয়।[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ গণশিল্পী লোকনাথ গোস্বামীৰ সৈতে অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ মে' ২০২১). আহৰণ কৰা হৈছে: 22 মে' 2024.
- ↑ ভট্টাচাৰ্য,স্মিতা (১৫ ছেপ্টেম্বৰ ২০১৯). বিশিষ্ট লোকশিল্পী লোকনাথ গোস্বামীক মঘাই ওজা বঁটা প্ৰদান. প্ৰকাশক: নৰ্থ-ইষ্ট নাও. আহৰণ কৰা হৈছে: 31 May 2020.