মিলান কুন্দেৰা
অৱয়ব
মিলান কুন্দেৰা (Milan Kundera) (১ এপ্ৰিল ১৯২৯ – ১১ জুলাই ২০২৩) এজন চেক আৰু ফৰাচী ঔপন্যাসিক। তেওঁ চুটি গল্প, প্ৰবন্ধ-সংকলন, নাটক আদি ৰচনা কৰিও বিশ্ব জুৰি প্ৰসিদ্ধি লাভ কৰিছিল। বহু ভাষালৈ তেওঁৰ গ্ৰন্থসমূহ অনূদিত হৈছে। অসমীয়ালৈ অনূদিত হোৱা তেওঁৰ দুখন বিখ্যাত গ্ৰন্থ হৈছে আইডেন্টিটি (উপন্যাস) আৰু অস্তিত্বৰ অসহনীয় লঘুতা (উপন্যাস) ।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]আইডেন্টিটি (উপন্যাস)
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যদি তুমি হিংসাৰ বলি হোৱা, তুমি যদি অভিযুক্ত হোৱা, তোমাক সিংহৰ গঁৰাললৈ দলিয়াই দিয়ে; তোমাক জনাসকলৰ পৰা তুমি দুই ধৰণৰ প্ৰতিক্ৰিয়া আশা কৰিব পাৰা– কিছুমানে তোমাৰ হত্যাত অংশগ্ৰহণ কৰিব, বাকীবোৰে অতি সতৰ্কতাৰে একো নজনাৰ একো নেদেখাৰ ভাও ধৰিব, যাতে তুমি সিহঁতৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি থাকিব পাৰা, কথা পাতি থাকিব পাৰা। এই দ্বিতীয় ভাগটো, সতৰ্ক আৰু কৌশলী, সেইসকলেই তোমাৰ বন্ধু। 'বন্ধু' শব্দটোৰ আধুনিক অৰ্থত।[১]
- এক মিনিটৰ আগতে জা-মাৰ্কে আশা কৰি আছিল যে কথাবোৰ বুজাই দিব, তাৰ ফাঁকিবাজী স্বীকাৰ কৰিব কিন্তু সেই চাৰিটা চোকা উত্তৰ-প্ৰত্যুত্তৰৰ আদান-প্ৰদানে সকলো ধৰণৰ কথাবতৰা অসম্ভৱ কৰি পেলালে।[১]
- তাতেই, সেই ডাঙৰ ঘৰটোতে, প্ৰথমতে ভনীয়েকজনীয়ে আৰু তাৰ পাছত তাইৰ গিৰীয়েকে তাইক আৰু এটা সন্তান জন্ম দিবলৈ জোৰ দিছিল। আৰু তাতেই, এটা সৰু শোৱনি কোঠাত তাই তাৰ সৈতে সংগম কৰিবলৈ অস্বীকাৰ কৰিছিল। তাৰ প্ৰতিটো কামোদ্দীপক আহ্বানে পৰিয়ালটোৱে তাইক আকৌ এবাৰ গৰ্ভৱতী কৰিবলৈ চলোৱা অভিযানলৈ মনত পেলাই দিছিল, আৰু তাৰ সৈতে সংগমৰ ভবনাটো অস্বস্তিকৰ হৈ পৰিছিল। তাইৰ এনে লাগিছিল যেন দলটোৰ সকলো সদস্য– আইতা, দেউতা, ভাগিন, ভাগিনী, ভতিজা সকলোৱে দুৱাৰখনৰ সিপাৰৰ পৰা কাণ-সৰালি দি আছিল, গোপনে সিহঁতৰ বিছনা চাদৰখন পৰিদৰ্শন কৰিছিল, সিহঁতৰ ৰাতিপুৱাৰ ভাগৰখিনি জুখি চাইছিল। সিহঁতৰ প্ৰত্যেকে তাইৰ পেটটো পুংখানুপুংখ নিৰীক্ষণ কৰাৰ অধিকাৰ থকা বুলি ধৰি লৈছিল। আনকি কণমানি ভাগিনবোৰকো সেই যুঁজখনত সৈনিকৰূপে ভৰ্তি কৰা হৈছিল। সিহঁতৰ মাজৰে এটাই তাইক সুধিছিল– 'চ্যাণ্টাল, তুমি কিয় শিশু ভাল নোপোৱা?' 'তুমি কিয় ভাবিছা মই শিশু ভাল নাপাওঁ?' তাই শীতল কণ্ঠেৰে খাৰাংখাচভাৱে সুধিছিল। সি কি উত্তৰ দিব ভাবি পোৱা নাছিল। বিৰক্তিৰে তাই কৈ গৈছিল– 'তোমাক কোনে কৈছে যে মই শিশু ভাল নাপাওঁ?'[১]
অস্তিত্বৰ অসহনীয় লঘুতা (উপন্যাস)
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আমি জীৱনটোক য'তে-ত'তে যেনেকুৱা তেনেকুৱা ষ্টাইলত জীয়াই ৰাখোঁ। আমি সকলোৱে প্ৰচণ্ড শীততো অভিনয় কৰি থকা অভিনেতা। আমি ৰিহাৰ্চেলৰো সুযোগ নাপাওঁ। জীৱনৰ প্ৰথম ৰিহাৰ্চেলটোৱেই চূড়ান্ত অভিনয়। কিন্তু প্ৰথম ৰিহাৰ্চেলটোৱে যদি জীৱন হৈ যায়, তেনেহ'লে জীৱনৰ মূল্য কি? প্ৰথম ৰিহাৰ্চালটো ভুলে-ভালেই যেনেতেনে পাৰ হৈ যায়। গতিকে জীৱন হ'ল এটা স্কেচ্। অৱশ্যে স্কেচ্ শব্দটোও যথাৰ্থ নহয়। কিয়নো স্কেচত একোটা পূৰ্ণাংগ চিত্ৰকৰ্মৰ ধাৰণা থাকে। অথচ, যি স্কেচ্টোক আমি জীৱন বুলি কৈছোঁ, সেইটোও এটা অৰ্থহীন আঁক-বাঁক। কিয়নো সেই স্কেচত কোনো ছবিয়েই নাই।[২]
- জাৰ্মান ভাষাত এটা প্ৰবাদ আছে, মাত্ৰ এবাৰ যিটো ঘটে, সেইটো হয়তো ঘটাই নাই। সেই হিচাপে এটাই মাত্ৰ জীৱন লৈ জীয়াই থাকোঁ কাৰণে আমি হয়তো জীয়ায়ে নাথাকোঁ।।[২]