সমললৈ যাওক

মিহিৰ কান্তি চৌধুৰী

ৱিকিউদ্ধৃতিৰ পৰা

মিহিৰ কান্তি চৌধুৰী এজন ভাৰতীয় অজৈৱ ৰসায়নবিদ[] তথা অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য।[]তেওঁ ডাই হাইড্ৰজেনৰ যৌগ সংশ্লেষণ আৰু ধাতু আৰু অধাতুৰ ফ্লৰিন যৌগৰ অধ্যয়নৰ বাবে জনাজাত।[] তেওঁ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ নিৰ্বাচিত ফেল'।[][] ভাৰত চৰকাৰে তেওঁক ৰসায়ন বিজ্ঞানৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ১৯৮৯ চনত শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে। এই বঁটা ভাৰতৰ সৰ্বোচ্চ বৈজ্ঞানিক বঁটা।[]

  1. বিদ্যালয়ত যিসকল শিক্ষক-শিক্ষয়িত্ৰী আছিল, তেওঁলোক খুব জ্ঞানী আছিল; তেওঁলোকৰ পৰা আমি যিখিনি শিকিছোঁ সেইখিনি আমাৰ পাছৰ জীৱনত বহুত কামত আহিছে।[]
  2. ৰসায়ন বিজ্ঞান মোটামুটি সকলো বিষয়তে লাগে, মানে কোনো কোনো বিশেষ ধৰণেৰে।[]
  3. যিকোনো দায়িত্ব লোৱাৰ আগতে যেতিয়া দায়িত্ব আহে, যেতিয়া প্ৰস্তাৱ আহে, তেতিয়া ডাঙৰ হওক সৰু হওক এটা প্ৰস্তাৱ পটককৈ ল'ব নালাগে। চিন্তা কৰিব লাগে যে যি কামৰ কাৰণে মোক প্ৰস্তাৱটো দিয়া হৈছে, আদৰণি জনোৱা হৈছে, সেইটো মই কৰিব পাৰিম নে নাই।[]
  4. নিয়মানুৱৰ্তীতা(Sincerity)ত মই খুব বিশ্বাস কৰোঁ, আৰু সততা। মোৰ কেতিয়াবা কিবা দোষ-ত্ৰুটী হ'ব পাৰে, সেইটো শাশ্বত, কিন্তু নিৰ্মিত নহয়। সেইটোৱেই মূলমন্ত্ৰ। মই যেতিয়া কাম কৰোঁ হৃদয়েৰে কাম কৰোঁ। প্ৰশাসনিক কামেই হওক, ছাত্ৰ-ছাত্ৰীৰ নিয়মানুৱৰ্তীতাৰ কামেই হওক। বাহ্যিকভাৱে মই বহুত কাঢ়া, কিন্তু ভিতৰত এজন বেলেগ মানুহ। এই দুটা মিলাই কাম কৰিব লাগে।[]
  5. মই যেতিয়া বহুত সৰু আছিলোঁ, সৰু মানে বিদ্যায়তনিকভাৱে বহুত সৰু আছিলোঁ, তেতিয়াৰ পৰা মোৰ এটা ইচ্ছা আছিল যে মই কিবা এটা কৰিম, এনেকুৱা এটা কৰিম যিটো বহুত মানুহৰ কামত লাগিব। আৰু মোৰ নামো হ'ব, আৰু হ'ব পাৰে মই দুটা পইছাও পাম; এইখিনি পৰোক্ষ কথা। কিন্তু মূল ইচ্ছাটো আছিল— যদি মই কিবা এটা কৰিব পাৰোঁ...।[]
  6. কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। যিকোনো লাইনত। কঠোৰ পৰিশ্ৰম সকলোতে লাগিব, কোনো চমুপথ নাই। একমাত্ৰ, খুব বেছি যদি ব্যতিক্ৰমীভাৱে ভাগ্যৱান হয়, যি নেকি সঁচাকৈয়ে বহুত বহুত বহুতেই ব্যতিক্ৰম, তেওঁক এৰি দিলে সবেই পৰিশ্ৰম কৰিব লাগিব। প্ৰত্যেকটো লাইনত বিৰাট পৰিশ্ৰম কৰিব লাগে, সততা থাকিব লাগে, আৰু এটা কথা, খুব চিন্তা কৰিব লাগে। গৱেষণাত এটা বস্তু লৈ কেৱল পঢ়িলেই নহ'ব, সেইটো চিন্তা কৰিব লাগে। কি হৈছে, কেনেকৈ ইয়াতকৈ উন্নত কৰিব পাৰি, ইয়াৰ ওপৰত ভিত্তি কৰি কেনেকৈ আৰু এটা বস্তু পোৱা যায়। সেইবাবে অলপ ফাল্টু কথা-বতৰা কমকৈ ক'ব লাগে। যিটো ক'ব লাগে সেইটোৱেই ক'ব, যিটো ক'ব নালাগে চুপচাপ থাকক, চিন্তা কৰক। সফল ব্যক্তিৰ এইসমূহ কিচুমান চাবিকাঠী।[]
