মনজ্যোৎস্না মহন্ত
অৱয়ব
মনজ্যোৎস্না মহন্ত গোস্বামী অসমৰ এগৰাকী কণ্ঠশিল্পী, সংগীত পৰিচালক, অধ্যাপক। তেখেত কেশৱ মহন্ত আৰু নিকুঞ্জলতা মহন্তৰ জীয়ৰী।[১] তেখেতে কণ্ঠ দিয়া অসমীয়া চলচ্চিত্ৰসমূহ হৈছে - সপোন, অজলা ককাই, দ্বীপজ্যোতি। একক কণ্ঠৰ গীতৰ এলবামসমূহ হ’ল- লহৰ, মনজৰী, আৱেগেৰে, ৰাগি সুৱদি, চকুতে চকু, হিট অফ্ মনজ্যোৎস্না, নাদ (বৰগীত),এনাজৰী, চেনেহজৰী (ৰুদ্ৰ বৰুৱাৰ গীতৰ এলবাম) আদি। মহন্ত বৰ্তমান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। উল্লিখিত চলচ্চিত্ৰ আৰু এলবামসমূহৰ উপৰিও অসমৰ বহুতো জনপ্ৰীয় গীতত তেওঁ কণ্ঠ নিগৰাইছে। মহন্তই বৰ্তমানলৈকে দুখনকৈ গ্ৰন্থ সম্পাদনা কৰিছে।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে মই সংগীতত সোমোৱা নাই, সংগীতৰ আনুষ্ঠানিক শিক্ষা মই সৰুতে লোৱা নাছিলোঁ। সংগীতৰ সকলো বাদ্যযন্ত্ৰ আমাৰ ঘৰত আছিল। ক'ব নোৱাৰাকৈ হাৰমনিয়াম চুইছোঁ, বাদ্যযন্ত্ৰবোৰ দেখিছোঁ, চুইছোঁ, বজাবলৈ চেষ্টা কৰিছোঁ। তাত যি শব্দৰ সৃষ্টি হয় সেই শব্দবোৰ perfectly কাণখনত লাগিছে নে নাই সেইটো শুনিবলৈ চেষ্টা কৰিছোঁ। এইদৰে ক'ব নোৱাৰাকৈ মই সংগীতৰ মাজলৈ সোমাই গৈছোঁ।[১]
- সাধাৰণতে, সৰুতে প্ৰশংসা পালে সাংঘাতিক এটা উৎসাহ জাগে।[১]
- গানেই মোৰ সম্পদ আৰু এতিয়াটো দেখিছোঁ যে গানতে উপজি মই শেষ হৈ যাম।[১]
- শাস্ত্ৰীয় সংগীত হ'ল সুৰপ্ৰধান আৰু আধুনিক সৃজনশীল গীত এটা হ'ল কথাপ্ৰধান। আধুনিক গীতত কথা প্ৰথমে আহে।[১]
- টেকনলজিয়ে সাধনাৰ ওপৰত মাৰঘাট মাৰিছে যেন লাগিছে।[১]
- নশিকাৰুসকলৰ বাবে প্ৰথম কথা হ'ল পৃথিৱীৰ যিকোনো বস্তু এটা শিকাৰ আগতে তাক ভালপাব লাগিব। কাৰোবাক জোৰকৈ গায়ক সজাব নোৱাৰি। নিজৰ জন্মগত কিবা এটা থাকিবই লাগিব। কিন্তু জন্মগত বিশেষত্বই গোটেই জীৱনটো তেওঁক লৈ নাযায়, গায়ক হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ শিকিব লাগিব।[১]
- থলুৱা সংগীতখিনিক মানে লোকসংগীতখিনিক যেতিয়া তাৰ নিৰ্দিষ্ট ৰূপত পৰিৱেশন কৰা যায় তেতিয়া তাৰ এটা বেলেগ ধৰণৰ মাদকতা থাকে। লোকসংগীতখিনিয়েইতো আচলতে আচল সংগীত, আচল সুৰ।[১]
- সংগীত এনে এখন ক্ষেত্ৰ, য'ত খুব পৰীক্ষা-নিৰীক্ষা চলে।[১]
- সংস্কৃতি সদায় একেধৰণে নাথাকে, পৰিবৰ্তন হ'বয়ে। কিন্তু পৰিবৰ্তনৰ মাজেদিও তাক বচাই ৰাখিব পাৰি।[১]
- আচলতে মই মানুহ হিচাপে প্ৰথমে পৰিচয় দি ভাল পাওঁ৷ নিজকে কেতিয়াও অধ্যাপিকা বা শিল্পী এনেদৰে ভবাই নাই৷ [২]
- গান মই ভাল পাওঁ৷ গান মোৰ জীৱন, ঠিক তেনেকৈ অধ্যাপনা মোৰ জীৱিকা৷[২]
- প্ৰকৃততে জীৱনটোৱে এটা জীয়াই থাকিবলৈ কৰা সংগ্ৰাম৷ [২]
- অকল এইখন জগত (সংগীতৰ জগত) বুলিয়ে নহয়, নাৰী সকলোৰে অসুৰক্ষিত৷ এই ক্ষেত্ৰখন বুলি ক'বলৈ গ'লে হয়, এই ক্ষেত্ৰখনত প্ৰলোভন দিব খোজে৷ এই ক্ষেত্ৰত কিছু উচ্চাকাংক্ষী মানুহ থাকে৷ তেওঁলোকে compromise কৰে৷ কিন্তু compromise নকৰাকৈও আত্মবিশ্বাস থাকিলে দৃঢ় হৈ থাকিব পাৰি৷[২]
