সমললৈ যাওক

মৃদুলা বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

মৃদুলা বৰুৱা হৈছে অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী।[] চলচ্চিত্ৰৰ উপৰি মৃদুলা বৰুৱাই ৩০ খনৰো অধিক ভিচিডি ছবি[],কেইবাখনো হিন্দী আৰু অসমীয়া দূৰদৰ্শনৰ ধাৰাবাহিক আৰু টেলিফিল্মতো অভিনয় কৰিছে। ২০০০ চনত তেওঁ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰি দূৰদৰ্শনৰ দুখনমান ধাৰাবাহিকো প্ৰযোজনা কৰে। তেওঁ অসম চৰকাৰৰ বাবে দহখনমান ডকুমেণ্টৰীও প্ৰযোজনা কৰিছিল। অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা মূল্যৱান বৰঙণিৰ বাবে মৃদুলা বৰুৱালৈ অসমৰ সামাজিক-সাংস্কৃতিক সংগঠন অসম ষ্টাৰ-এ ২০২১ বৰ্ষত জীৱনজোৰা সাধনা বঁটা ঘোষণা কৰে। []

  1. বৰ ভাল লাগে মানুহে যেতিয়া স্বীকৃতি দিয়ে। কিয়নো কোনো এটা কাম কৰোঁতে কষ্ট বা ত্যাগ কৰিব লাগে। গতিকে তেনেকুৱা স্বীকৃতি পালে অন্তৰেৰেই ভাল লাগে। []
  2. দৰ্শক কমি যোৱাৰ কাৰণ বহুতেই; আৰু মোৰ এটা আহ্বান যদি দৰ্শকেও মানি লয় যে, সকলো চিনেমাতো চাব নোৱাৰে, ভাল বেয়া সবতে থাকে। চিনেমা ভালো হ’ব পাৰে আৰু বেয়াও হ’ব পাৰে কিন্তু কেতিয়াবা দেখা যায় ভাল ছবিখনো মানুহে নাচায়। []
  3. ভাল ছবি বহুত হৈছে কিন্তু সেইখিনি চাবলৈ দৰ্শকে মন বান্ধিব লাগিব। []
  4. আমি ফিল্ম জগতৰ মানুহখিনি আৰু ৰাইজৰ সঁহাৰি নহ’লে এই শিল্পটো জীয়াই ৰাখিবলৈ অসুবিধা হ’ব। আমাৰ চলচ্চিত্ৰৰ শিল্পটো অসমীয়া সংস্কৃতিৰে এটা অংগ। []
  5. সচাঁ কথা ক’বলৈ গ’লে মই একোৱেই ভাল নেদেখোঁ। সদায় ভুলকে দেখি থাকোঁ(হাঁহিৰে)।কিন্তু যেতিয়া মানুহে কয় ভাল লাগে বা ভাল হৈছে তেতিয়া মোৰ বহুত ভাল লাগে।[]
  6. আমি সদায় আশাহে কৰি থাকোঁ ভাল চৰিত্ৰ এটা আহক। তথাপি ‘ককাদেউতা নাতি আৰু হাতী, ‘গুণ গুণ গানে গানে’, ‘সাৰথি’, ‘বোৱাৰী’ আৰু ‘প্ৰতিমা’ৰ চৰিত্ৰ ভাল লাগে মোৰ।[]
  7. ব্যঙ্গ সাহিত্য জৰুৰী। কিন্তু ব্যঙ্গ ছবি এখন কৰিবলৈ, মানে কমেডি কৰিবলৈ বৰ টান কিন্তু৷ কমেডি চিনেমা এখন যদি কোনোবাই কৰে বহুত সাৱধানে কৰিব লাগে আৰু ইয়াৰ জৰিয়তে মেচেজো এটা দিব পাৰি সমাজত আৰু মেগাজিন এখন লাগে কাৰণ ইয়াৰ জৰিয়তেও মেচেজ যায় নিশ্চয়। সেইখন মানুহে পঢ়ি কেইটামান কথা শিকিব পৰাটো একো বেয়া নহয়। গতিকে ব্যঙ্গৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ সাক্ষাৎকাৰ – মোহময়ী অভিনেত্ৰী মৃদুলা বৰুৱাৰ সৈতে অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ জুন ২০১৯). আহৰণ কৰা হৈছে: 24 মে' 2024.
  2. IMDb Filmography Search. প্ৰকাশক: IMDb.
  3. ২০২১ চনৰ 'অসম ষ্টাৰ এৱাৰ্ড' ঘোষণা. দৈনিক অসম পৃষ্ঠা: ৩. প্ৰকাশক: দৈনিক অসম (২৭ অক্টোবৰ ২০২১). আহৰণ কৰা হৈছে: 28 October 2021.