সমললৈ যাওক

লাভলীনা বৰগোঁহাই

ৱিকিউদ্ধৃতিৰ পৰা

লাভলীনা বৰগোহাঁই বা লাভলীনা বৰগোহাঞি এগৰাকী ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ। তেওঁ অসমৰ গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ আঁতৰৰ বাৰমুখীয়া গাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁই। তেওঁ ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁ ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ ৬৯ কিলোগ্ৰাম ৱেলটাৰৱেট শাখাত তৃতীয় স্থান অৰ্জন কৰিছিল।[] অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁ অসমৰ প্ৰথম গৰাকী মহিলা আৰু শিৱ থাপাৰ পিছত দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ দ্বিতীয় গৰাকী বক্সাৰ হিচাপে পৰিগণিত হৈছে।[] ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ মহিলাৰ ৱেল্টাৰৱেইট শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে।[] ২০২১ বৰ্ষত লাভলীনাক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান 'মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা'ৰ বক্সিঙৰ শিতানৰ বাবে মনোনীত কৰা হয়। []