- সঁচা কথা ক'বলৈ গ'লে সৃষ্টিশীল কামত কোনো সন্তুষ্টি নাথাকে৷ সন্তুষ্টি থাকিলে সিদিনাই আচলতে শেষ৷ [২]
- মোৰ ঘৰখনে মোক এখন বেলেগ পৃথিৱী দেখুৱাইছে। জীৱনটো বেলেগকৈ চাবলৈ শিকাইছে। জীৱন যে এক বিৰাট সংগ্ৰাম, জীয়াই থাকিবলৈ যে যুঁজিব লাগিবই, সেই কথা মই ভালকৈ বুজি উঠিলোঁ।[৩]
- শাৰিৰীকভাৱে হওক অথবা মনৰ ভিতৰতে হওক মানুহে যুঁজিব লাগিবই। জীৱন এক যুদ্ধ। জীৱনটোক আগুৱাই নিবলৈ আমি সকলোৱে যুদ্ধ কৰিবই লাগিব। এয়াই প্ৰকৃতি। এয়াই আচলতে প্ৰকৃতিৰো কথা। এই যে ঋতু পৰিৱৰ্তন হয়, এই পৰিৱৰ্তনৰো এক সংগ্ৰাম থাকে। [৩]
- সংগীতে মোৰ উপলব্ধি গভীৰ কৰিছে। মোৰ দায়বদ্ধতা বঢ়াইছে। এই দায়বদ্ধতায়ে মোক এক নিৰ্দিষ্ট দিশত কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাইছে। [৩]
- এজন ভাল গুৰু হ'বলৈ জীৱনজোৰা সাধনা লাগিবই। [৩]
- সংগীতৰ যি আচল সংজ্ঞা আছিল, সংগীতৰ যি চৰ্চাৰ কথা আমি পাতোঁ এই মৌলিক কথাবোৰলৈ এ আয়ে ডাঙৰ প্ৰত্যাহ্বান লৈ আহিছে। [৩]
- আচলতে যন্ত্ৰৰ অত্যধিক প্ৰয়োগেৰে এটি গীত অথবা কণ্ঠৰ মৌলিক চৰিত্ৰ তথা তাৰ স্বকীয়তাক নষ্ট কৰাটো গ্ৰহণযোগ্য নহয়। যন্ত্ৰ লাগিব, কিন্তু তাৰ প্ৰয়োগ উপযুক্ত হ'ব লাগিব। [৩]
- মানুহৰ আচৰণৰ আঘাত মনত লোৱাতকৈ মই মানুহৰ আচৰণ বিশ্লেষণ কৰিহে বৰ ভাল পাওঁ। মানুহে যি শুদ্ধ বুলি ভাবে, সেইমতে আচৰণ কৰে। নিজক প্ৰকাশ কৰে। সেই অধিকাৰ প্ৰত্যেক মানুহৰে আছে। তেনে অধিকাৰৰ পৰা আহত হোৱাতকৈ তেনে আচৰণ মানুহ এজনে কিয় কৰিলে, তাৰ 'ৰুট কজ'টো বিচাৰি মই বৰ ভাল পাওঁ। সেইবাবে বহু ক্ষেত্ৰত মানুহ এজনৰ বেয়া আচৰণো মোৰ বাবে এক সদৰ্থক চিন্তাৰ খোৰাক হৈ পৰে। [৩]
- তুমি হাতত এটা শিলগুটি লৈছা আৰু গেট এখনৰ মাজত এক নিৰ্দিষ্ট ফাঁকেৰে তাক পাৰ কৰিবলৈ সম্পূৰ্ণ সাধনা আৰু একাগ্ৰতাৰে তাক মাৰি পঠিয়াইছা। দেখিবা শিলগুটিটো সেইফালেৰে সি কাষৰ ফাঁকটোৰে ওলাই গৈছে। জীৱন তেনেকুৱাই। ভবা মতে কথাবোৰ নহয়। জীৱনৰ কথাবোৰ নাটকীয় আনপ্ৰেডিক্টেবল। কোনে জানে কি হ'ব? গতিকে যি পোৱা তাক ততালিকে আনন্দৰে সাবটি ল'ব লাগে আৰু নোপোৱাৰ বাবে দুখ কৰি থাকিব নালাগে। ভাল পোৱা কামবোৰ কৰি যাব লাগে। [৩]
- শাস্ত্ৰীয় সংগীত এখন গুৰু-গম্ভীৰ সমাজ, য'ত গায়কেই শ্ৰোতা, শ্ৰোতাই গায়ক। য'ত সকলোৱে সকলোৰে গান শুনে। গান গায়, ইজনে সিজনক শ্ৰদ্ধা-সন্মান কৰে। [৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ মনজ্যোৎস্না মহন্তৰ সৈতে অন্তৰংগ আলাপ. প্ৰকাশক: সাহিত্য ডট অৰ্গ (15 July 2013). আহৰণ কৰা হৈছে: 30 মে' 2021.
- ↑ ২.০ ২.১ ২.২ ২.৩ ২.৪ সাক্ষাৎ গ্ৰহণ-ভাস্বতী দেৱী. "সুৰৰ মাজত সুৱদি সুৰ", সাক্ষাৎকাৰ, ১৩ নৱেম্বৰ ২০২৪,.পৃষ্ঠাসমূহ. ১১. আহৰণ কৰা হৈছে 13 November 2024.
- ↑ ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ ৩.৬ ৩.৭ ৩.৮ ৰক্তিম গোস্বামী (এপ্ৰিল ২০২৫). "মনজ্যোৎস্না মহন্তৰ সৈতে কথোপকথন". বসন্ত বৈভৱ: ২২-২৯.