সমললৈ যাওক

বকুল ফুলৰ দৰে (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

বকুল ফুলৰ দৰে হৈছে মৃণাল কলিতাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ২০১৫ চনৰ নৱেম্বৰ মাহত বান্ধৱ প্ৰকাশনে এই উপন্যাসখন প্ৰকাশ কৰে। [] উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰথমে কিশোৰ-কিশোৰীৰ বাবে উপযোগী মাহেকীয়া আলোচনী বাৰ ওঠৰত প্ৰকাশ পায়। উপন্যাসখন ৯২.৭ বিগ এফ এমৰ আজিৰ পৃষ্ঠা নামৰ অনুষ্ঠানটিৰ যোগেদি আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদিও প্ৰচাৰ কৰা হৈছে। ২০২১ চনৰ ডিচেম্বৰ মাহৰ ৩০ তাৰিখে এই গ্ৰন্থখনৰ বাবে লেখকে সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’ লাভ কৰে।

  1. বেৰৰ ফুটাৰে দেখা তৰাভৰা আকাশ আৰু ভঙা বেৰৰ মাজেৰে সৰকি অহা জোনাকত কোনো সৌন্দৰ্য নাথাকে।[]
  2. এটা নিৰ্দিষ্ট দূৰত্বত থকালৈকে কাৰোবাৰ প্ৰতি মৰম,ভালপোৱা অনুভৱ কৰিবৰ বাবেও চাগৈ এটা নিৰ্দিষ্ট দূৰত্বৰ ভিতৰত থাকিব লাগে।[]
  3. কঠিন শিলৰ বুকুৰেইতো বৈ থাকে স্বচ্ছ আৰু নিৰ্মল নিজৰা।[]
  4. মাটিৰে কোনোবাই বল এটাও সাজিব নাজানে, আন কোনোবাই আকৌ তাৰপৰাই ধুনীয়া মূৰ্তি সজাই তোলে৷ গণিতৰ সূত্ৰ, সংজ্ঞা, উপপাদ্য জনাৰ পিছতো কোনোবাই এটা অংকও নিজাকৈ কৰিব নোৱাৰিব পাৰে, আন কোনোবাই আকৌ সেই একেখিনি সূত্ৰ, সংজ্ঞা, উপপাদ্য ব্যৱহাৰ কৰি অংকবোৰ নিজেই কৰি পেলাব পাৰে৷ ধুনীয়াকৈ৷[]
  5. দুখৰ সাগৰত বুৰি যাব খুজিলেও, আন্ধাৰত হেৰাই যাব খুজিলেও কেতিয়াবা বুৰি যাব নোৱাৰি, হেৰাই যাব নোৱাৰি - নিৰ্মলহঁতৰ দৰে নিৰ্মল হৃদয়ৰ বন্ধুৱে, অনুভৱ মাষ্টৰৰ দৰে মানুহে পাৰত উঠাবলৈ, পোহৰলৈ আনিবলৈ হাত মেলি ৰৈ থাকে।[]
  6. নিজৰ প্ৰতিভাখিনি ব্যৱহাৰ নকৰি,যি কাৰণেই নহওক,অপচয় কৰাটো এটা অপৰাধ,সভ্যতাৰ বিৰুদ্ধে অপৰাধ![]
  7. তুমি কি গীত শুনা, কি কিতাপ পঢ়া- সেইবোৰে তুমি ক'ব নোৱাৰাকৈয়ে তোমাৰ ভিতৰৰ মানুহটোক গঢ় দিয়ে। ভৱিষ্যতে তুমি যʼতেই নাথাকা, যিয়েই নকৰা- তুমি তোমাৰ ভাগৰ কামবোৰ কিমান সততা আৰু গভীৰতাৰে কৰিবা, সেয়া ঠিক কৰিব তোমাৰ ভিতৰৰ মানুহটোৱে। তুমি জীৱনটো কেনেধৰণে গ্ৰহণ কৰিবা, কেনেধৰণে জীৱনৰ সমস্যাবোৰৰ মুখামুখি হ'বা- সেইবোৰো তোমাৰ মনৰ ভিতৰৰ সম্পদবোৰৰ ওপৰত নিৰ্ভৰ কৰে। গান শুনা, বাহিৰা কিতাপ পঢ়া- এইবোৰ মাথোঁ আজৰি সময় কটোৱাৰ উপায় নহয়।[]