  7. দেখা গৈছে যে চিৰিয়াছলি পঢ়িলে প্ৰতিটো লেখাৰ পৰা কিবা নহয় কিবা এটা শিকা যায়। আৰু ভাল ভাল মানুহে যেতিয়া বক্তৃতা দিয়ে, সেয়া যিকোনো বিষয়তেই হওক, ৰসায়নতে যে হ'ব লাগিব তেনেকুৱা কথা নাই, তেওঁলোকৰ বক্তৃতা শুনিব লাগে।[]
  8. আত্মজীৱনী পঢ়ি মই বহুত অনুপ্ৰেৰণা পাইছোঁ। সফল ব্যক্তি, ধৰক ন'বেল বঁটা পাইছে, কেনেকৈ কেনেকৈ কোন স্তৰত তেওঁলোকে কিমান পৰিশ্ৰম কৰিব লগা হৈছে, তেতিয়া গম পোৱা যায় যে পৰিশ্ৰম কৰিব লাগে, পৰিশ্ৰমৰ কোনো বিকল্পই নাই।[]
  9. দেশৰ বা ৰাজ্যৰ ৰাজনৈতিক বাতাবৰণৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে মুক্ত হৈ থকাতো উচিত। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰে, তেওঁলোকৰ চিন্তাৰ পৰিসৰ বাঢ়ে, গতিকে এইবোৰে নিশ্চয় এটা ক্ৰিয়া কৰে। শিক্ষক হিচাপে, উপাচাৰ্য হিচাপে বা ডীন হিচাপে আমি যথাসম্ভৱ তেওঁলোকক আঁতৰাই আনিব লাগে, কাৰণ এইটো সময় হৈছে তেওঁলোকে নিজক গঢ়াৰ। যদি বিপথে গুচি যায়, তেন্তে ইয়াতো নহ'ল তাতো নহ'ল। তেওঁলোকক এইটো ক'ব লাগিব যে তেওঁলোক পোনপটীয়াকৈ জড়িত হৈ পৰিব নালাগে, সচেতনতা থাকিব লাগে। সেইবাবে আমি বিদ্যায়তনিক প্ৰশাসনে তেওঁলোকক এনে এটা পৰিৱেশ দিব লাগে যে তেওঁলোকে তাত যোৱাৰ সুযোগ নাপায় বা তেওঁলোকে ভাৱে যে এইটোত আমাৰ এতিয়া যোৱাৰ প্ৰয়োজন নাই। আমি গম পাইছোঁ যে আমি ক'ৰবাত কিবা কৰিব পাৰিম, কিন্তু প্ৰথমে আমাক বা মোক, মোক গঢ়িব লাগিব, তেতিয়াহ'লে আমি বৰঙণি আগবঢ়াব পাৰিম।[]
  10. এই যে সময়ৰ মূল্য, আমি যে অযথা বন কৰোঁ বা বিক্ষোভ প্ৰদৰ্শন কৰোঁ, এইবোৰ কৰি যে সময় গুচি যায়, সেয়া আৰু ঘূৰি নাহে। []
  11. মানুহৰ জীৱন সীমাবদ্ধ। আজিকালি আয়ুস বাঢ়িছে, কিন্তু বাঢ়িলেও কিমান? ১০০ বছৰ? কিন্তু পৃথিৱীখনত ১০০ বছৰ বহুত বেছি বছৰ নহয়! গুচি যাব পটককৈ। এই ১০০ বছৰেই হওক, ৫০ বছৰেই হওক বা ৬০ বছৰেই হওক, প্ৰতিটো দিন আমি ঠিক যেনেকৈ কামত খটুওৱা উচিত তেনেকৈহে কৰা উচিত আৰু প্ৰতি দিন নহ'লেও সপ্তাহত অন্ততঃ এবাৰ introspection কৰিব লাগে যে এই সপ্তাহত মই কি কৰিলোঁ, মই কিমান সময় কামত লগালোঁ, কি পালোঁ, কি দিলোঁ। সমাজৰ প্ৰতি এটা দায়বদ্ধতা থাকিব লাগে।[]
