সমললৈ যাওক

মাণিক দাস

ৱিকিউদ্ধৃতিৰ পৰা

মাণিক দাস (ইংৰাজী: Manik Das) অসমৰ এগৰাকী প্ৰবন্ধকাৰ গল্পলেখক আৰু শিশু-কিশোৰ সাহিত্যকাৰ৷ তেওঁৰ ঘৰ নগাঁও জিলাত৷ তেওঁ ভাৰতীয় ষ্টেট বেংকৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি সাহিত্য ৰচনাত মনোনিৱেশ কৰিছে৷ তেওঁ কিশোৰসকলৰ বাবে ইতিমধ্যেই বহুকেইখন গ্ৰন্থ ৰচনা কৰিছে৷ তাৰ ভিতৰত ‘কথা পাতোঁ আহাঁ’, আকৌ কথা পাতো আহাঁ’ ইত্যাদি অন্যতম৷

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

কথা পাতোঁ আহাঁ

  1. সংসাৰৰ অধিকাংশ মানুহৰে ভোগ স্পৃহা অন্তহীন৷ কেৱল লাগিয়েই থাকে৷ এই লগাৰ শেষ নাই৷ কিন্তু ধনৰ সীমাবদ্ধতা এইখিনিতে যে সি কেৱল জাগতিক ভোগ-সুখৰ যোগান ধৰিব পাৰে৷ মানসিক ক্ষুধা নিবৃত্তিৰ ব্যৱস্থা কৰিব নোৱাৰে৷[১]
  2. তুমি কেনেদৰে জীয়াই থাকিবা সেইটো তোমাৰ কথা৷ জাপি দিয়া কথা নহয়৷ কিন্তু যেনেকৈয়ে জীয়াই নাথাকা কিয়, মানৱীয় প্ৰমূল্যসমূহ বাদ দি জীয়াই নাথাকিবা৷[১]
  3. সংসাৰত কোনো মানুহেই পূৰ্ণ বা নিখুঁত নহয়৷ সকলোৰে দোষ-ত্ৰুটী থাকে৷ থাকে, স্খলন-পতন, সীমাবদ্ধতা আৰু অক্ষমতা৷ মানুহৰ মহৎ বৈশিষ্ট্য হৈছে এয়ে যে ইচ্ছা কৰিলে এইবোৰ সি চেৰাই যাব পাৰে৷[১]
  4. মানুহৰ লগত যিমানে মিলিবা, সিমানে তোমাৰ অভিজ্ঞতাৰ ভঁৰাল চহকী হ’ব৷ জগতখন ডাঙৰ হ’ব৷ সম্পৰ্ক গঢ়ি তোলা আৰু তাক ধৰি ৰখাটো এটা আৰ্ট৷[১]
  5. সমাজক লাগে বিবেকবোধসম্পন্ন সুনাগৰিক৷ যিসকল বিবেকৰ নিৰ্দেশত চলে, তেওঁলোকে নিজৰ স্বাৰ্থৰ অনুকূলে কথা নকয়, সমাজৰ স্বাস্থ্যৰ হকে কথা কয়, সমাজৰ অহিত সাধিব পৰা সকলো কামৰ পৰা বিৰত থাকে৷ লগতে সমাজৰ নৈতিক আদৰ্শ যাতে ক্ষুন্ন নহয় তাৰ বাবে সতৰ্ক থাকে, সজাগ ৰাখে বিবেকক৷[১]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ মাণিক দাস (২০১১)। কথা পাতোঁ আহাঁ। গুৱাহাটী। বীণা লাইব্ৰেৰী।