সমললৈ যাওক

যুগল লোচন দাস

ৱিকিউদ্ধৃতিৰ পৰা

যুগললোচন দাস হৈছে অসমৰ এগৰাকী লেখক। তেওঁ অসমীয়া ভাষাৰ শিশু সাহিত্যিক হিচাপে বিখ্যাত।[১] শিশু সাহিত্যৰ উপৰিও বিস্ময়, ৰহস্য, মায়া আদি বিভিন্ন আলোচনীৰো নিয়মীয়া লেখক। বৰ্তমান তেওঁ সদৌ অসম অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উপ সভাপতি। যুগললোচন দাসে "লোচন ককাইদেউ" ছদ্মনামেৰে অনেক সাহিত্য ৰচনা কৰিছে।[২]১৯৬৮ চনৰ ১ জানুৱাৰীত শ্বিলঙৰ জোৱাইত যুগললোচন দাসৰ জন্ম হয়। তেওঁৰ পিতৃ শিশুৰাম দাস আৰু মাতৃ শশীপ্ৰভা দাস। [৩]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মানৱ জীৱনৰ আটাইতকৈ মধুৰতম সময়খিনিয়েই হ'ল শৈশৱৰ কালছোৱা। নিৰ্দোষ ধেমালি, অলীক কল্পনা আৰু বৈচিত্ৰ্যময় মনৰ অধিকাৰী হৈ পৰা শিশুসকলক কোৱা হয় 'দেৱশিশু'। কাৰণ এওঁলোকৰ মনত কোনো পাপ বেয়া চিন্তা নাথাকে। অতি সৰল অন্তৰৰ হয়। মিছা কথাও ক'ব নাজানে। স্পষ্টবাদীও হয় আৰু ভাল কথাবোৰ জনাৰ বাবে মনটো আগ্ৰহী তথা কৌতূহলপূৰ্ণ হৈ থাকে। সেইবাবেই শৈশৱৰ দিনবোৰ সদায় সোণোৱালী হৈ থাকে।[১]
  2. শিশুসকলক মই বৰ ভাল পাওঁ। মই নিজেই মোৰ শিশুকালত লগৰীয়াসকলৰ সৈতে প্ৰচুৰ খেলা ধূলা কৰিছিলোঁ। আমাৰ মাজত ঘটা ল'এআলিৰ আমোদজনক তথা ধেমেলীয়া কথা-কাণ্ডবোৰ মনত ৰৈ গৈছিল। সেইবোৰকে লৈ লিখিবলৈ আৰম্ভ কৰিছিলোঁ। মই এতিয়াও শিশুসকলৰ প্ৰতিটো কথা কাণ্ড গভীৰভাবে লক্ষ্য কৰোঁ। সিহঁতৰ মাজত চলা অলীক কল্পনা আৰু ৰসাল কথাবোৰ মনত ৰাখি থৈ দিওঁ। তেনেকৈ শিশুৰ ভাষাৰে কথাবোৰ গল্প-গদ্যত লিখোঁতে লিখোঁতে এজন শিশু-সাহিত্যিক হৈ পৰিলোঁ।[১]
  3. সকলো বস্তুৰে সাধনাৰ আঁৰত কোনো কোনো ব্যক্তি থাকে। সেয়া পুৰুষো হ'ব পাৰে অথবা নাৰীও।[১]
  4. কোন কাৰ কেনেকৈ প্ৰেৰণাৰ উৎস হ'ব পাৰে সেয়া সাহিত্যিকজনৰ ব্যক্তিগত কথা।[১]
  5. যিসকলে প্ৰচাৰবিমুখ হৈ নীৰৱে সাধনা কৰি আছে, তেওঁলোকে যথাযোগ্য স্বীকৃতি লাভ কৰি আছে আৰু থাকিব।[১]
  6. পিতৃ-মাতৃৰ চকুত সকলো সন্তানেই সমান। তেনেকৈ মোৰ কলমৰ পৰা সৃষ্ট সকলো ৰচনাই মোৰ বাবে সমান।[১]
  7. সকলোৰে লগত মিলি থকাটোৱেও জীৱন সুন্দৰ কৰে।[১]
  8. মই অনবৰতে সৃষ্টি-কল্পনাৰ জগততে বিচৰণ কৰি ফুৰোঁ। সেইবাবেই স্বতঃস্ফূৰ্তভাৱে অনুভৱবোৰ শব্দলৈ ৰূপান্তৰিত হৈ পৰে।[১]
  9. অধিক অধ্যয়ন কৰি নিজৰ ভাষাটোক শক্তিশালী কৰি ৰাখিবলৈ সাহিত্য চৰ্চা অটুত ৰাখিব লাগে।[১]
  10. ভাষা শিকাত আপত্তি নাই। কিন্তু নিজৰ মাতৃভাষাক কেতিয়াও অৱহেলা কৰিব নালাগে।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ পলী হাজৰিকা (আগষ্ট, ২০২০). জনপ্ৰিয় শিশু-সাহিত্যিক, সাংবাদিক যুগললোচন দাসৰ সৈতে কিছু অন্তৰংগ ক্ষণ. সাক্ষাৎকাৰ. প্ৰকাশক: অন্যযুগ. আহৰণ কৰা হৈছে: 30 মে' 2024.
  2. কলংপাৰ (মুখ্য সম্পাদক : গুৰমাইল সিং), সাপ্তাহিক কাকত,৪৬ সংখ্যা,২১জুলাই,২০২১
  3. https://www.axomkabyakanan.com/2020/10/blog-post.html?m=1#.X3XpqBq0IHk.facebook