সমললৈ যাওক

মানস ৰবীন

ৱিকিউদ্ধৃতিৰ পৰা

মানস ৰবীন অসমৰ এজন আগশাৰীৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু সংগীত পৰিচালক। [১] মূলতঃ তেওঁ লোকসংগীত আৰু পপ সংগীত পৰিৱেশন কৰে। তেওঁ বহুতো জনপ্ৰিয় অসমীয়া বোলছবিৰ গীত, অসমীয়া থলুৱা লোক সংগীত আৰু বিহু সুৰীয়া গীতৰ এলবামত সংগীত পৰিচালনা কৰি অসমীয়া সংগীত জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁৰ অৱদান অসমীয়া সংগীত জগতত অনস্বীকাৰ্য। মানস ৰবীনে সংগীতৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে ১৯৯৫ চনত মুউজিক মেকাৰ্চৰ বেনাৰত মুক্তি প্ৰাপ্ত একক এলবাম 'নীহাৰিকা'ৰ জৰিয়তে[২]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. শোৱাৰ সময়ত নিচুকাই নিচুকাই যেতিয়া গায়, তেতিয়া শিশুৰ মনত সংগীতৰ বীজ ৰোপন হয়।[১]
  2. প্ৰেম নিজে-নিজেই ‘ইণ্টাৰেষ্টিং’।[১]
  3. আগৰ যিসকল গীতিকাৰে গীত লিখিছিল, কেশৱ মহন্তকে প্ৰমূখ্য কৰি, ভাষাৰ দখল আছিল অধ্যনো আছিল সেইমতে। এতিয়া যিবোৰ ল’ছালীয়ে গীত লিখে, তেওঁলোকৰ সেই কথাখিনিত অলপমান গণ্ডগোল আছে। যিহেতু আজিকালি সুৰৰ ওপৰত নিৰ্ভৰ কৰি গীত লিখে, গতিকে যিকোনো শব্দ ভৰাই দিয়ে। সুৰৰসৈতে সেইটো হয়তো গীত হ’ব, কিন্তু এনেই পঢ়িলে সেইটো একেবাৰে নিম্ন-স্তৰৰ হ’ব। আগৰ গীতবোৰ এনেই পঢ়িলে এটা কবিতা যেন লাগে। এইখিনিত পাৰ্থক্য এটা আহে। [১]
  4. নচিকেতাৰ দৰে জীৱনমুখী গান আমাৰ অসমীয়াতো বহুত আগতেই আছে। সমাজৰ বিভিন্ন দিশক ব্যংগ কৰি যে গায়, জ্যোতি প্ৰসাদ আগৰৱালাৰ দিনৰ পৰা ইয়াৰ প্ৰচাৰ আছে। মাথো নচিকেতাৰ দৰে গোৱা মানুহৰ অভাৱ আচলতে। [১]
  5. অসমীয়া মানুহৰ মৰম চেনেহে সদায় আমাক আপ্লুত কৰি ৰাখিছে, অনুপ্ৰেৰণা দিছে।[১]
  6. হাঁহিবোৰত কি হয়, আমাৰ দৈনন্দিন জীৱনৰ গোটেই দিনটোৰ দুখ-কষ্ট-ভাগৰ বা যিমানবোৰ ক্লেশ, এই গোটেইবোৰ নাইকিয়া কৰি দিয়ে। এই বস্তুটোৰ দৰ্কাৰ আছে, আৰু চিন্তা-চৰ্চাৰ প্ৰয়োজন আছে। এইটো অকল চৰ্চাৰ যোগেদিয়েই নহয়, কিছু ভগৱান প্ৰদত্তও। সকলোৰে নাথাকেও। যাৰ থাকে, খুউব ধুনীয়াকৈ থাকে।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ সাক্ষাৎকাৰ–সঙ্গীত শিল্পী মানস ৰবীনৰ সৈতে এখন্তেক. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ মে' ২০১৯). আহৰণ কৰা হৈছে: 24 মে' 2024.
  2. Manas Robin – Beyond the Musical Frontiers. প্ৰকাশক: timesofassam.com. আহৰণ কৰা হৈছে: June 26, 2020.