  8. আমি ভিতৰি ভিতৰি ফোঁপোলা।হৈ-চৈ,হুলস্থূল কৰি স্ফূৰ্তি-তামাচা কৰাকে আমি জীৱনটো উপভোগ কৰা বুলি ভাবো।অচলতে তেনে নহয়।তেনে হোৱা হ'লে সদায় সদায় চিঞৰি গান গোৱা ল'ৰা এজনে আত্মহত্যা নকৰে।[]
  9. শাস্ত্ৰীয়ে চাই দিয়া শুভ দিনটোলৈ যদি এসপ্তাহ ৰ’ব লগা হয়! ভাল কামবোৰ যিটো দিনতেই আৰম্ভ কৰা হয়, সেই দিনটোৱেই শুভ৷[১০]
  10. আনৰ মূল্য বুজি পাবৰ বাবে নিজৰো মূল্য থাকিব নালাগিব জানো?[১১]
  11. ’নেতা ওলাইছ? চেকনিৰ কোবত পিঠি ফালি যাব৷ নিজৰ পঢ়া-শুনা নষ্ট কৰিলি, একো উপায় নাপাই নেতা হ’লি৷ এতিয়া স্কুলখন ধ্বংস কৰিবলৈ আহিছ? আজি যে টিভিৰ সাংবাদিক লৈ দৌৰি আহিছ, গাঁৱৰ স্কুলখনৰ সমস্যাবোৰৰ কথা কাক ক’বলৈ গৈছিলি? সমস্যাবোৰৰ কথা কোনোবাদিনা ভাবিছিলি? তহঁতে লম্ফ-জম্ফ বহুত সহ্য কৰিলোঁ৷ স্কুলখনৰ ভালৰ কথা একো নাভাব- ঠিকে আছে৷ কিন্তু কিবা বেয়া কৰিবলৈ আহিবি- পিঠিত চেকনি চিঙিম৷ চেকনি বাদেই দিছিলো বুজিছ- তহঁতৰ নেতাগিৰিৰ ভূত জাৰিবৰ বাবেহে চেকনি হাতত তুলিছো-৷’[১২]
  12. ষ্টেণ্ড কৰা নকৰাটো হয়তো ডাঙৰ কথা নহয়, ডাঙৰ কথা হ’ল, ইহঁত দুজনৰ সংগ্ৰাম আৰু উত্তৰণৰ কাহিনী৷ এজনে নিজৰ ঘৰৰ প্ৰতিকূল অৱস্থাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে আৰু আনজনে নিজৰ শৰীৰত জন্মতে লৈ অহা ত্ৰুটিৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে৷ ডাঙৰ কথা হ’ল, সিহঁত বহুত চোকা ল’ৰাৰ দৰে স্বাৰ্থপৰ নহয়৷ সিহঁতৰ মনোবল যেনে তীব্ৰ, তেনেকৈ সিহঁত খুব স্পৰ্শকাতৰো৷[১৩]
  13. কিছুমান কথা চিৰদিন একান্তই নিজৰ হৈ থাকি যায়; হেৰাই যায় মৃত্যুৰ সৈতে৷[১৪]


  1. মৃণাল কলিতা। বকুল ফুলৰ দৰে। বান্ধৱ প্ৰকাশন।
  2. পৃষ্ঠা ১২
  3. পৃষ্ঠা ৪৭
  4. পৃষ্ঠা ৬১
  5. পৃষ্ঠা ৮৫
  6. পৃষ্ঠা ১০৬
  7. পৃষ্ঠা ১১২
  8. পৃষ্ঠা ১২০-১২১
  9. পৃষ্ঠা ১২১
  10. পৃষ্ঠা ১২৪
  11. পৃষ্ঠা ১৫৩
  12. পৃষ্ঠা ১৫৪
  13. পৃষ্ঠা ১৬৮
  14. পৃষ্ঠা ১৭০
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: