চিৰদিন অসমীয়া
অৱয়ব
চিৰদিন অসমীয়া হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৮ চনৰ নৱেম্বৰ মাহত বনলতা প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ৩০৮ আৰু মূল্য ৩৩০ টকা। লেখকে কিতাপখন উছৰ্গা কৰিছে, "অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত নিজৰ প্ৰাণ বলিদান দিয়া বীৰ ছহিদসকলৰ পুণ্য স্মৃতিত।" [১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মাতৃভাষা আৰু মাতৃভূমিৰ প্ৰতি প্ৰশ্নাতীত একাত্মতা অনুভৱ নকৰা কোনো ব্যক্তিয়েই জাতিটোৰ বাবে অপৰিহাৰ্য নহয় বুলি ইতিহাসে আমাক শিকাই থৈ গৈছে। [২]
- বৌদ্ধিক আৰু সাংস্কৃতিক দিশত খিলঞ্জীয়া মানুহক স্বাভিমানী কৰি তুলিবলৈ হ'লে এটা বৌদ্ধিক আন্দোলনৰো প্ৰয়োজন।[৩]
- দুজন তেজ-মঙহৰ মানুহ কিমান বহুমুখী প্ৰতিভাসম্পন্ন হ'ব পাৰে তাৰ নিদৰ্শন হৈছে শঙ্কৰ-মাধৱ।[৪]
- মিছনেৰীসকলৰ সবল ভূমিকা অবিহনে অসমত অসমীয়া ভাষাৰ পুনৰুদ্ধাৰৰ আন্দোলন আৰু বহু হেঙাৰৰ সন্মুখীন হ'লহেঁতেন।[৫]
- অসমীয়া ভাষিক জাতীয়তাবাদৰ খুঁটাটো এইবাবেই শক্তিশালী, কিয়নো ই পোত খাই আছে আমাৰ ইতিহাসৰ সেইটো অংশত যিটো অংশই অসমীয়া মানুহক বিনয়ী, মাৰ্জিত, সংস্কৃত হোৱাৰ উপৰি দিছে প্ৰয়োজনত অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ ক্ষমতা আৰু সাহস।[৬]