মইনুল হক
অৱয়ব
মইনুল হক হৈছে এজন মূকাভিনেতা তথা কৌতুক অভিনেতা। অসমত মূকাভিনয়ৰ বীজ সিঁচি এক সাংস্কৃতিক জাগৰণৰ সূচনা কৰা অন্যতম ব্যক্তি আছিল মূকাভিনেতা মইনুল হক৷ সত্তৰৰ দশকত তেখেত আছিল অসমৰ মঞ্চৰ এজন সফল কৌতুক অভিনেতা। মূকাভিনয়ৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰলস কৰ্মৰাজি আৰু অৱদানৰ বাবে ২০০৯ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা সংস্কৃতিৰ উচ্চ প্ৰশংসিত সন্মান ‘সংগীত নাটক একাডেমী বঁটা’ৰে মইনুল হকদেৱক বিভূষিত কৰা হয়৷[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- স্কুল-কলেজৰ দিনৰ পৰাই পঢ়া-শুনাৰ লগে লগে এই সাংস্কৃতিক দিশতো চিন্তা-চৰ্চা কৰিবলৈ লওঁ৷[১]
- আগতে কৌতুক-শিল্পীসমূহক ইমান মৰ্যাদা দিয়া নহৈছিল৷ প্ৰখ্যাত শিল্পীসকলে গীত পৰিবেশন কৰাৰ আগত বাদ্যযন্ত্ৰবোৰ ঠিক-ঠাক কৰি থকা সময়কণতহে অনুষ্ঠান কৰিবৰ বাবে সুযোগ-সুবিধা দিছিল৷[১]
- অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বহু ঠাইত মঞ্চত কৌতুক পৰিবেশন কৰিলো৷ কৌতুক অভিনেতাৰ মাননিও অৱশ্যে সেই সময়ত খুবেই কম আছিল৷ মই জানিছিলোঁ যে খুহুতীয়া ভাও কৰি মই বেছি দিন খাব নোৱাৰিম৷ গতিকে মই এটা খুব কঠিন সিদ্ধান্ত লৈ পেলালোঁ যে মই নিজকে প্ৰস্তুত কৰিবলৈ ১০ বছৰ সময় ল’লো৷ সেই সময়ত মোৰ জনপ্ৰিয়তা তুংগত আছিল৷ মাইম কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে মোৰ পেছাটো পুনৰ একেবাৰে শূন্যলৈ নামি আহিল৷ কিন্তু ধৈৰ্য ,একাগ্ৰতা আৰু আগ্ৰহৰ বাবে জীৱনত কিবা কৰাৰ মানসিকতাৰে সংকল্প লৈ বহু সংঘাত আৰু সংগ্ৰামৰ মাজেদিয়েই জীৱনৰ দহটা বছৰ ব্যৱহাৰ কৰি মই পুনৰ উঠিবলৈ আৰম্ভ কৰো আৰু লাহে লাহে আজিৰ অৱস্থাত উপনীত হওঁ৷[১]
- নিজে পঢ়ি আৰু মোৰ জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ পৰা মই মাইম কৰিবলৈ লওঁ আৰু মাইমকে মোৰ জীৱনৰ নিছা,পেছা সকলো হিচাপে গ্ৰহণ কৰিবলৈ দৃঢ়সংকল্প ল’লোঁ৷[১]
- ৰাজনৈতিক কৌতুকে এচাম লোকক আকৃষ্ট কৰিব, কিন্তু সকলোকে নহয় আৰু মই সকলোৰে লগত জড়িত বিষয়বোৰহে অনুষ্ঠানৰ মাজেদি মানুহৰ মাজলৈ নিবলৈ বিচাৰিছিলো, যিটো মই এতিয়াও কৰি আছো৷ মোৰ মাইমৰ বিষয়বস্তু সাৰ্বজনীন, মানুহৰ কাহিনী, মানুহৰ বাবে। ই কোনো ৰাজনৈতিক দলৰ লগত জড়িত কৰি নহয়৷[১]
- মোৰ সদায় এটা সপোন আছিল যে এদিন মোৰো নামত বেনাৰ লাগিব৷[১]
- মই বিভিন্ন সময়ত মানুহক লক্ষ্য কৰোঁ, বিষয়বোৰ সূক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰোঁ৷ বিষয় এটা মনলৈ আহিলে মই সকলো সময়ত সেই বিষয়টোকে ভাবি থাকো৷ আনকি ক’ৰবাত এনেকুৱাও হৈছে যে মই অন্যমনস্ক হৈ ভাবি আছোঁ, পিছত মানুহ এগৰাকীয়ে কৈছে — “আপুনি কিয় মোলৈ এনেকৈ চাই আছে?”। গালিও খাওঁ কেতিয়াবা৷[১]
- মই কেতিয়াও স্ক্ৰিপ্ট লিখি নলওঁ৷ লিখা-মেলা কাম মই একেবাৰে নকৰো৷ অনুশীলন কৰাৰ সময়তো মই লিখি নলওঁ৷ বিষয় এটা মনলৈ অহাৰ পিছত সেই বিষয়টো কি দৰে উপস্থাপন কৰিম, মনতেই এটাৰ পিছত এটাকৈ দৃশ্য ভাবি লওঁ আৰু নিজকে এজন দৰ্শক হিচাপে আৰু শিল্পী হিচাপে সকলো দিশ জুকিয়াই চোৱাৰ পিছত বিষয়টোৰ কাম আৰম্ভ কৰো৷ এটা বিষয় বাছনি কৰি তাক মঞ্চত উপস্থাপন কৰালৈকে প্ৰায় তিনিবছৰ সময় লওঁ৷ মঞ্চত পৰিবেশন কৰাৰ আগত মঞ্চখন মোৰ চিনাকি হ’ব লাগিব৷[১]
- মঞ্চ আৰু শিল্পী সদায় একাত্ম হ’ব লাগে, মঞ্চত উঠিলে আৰু পৰিবেশন কৰিলে এনে হ’ব নালাগে কাৰণ মঞ্চখনেই আমাৰ বাবে সকলো৷[১]
- নাট্যশাস্ত্ৰৰ মতে বগা ৰংটোৱে হাস্য আৰু ক’লা ৰংটোৱে কাৰুণ্যক প্ৰতিনিধিত্ব কৰে৷ মুকাভিনয় প্ৰধানতঃ মুখৰ অঙ্গী-ভঙ্গীৰ দ্বাৰা পৰিবেশন কৰা হয়। সেয়ে মুখৰ এক্সপ্ৰেশ্বন ডাঙৰ কৰাৰ বাবে আৰু অধিক স্পষ্ট কৰাৰ বাবে মুখমণ্ডলত বগা ৰং লগোৱা হয়, চকুত কাজল, ওঁঠত ক’লা ৰং বা কাজল ব্যৱহাৰ কৰে। সাধাৰণতে মূকাভিনয়ৰ বাবে কোনো নিৰ্দিষ্ট পোছাক নাথাকে।[১]
- মূকাভিনয়ত মুখখনৰ ভাৱ-ভঙ্গীৰ গুৰুত্ব অপৰিসীম৷ [১]
- সংগীত হ’ল মূকাভিনয়ৰ প্ৰাণ। মূকাভিনয়ৰ বিষয়বস্তুৰ লগত ৰজিতা খুৱাই সংগীত ব্যৱহাৰ কৰা হয়। যিহেতু মূকাভিনয়ত কোনো সংলাপ বা ভাষা ব্যৱহাৰ কৰা নহয়। গতিকে সংগীতে যথেষ্ট সহায় কৰে।[১]
- সাধাৰণতে মোৰ মাইমৰ বিষয়বস্তু ইউনিভাৰচেল৷ কোনো ৰাজনৈতিক বিষয় মই বাছনি নকৰো৷ সেইকাৰণেই মোৰ বিষয়বোৰ সকলো ঠাইতে সকলোৱে আঁকোৱালি ল’ব পাৰে৷ মানুহৰ জীৱনত দৈনন্দিন ঘটি থকা সৰু-ডাঙৰ কথাবোৰ, ইচ্ছা, হাবিয়াসবোৰ তথা সমাজৰ এখন প্ৰতিচ্ছবি মই ডাঙি ধৰিবলৈ চেষ্টা কৰো, যিটো আমাৰ অসমৰ মানুহৰ বাবেই হওক বা বিশ্বৰ যিকোনো এজন ব্যক্তিৰ বাবে একেই হ’ব৷ সেইকাৰণে মোৰ বিষয়বস্তুক সকলো ঠাইতে সকলো মানুহেই সমানে আদৰি ল’ব পাৰে৷[১]
- ভবিষ্যৎ পৰিকল্পনা বুলিবলৈ কাৰনো আশা নাথাকে! আশাৰ জানো কেতিয়াবা শেষ আছে![১]
- মোৰ জীৱনৰ এটাই মন্ত্ৰ — ‘লাও-জিকা-ভোল হ’বলৈ নিবিচাৰিবা, এজোপা নাৰিকল গছ হোৱা, লাও-জিকা-ভোল সোনকালে বাঢ়ে। কিন্তু থাকেও কম দিন আৰু আনৰ ওপৰত ভেজা দিহে থাকে। নাৰিকল পুলিটো গছ হৈ গুটি লাগিবলৈ সময় লাগে। কিন্তু বহু বছৰ ফল দিয়ে আৰু প্ৰতিটো কামতে লাগে, নিজৰ ভৰিতে ঠিয় হৈ থাকে৷ গতিকে এজোপা নাৰিকল গছৰ দৰে হোৱা৷’[১]