  12. মই এজন উপাচাৰ্য, আপুনি আজি এজন সাংবাদিক বা আপুনি এজন গৱেষক, আপোনাক আপোনাৰ মা-দেউতাই যিমান পাৰিছে দিছে, কিন্তু সেইটো পৰ্যাপ্ত নহয়; আপুনি ভালকৈ চিন্তা কৰিলে গম পাব আমাক ৰাইজে আগবঢ়াই আনিছে। গতিকে ৰাইজৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে। আমি অলপ পঢ়া-শুনা কৰি চাকৰি পাইছোঁ, কেৱল পইছাৰ কথা বুলি নহয়— আমাৰ সমবেদনা, পৰামৰ্শ, আমাৰ সু-পৰামৰ্শ দিয়াৰ এটা দায়িত্ব আছে। এইখিনি আমি বুজিব লাগিব। স্বদেশপ্ৰেম— আমাৰ দেশ, আমাৰ ৰাজ্য, আমাৰ জিলাক আমি ভাল পাব লাগিব। আমি চেষ্টা কৰিম জিলাখন ভাল কৰিবলৈ, এইটো ভাৱ আহিব লাগিব।[]
  13. ছাত্ৰ-ছাত্ৰীক মানে আমাকো, অলপ চাপত থাকিবলৈ দিব লাগে। চাপত নাথাকিলে মানুহ নিয়মানুৱৰ্তী নহয়।[]
  14. continuous evaluation ত শিক্ষকৰ দায়িত্ব বহুত বেছি। তেওঁলোকে ছাত্ৰ-ছাত্ৰীক বুজাই সাজু কৰি তুলিব লাগিব। সেইমতে প্ৰশ্ন-কাকত কাটিব লাগিব, পৰীক্ষণ কৰিব লাগিব। Continuous evaluation আৰু internal asasement ত আৰু এটা সৌন্দৰ্য আছে। কোনো কাৰণত যদি মই এটা পৰীক্ষা বেয়া কৰিছোঁ সেইটোতে মোৰ গোটেই পৰীক্ষা বেয়া হৈ নাযায়। পৰীক্ষকে গোটেই ছেমেষ্টাৰত দেখিছে যে এই ল'ৰাজন ভাল, কিবা এটা কাৰণে এই পৰীক্ষা বেয়া হৈছে তেতিয়া পৰীক্ষকৰ অধিকাৰ আছে তেওঁ কি গ্ৰেড দিব। এইটো মানে নহয় যে বেলেগক দিয়া নাই। ঠিক ওলোটাকৈ, ল'ৰাটোৱে যদি সদায় বেয়া কৰি আছে, এটাত খুব ভাল নম্বৰ পাই গৈছে হঠাৎ, পৰীক্ষকে ঠিৰ কৰিব পাৰে যে তেওঁক ইয়াতকৈ আৰু বেছি দিব নোৱাৰি। তাতে আমাৰ সততাটো থাকিব লাগিব। আৰু ইয়াত শিক্ষক খুৱ সচেতন হ'ব লাগিব। দৰাচলতে এই পদ্ধতি শিক্ষকৰ পৰিশ্ৰম বেছি হয়।[]
  15. মই কোৱা নাই যে সব বস্তু আমি আমেৰিকা বা চীনৰ পৰা আমদানি কৰি আনিম। যিটো ভাল সেইটো আমি অনা উচিত, আমাৰ যিটো ভাল সেইটো আমি প্ৰয়োগ কৰা উচিত। সম্পূৰ্ণৰূপে আমি আমেৰিকান-চিষ্টেম, জাৰ্মান-চিষ্টেম লৈ আহিব লাগিব সেইটো কোৱা নাই, বুজি লওক, বুজি লৈ সেইটো আপুনি স্থানীয়কৰণ কৰক। ছেমিষ্টাৰ পদ্ধতি, Continuous evaluation এইটো বহুত ভাল। ছাত্ৰ-ছাত্ৰীৰ বোজা কমে, পঢ়া-শুনা ভাল হয়, নিয়মানুৱৰ্তীতা বাঢ়ে। পৰীক্ষাটো এটা বোজা নহয়, এটা মজা। আৰু বাকী অলপ স্মাৰ্ট হ'ব লাগে। আমি যিটো কৰিছিলোঁ এতিয়া সেইটো কৰিলে নহ'ব। ছমাহৰ সোমাই থাকিলোঁ ছমহীয়া-পৰীক্ষা হ'ব, আৰু ছমাহৰ পাছত বছৰেকীয়া-পৰীক্ষা হ'ব; এতিয়া দিনে-পোহৰে প্ৰশিক্ষিত হ'ব লাগিব।[]
  16. চৰকাৰৰ প্ৰতি মোৰ এটা আবেদন আছে, সেইটো হ'ল— উচ্চ-শিক্ষাত আৰু বহুত বেছি খৰছ কৰিব লাগে। আৰু এটা কৰিব লাগে সেইটো হ'ল— freedom with accountability. আপুনি যদি মোক এটা কাম কৰিবলৈ দিয়ে, মোক স্বাধীনতা দিব লাগিব। দিয়াৰ আগতে আপুনি চিন্তা কৰি লওক, যে মোক দিব নে মিঃ যাদৱক দিব নে মিঃ কৰিমক দিব। যেতিয়া আপুনি দিব, তেওঁক স্বাধীনতা দিব লাগিব। স্বাধীনতা with accountability, যে ছমাহৰ মূৰত তুমি এইটো দেখুৱাব লাগিব, এক বছৰৰ মূৰত তুমি এইটো দেখুৱাব লাগিব, তিনি বছৰৰ ভিতৰত এইটো দেখুৱাব লাগিব। কাঢ়াভাৱে, মানে দেখুৱাবই লাগিব। এইটো খুব প্ৰয়োজনীয় হৈছে আজিকালি।[]
  17. ধৰক আপুনি এই কামটো কৰি আছে, আপুনি এই কামটো মোক কৰিবলৈ তেতিয়াই দিব যেতিয়া আপুনি নিশ্চিত হ'ব যে এই মানুহজনক দিলে কামটো হ'ব। মোৰ যেনেকুৱা ডিগ্ৰী থাকক, সেইটো সিমান গুৰুত্বপূৰ্ণ কথা নহয়। এটা ন্যূনতম ডিগ্ৰী লাগে সেইটোৱেই ঠিক আছে। এই যে skill-টো সেইটো আমাৰ অভাৱ। এই skill-টো বঢ়াব লাগে, attitude, aptitude বঢ়াব লাগে।[]
  18. যিহেতু আমি বহুৰ্জাতিক ক্ষেত্ৰত কাম কৰিব লাগে, সেইবাবে আমাৰ মাতৃভাষাৰ লগতে ইংৰাজী ভাষাটো শিকাত অধিক গুৰুত্ব দিব লাগে। কাৰণ, ধৰক আমি চীনা ব্যক্তি এজনৰ লগত যোগাযোগ কৰিবলগা হ'ব পাৰে, তেতিয়াই আমাক সংযোগী ভাষা এটা প্ৰয়োজন হৈ পৰে, এইটোৰ ওপৰত যথাসম্ভৱ জোৰ দিব লাগিব, কিন্তু তাৰ মানে এইটো নহয় যে মাতৃভাষাক কোনোভাৱে অৱজ্ঞা কৰিব, কাৰণ তাতে বহুত সম্পদ আছে। []
  19. যি কামৰ কাৰণে পইছা আহিছে সেই কামতে পইছা ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহ'লে আমাৰ ভৱিষ্যত বহুত ভাল।[]
  20. প্ৰাইভেট পাৰ্টিক কনট্ৰেক্টৰ হিচাপে ধৰিব নালাগে, পাৰ্টনাৰ হিচাপে ধৰিব লাগে। তেতিয়া এটা সন্মান থাকে, শ্ৰদ্ধা থাকে আৰু এটা involvement থাকে। তেতিয়াই ভাব আহিব যে মই অকল পইছাৰ বাবে কাম কৰা নাই। এই যে PPP, এটা P মই, গতিকে মোৰো এটা নাম আছে, মোৰো এটা সন্মানৰ কথা আছে। মই ভাবো এইদৰে আগুৱাই গ'লে কাম হ'ব।[]
  21. কেতিয়াও কষ্ট কৰিবলৈ ভয় নকৰিব। তেতিয়া আৰু কোনো সীমা দেখা নাপাব, মাথোঁ আকাশেই তেতিয়া একমাত্ৰ সীমা...।[]
  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ ১.১১ ১.১২ ১.১৩ ১.১৪ ১.১৫ ১.১৬ ১.১৭ ১.১৮ ১.১৯ ১.২০ ১.২১ সাক্ষাৎগ্ৰহণ- পংকজ জ্যোতি মহন্ত, (আগষ্ট, ২০১৪). তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মিহিৰ কান্তি চৌধুৰীৰ সৈতে এটি সাক্ষাৎকাৰ. সাক্ষাৎকাৰ. প্ৰকাশক: সাহিত্য ডট অৰ্গ. আহৰণ কৰা হৈছে: 31 মে' 2024.
  2. Vice-Chancellor, Tezpur University. প্ৰকাশক: Tezpur University (2016). Archived from the original on 8 March 2013.
  3. Brief Profile of the Awardee. প্ৰকাশক: Shanti Swarup Bhatnagar Prize (2016).
  4. Indian fellow. প্ৰকাশক: Indian National Science Academy (2016). Archived from the original on 2020-04-20.
  5. Fellow profile. প্ৰকাশক: Indian Academy of Sciences (2016).
  6. View Bhatnagar Awardees. প্ৰকাশক: Shanti Swarup Bhatnagar Prize (2016). আহৰণ কৰা হৈছে: 12 November 2016.