সমললৈ যাওক

আইডেন্‌টিটি (উপন্যাস)

ৱিকিউদ্ধৃতিৰ পৰা

আইডেন্‌টিটি অসমীয়ালৈ অনূদিত এখন গ্ৰন্থ। মূল লেখক মিলান কুন্দেৰা। অনুবাদ কৰিছে ব্ৰজেন ডেকাই।[]

  1. কামটোত নিখুঁত হ'বলৈ বিচৰা আৰু একে সময়তে কামটোক ঘিণ কৰা বৰ কঠিন। []
  2. তাতেই, সেই ডাঙৰ ঘৰটোতে, প্ৰথমতে ভনীয়েকজনীয়ে আৰু তাৰ পাছত তাইৰ গিৰীয়েকে তাইক আৰু এটা সন্তান জন্ম দিবলৈ জোৰ দিছিল। আৰু তাতেই, এটা সৰু শোৱনি কোঠাত তাই তাৰ সৈতে সংগম কৰিবলৈ অস্বীকাৰ কৰিছিল। তাৰ প্ৰতিটো কামোদ্দীপক আহ্বানে পৰিয়ালটোৱে তাইক আকৌ এবাৰ গৰ্ভৱতী কৰিবলৈ চলোৱা অভিযানলৈ মনত পেলাই দিছিল, আৰু তাৰ সৈতে সংগমৰ ভবনাটো অস্বস্তিকৰ হৈ পৰিছিল। তাইৰ এনে লাগিছিল যেন দলটোৰ সকলো সদস্য– আইতা, দেউতা, ভাগিন, ভাগিনী, ভতিজা সকলোৱে দুৱাৰখনৰ সিপাৰৰ পৰা কাণ-সৰালি দি আছিল, গোপনে সিহঁতৰ বিছনা চাদৰখন পৰিদৰ্শন কৰিছিল, সিহঁতৰ ৰাতিপুৱাৰ ভাগৰখিনি জুখি চাইছিল। সিহঁতৰ প্ৰত্যেকে তাইৰ পেটটো পুংখানুপুংখ নিৰীক্ষণ কৰাৰ অধিকাৰ থকা বুলি ধৰি লৈছিল। আনকি কণমানি ভাগিনবোৰকো সেই যুঁজখনত সৈনিকৰূপে ভৰ্তি কৰা হৈছিল। সিহঁতৰ মাজৰে এটাই তাইক সুধিছিল– 'চ্যাণ্টাল, তুমি কিয় শিশু ভাল নোপোৱা?' 'তুমি কিয় ভাবিছা মই শিশু ভাল নাপাওঁ?' তাই শীতল কণ্ঠেৰে খাৰাংখাচভাৱে সুধিছিল। সি কি উত্তৰ দিব ভাবি পোৱা নাছিল। বিৰক্তিৰে তাই কৈ গৈছিল– 'তোমাক কোনে কৈছে যে মই শিশু ভাল নাপাওঁ?'[]
  3. আমি কিবা এটা কৰাৰ বাবে, কিবা এটা কোৱাৰ বাবে নিজকে ধিক্কাৰ দিব পাৰোঁ, কিন্তু অনুভৱ কৰাৰ বাবে তেনে কৰিব নোৱাৰোঁ, এই কাৰণেই যে অনুভৱৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। []
  4. স্মৃতিয়ে সুচাৰুৰূপে কাম কৰিবলৈ হ'লে মানুহৰ বাবে বন্ধুত্ব অপৰিহাৰ্য। []
  5. যদি তুমি হিংসাৰ বলি হোৱা, তুমি যদি অভিযুক্ত হোৱা, তোমাক সিংহৰ গঁৰাললৈ দলিয়াই দিয়ে; তোমাক জনাসকলৰ পৰা তুমি দুই ধৰণৰ প্ৰতিক্ৰিয়া আশা কৰিব পাৰা– কিছুমানে তোমাৰ হত্যাত অংশগ্ৰহণ কৰিব, বাকীবোৰে অতি সতৰ্কতাৰে একো নজনাৰ একো নেদেখাৰ ভাও ধৰিব, যাতে তুমি সিহঁতৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি থাকিব পাৰা, কথা পাতি থাকিব পাৰা। এই দ্বিতীয় ভাগটো, সতৰ্ক আৰু কৌশলী, সেইসকলেই তোমাৰ বন্ধু। 'বন্ধু' শব্দটোৰ আধুনিক অৰ্থত।[]
  6. এক মিনিটৰ আগতে জা-মাৰ্কে আশা কৰি আছিল যে কথাবোৰ বুজাই দিব, তাৰ ফাঁকিবাজী স্বীকাৰ কৰিব কিন্তু সেই চাৰিটা চোকা উত্তৰ-প্ৰত্যুত্তৰৰ আদান-প্ৰদানে সকলো ধৰণৰ কথাবতৰা অসম্ভৱ কৰি পেলালে।[]
  1. আইডেন্‌টিটি, মূলঃ মিলান কুন্দেৰা, অনুবাদঃ ব্ৰজেন ডেকা। প্ৰকাশকঃ আঁক-বাক, দ্বিতীয় প্ৰকাশ, জানুৱাৰী, ২০২৩।
  2. পৃষ্ঠা ২৭
  3. পৃষ্ঠা ৩০
  4. পৃষ্ঠা ৩৬
  5. পৃষ্ঠা ৪০
  6. পৃষ্ঠা ৪৩
  7. পৃষ্ঠা ৯৪