সমললৈ যাওক

মাইকেল কেইন

ৱিকিউদ্ধৃতিৰ পৰা
২০১৫ চনত মাইকেল কেইন

ছাৰ মাইকেল কেইন চি.বি.ই (ইংৰাজী: Sir Michael Caine; জন্মৰ নাম: মৰিছ জোচেফ মাইকেলহোৱাইট জুনিয়ৰ, ১৪ মাৰ্চ ১৯৩৩) এগৰাকী ইংৰাজী অভিনেতা। তেওঁ ৬০ বছৰৰ কৰ্মজীৱনত ১৩০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে৷ তেওঁক ব্ৰিটিছ চলচ্চিত্ৰৰ আইকন হিচাপে গণ্য কৰা হয়। ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহলৈকে তেওঁ যিবোৰ ছবিত অভিনয় কৰিছে, সেইবোৰে বিশ্বজুৰি ৭.৮ বিলিয়ন ডলাৰৰো অধিক উপাৰ্জন কৰিছে। তেওঁ সৰ্বাধিক উপাৰ্জন কৰা বক্স অফিচ তাৰকাৰ তালিকাত ২০ নম্বৰ স্থানত আছে।

  1. মোৰ কেৰিয়াৰ নিশ্চয় ধ্বংসৰ পথলৈ আগবাঢ়িছে। তাৰ প্ৰমাণ হ’ল এই যে প্ৰথমবাৰৰ কাৰণে মই পুৰস্কাৰ বুটলিবলৈ সময় উলিয়াব পাৰিলোঁ৷[১]
  2. আপুনি হাঁহৰ দৰে হ'বলৈ চেষ্টা কৰক, ওপৰত দেখাত শান্ত হৈ থাকক আৰু তলত যিমান পাৰি জোৰেৰে ভৰি মাৰক।[২]
  3. জীৱনৰ এটা শিক্ষা হ'ল, পিছলৈ কেতিয়াও ঘূৰি নাচাবা, ঘুৰি চালেই উজুটি খাবা৷[২]
  4. হৈ যোৱা কথাৰ চিন্তাত ডুবি থাকি মই বৰ্তমানটো খেলিমেলি কৰিব নিবিচাৰো আৰু যেতিয়া অভিনয় মোৰ ভিতৰৰ পৰা আহিব লাগে তেতিয়া বাহিৰৰ পৰা কেনেকুৱা দেখা যায় তাত গুৰুত্ব দিব নিবিচাৰো। মই মাথোঁ বৰ্তমানৰ এই মুহূৰ্তত জীয়াই থাকিব বিচাৰোঁ।[২]
  5. মই বিশ্বাস কৰোঁ, বয়স মানুহৰ মনত আছে। কাৰণ মই নিজেই ইতিমধ্যে মৃত্যুমুখত পৰা ৭০ বছৰীয়া আৰু নিজকে জীয়াই থকাত বাধা দিব নোৱাৰা ৯০ বছৰীয়া বহু মানুহ দেখিছোঁ৷ বুঢ়া হ’বলৈ অস্বীকাৰ কৰি মই চিৰদিন সৰু হৈ থাকিব খোজোঁ[২]
  1. কেইন, মাইকেল. "নমস্কাৰ", নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰ, ২০২১, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ৩ অক্টোবৰ, ২০২১.
  2. ২.০ ২.১ ২.২ ২.৩ https://www.goodreads.com/author/quotes/36215.Michael_Caine
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: