মোৰ জীৱন সোঁৱৰণ
অৱয়ব
মোৰ জীৱন সোঁৱৰণ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী।[১]
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- প্ৰথমতে ককাই মোক কলপাতত ক,খ লেখিবৰ কৌশল শিকায় আৰু দিনৌ কলপাত কাটি আনি কেনেকৈ তাক ধূলিৰে মোহাৰি চাফ্ চিকুণ কৰি লৈ তাত আখৰ লেখিব লাগে তাৰ দিহা কৰি দিয়ে। খাগৰিৰ কাপ কাটি ল’বলৈ আৰু কেৰাহিৰ বা মাটিৰ চৰুৰ গাত লাগি থকা ছাইত চলু চলুকৈ গৰু-মুত সানি মহী কৰিবলৈ আৰু মহী থবলৈ মাটিৰ বা বাঁহৰ চুঙাৰ মৈলাম বাৰত আৰি থবলৈ মৈলামৰ কাণত জৰী লগোৱা ইত্যাদি বিদ্যাও ৰবিনাথ ককায়েই মোক দান কৰে।[১]
- ককাইদেউৰ বিয়াত মোৰ তুমুল অথচ নিস্ফল সংগ্ৰাম দেখি, মোক যে ডবুৱা কটাৰীৰে সতকাই কাটিব নোৱাৰা টান তামোল সেইটো সকলোৱে হৃদয়ঙ্গম কৰিছিল। সেইদেখি আগৰ মোৰ মাটিমহীয়া মাৰ দেখি পিছত মোৰ বিয়া পাতিবৰ অভিলাষ পোষণ কৰোঁতা তিলবোৰে বেঁতমেলিয়েই ৰল।[১]
- বান্দৰে মুকুতা-মালাৰ মোল নুবুজাৰ দৰে সেই কালত মই আয়ুৰ্বেদ শাস্ত্ৰৰ মোল নুবুজি অৱহেলা কৰিছিলোঁ। মোৰ মনত হৈছিল- “আচল বিদ্যাতো ইংৰাজী শাস্ত্ৰবিদ্যা; আৰু চিকিৎসাবিদ্যা শিকিব লাগে যদি পাশ্চাত্য এলোপাথিক ডাক্টৰী বিদ্যা। দেশীয় বেজৰ বিদ্যা বিদ্যাই নহয়। দেশীয় বেজালী বিদ্যা ঊনবিংশ শতাব্দীত বাতিল, অসাৰ্থক আৰু অলাগতীয়াল।”[১]
- ডাঙৰীয়া হৰিবিলাস আগৰৱালাৰ সুযোগ্য পুত্ৰ বন্ধুবৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাই কলিকতাৰ প্ৰেছিডেন্সি কলেজত পঢ়িথকা অৱস্থাত “জোনাকী” নামেৰে এখন মাহেকীয়া অসমীয়া কাকত উলিয়াবলৈ থিৰ কৰি আমাৰে সৈতে পৰামৰ্শ কৰিলে। মই তেওঁক এই কাৰ্য্যত নথৈ উৎসাহ দি “জোনাকী”লৈ প্ৰৱন্ধ লিখিবলৈ সাজু হলো।১৮১০ শকৰ মাঘ মাহত “জোনাকী” ৰ প্ৰথম সংখ্যা ওলাল। সেই সংখ্যাৰে পৰা এবছৰলৈকে লেছাৰি নিছিগাকৈ মোৰ “লাটিকাই” তাত ওলাবলৈ ধৰিলে।[১]
- মাতৃভাষাৰ ভালৰ অৰ্থে আমি অকল “জোনাকী” উলিয়ায়ে বহি থকা নাছিলো। “অসমীয়া ভাষা উন্নতি সাধীনি সভা” নামেৰে সভা এখন স্থাপন কৰি তাৰ উন্নতি সাধন কৰিবলৈ লাগি গৈছিলোঁহক। এই বছৰৰ “জোনাকী”ত ছপা হোৱা “অ.ভা.উ.সা.সভা”ৰ কাৰ্য-বিবৰণ পঢ়িলেই তাৰ আভাস পোৱা যায়।[১]
- জোন-তৰা মানুহৰ হাতে ঢুকি পোৱাহেঁতেন, মানুহে দুদিনতে সিহঁতৰ কণ-কঠীয়া মাৰিলেহেঁতেন।[১]
- মোৰ মনৰ বহল পথাৰখন বাইৰনৰ কবিতাই কোমলালে, শ্যেলিৰ কবিতাই হাল বালে, কীট্ছৰ কবিতাই মৈয়ালে আৰু ৰবীন্দ্ৰৰ কবিতাই এনে কৰিলে যে তাত লাহী ধানৰ কঠীয়াৰতো কথাই নাই বিহমনা, কোট্ কোৰা,পথৰুৱা বিহলঙনি আৰু চোৰাতকে আদিকৰি যিহৰে গুটি হওক পৰিলেই, সিয়েই ভৰভৰ কৰি গজি “মোক চা” কৈ উথিল।” (দ্বিতীয় ভাগ)
- “-আসমত অসমীয়া মানুহৰ ভিতৰত ধন লৈ ছোৱালী বিয়া কৰোৱা প্ৰথা নাই। অসমীয়াই অন্তৰেৰে সৈতে তেনেকুৱা প্ৰথাক ঘিণ কৰে। মই বঙ্গদেশৰ ভিতৰত শিক্ষিত সুমাৰ্জ্জিত আৰু শ্ৰেষ্ঠ পৰিৱাৰত বিবাহ সম্বন্ধেৰে বান্ধ খাবৰ নিমিত্তেহে প্ৰস্তুত হৈছো; বণিয়াৰ দৰে ধন-বিত বিচাৰি সেই কাৰ্য্য কৰিবলৈ ওলোৱা নাই।” (দ্বিতীয় ভাগ)
- মই এই মাথোন জানো যে প্ৰকৃত বিবাহ মাথোন পাৰ্থিৱ বস্তুৰ পাৰ্থিৱ মিলন নহয়; সি দুই আত্মাৰ(soul) আধ্যাত্মিক মিলন; আৰু ঈশ্বৰৰ ইচ্ছাত সংঘটিত ব্যাপাৰ। (দ্বিতীয় ভাগ)