ভৃংগেশ্বৰ শৰ্মা
অৱয়ব
ভৃংগেশ্বৰ শৰ্মা হৈছে অসমৰ এগৰাকী ব্যংগ লেখক, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু পেচাত এজন চিকিৎসক। তেখেতে দীৰ্ঘদিন ধৰি প্ৰান্তিক আলোচনীৰ পাতত 'দৈনন্দিন' শিতানত হাস্য-ব্যংগ ৰচনা লিখি আহিছে। এই দৈনন্দিন শিতানত প্ৰকাশপোৱা লেখাবোৰ পৰৱৰ্তী সময়ত গ্ৰন্থাকাৰে প্ৰকাশ পাইছে।[১] ১৯৯৬ চনত কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু গ্ৰন্থৰ বাবে "মুনীন বৰকটকী বঁটা" লাভ কৰিছিল।[২]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- চিকিৎসক হিচাপে নহয়, এজন সাধাৰণ মানুহ হিচাপে ভাবকচোন, পৃথিৱীৰ কোনো মানুহেই কিজানি এই কথা এশ শতাংশই নাজানে, দৈনন্দিন জীৱনত কোনটো কাম কৰোঁতে কিমান পেশী ব্যৱহত হয়। আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাম, হঁহা-কন্দাৰ লগতে খোৱা-বোৱা, খোজ কঢ়া, দৌৰা, অন্য কাম কৰা, ব্যায়াম কৰা আদিত কিমান পেশী ব্যৱহত হৈছে সেই কথা মনত ৰাখি আমি কামবোৰ নকৰোঁ। [১]
- তথাকথিত আধুনিকতাৰ নামত আমি তথ্য-প্ৰযুক্তি, প্ৰতিযোগিতা, কেৰিয়াৰ, ভোগসৰ্বস্ব জীৱন আদিৰ পাছত এনেদৰে দৌৰিবলৈ আৰম্ভ কৰিছোঁ যে হাঁহি-ধেমালি, আনন্দ, আত্মীয়তা, পৰিয়াল, আন্তৰিক টান আদিৰ দৰে ‘অদৰকাৰী’ কথাবোৰ ভাবিবলৈ আমাৰ সময় নোহোৱা হৈছে। আমাৰ শিশুবোৰকো আমি তেনেদৰেই গঢ় দি লৈছোঁ। মাত ফুটিবলৈ আৰম্ভ কৰাৰ পৰাই আমি সিহঁতক স্কুলত দিছোঁ। মূৰত অনবৰতে এটা ছাপ। সিহঁতৰ মূৰত আমি মাত্ৰ এটা কথাই সুমুৱাই দিছোঁ যে সিহঁতৰ সন্মুখত মাত্ৰ যেন এটাই ৰাস্তা– পঢ়া, পৰীক্ষাত বেছি নম্বৰ পোৱা, আনতকৈ বেছি নম্বৰ পোৱা, প্ৰতিযোগিতাত বহা, যেনে তেনে প্ৰকাৰে এটা ছিট লোৱা, এটা ভাল চাকৰি, গাড়ী-ঘৰ, টকা-পইচা। সেই ৰাস্তাটোৰ বাহিৰে ৰাস্তাৰ দাঁতিত থকা অন্য কথা চাবলৈ, ভাবিবলৈ সিহঁতৰ সময় নাই। মানুহৰ Expectation ইমান বাঢ়িছে যে স্বাভাৱিকতেই এটা সময়ত বিষণ্ণতা বা হতাশাত ভুগিবলৈ বাধ্য হয়।[১]
- হাঁহি হৈছে অন্তৰৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। জোৰ-জবৰদস্তি হাঁহিব নোৱাৰি, হঁহুৱাবও নোৱাৰি। হাঁহি কাক বোলে বুলি সুধিলে মই ক’ব নোৱাৰিম ঠিকেই, কিন্তু মুখেৰে হাঁহিৰ দৰে হেঃহেঃ কৈ শব্দ কৰাকে হাঁহি নোবোলে। মোৰ বোধেৰে হাঁহি বস্তুটো এনেকুৱা নহয় যে ছুইচ অন কৰিলে হাঁহিম আৰু ছুইচ অফ কৰিলে হাঁহি বন্ধ কৰিম। গতিকে লাফিং ক্লাবত যিটো কৰে, মই ভাবোঁ সেয়া এক প্ৰকাৰৰ হাঁওফাঁওৰ ব্যায়াম,কিন্তু হাঁহি নহয়।[১]
- বয়সৰ অভিজ্ঞতাও এটা ডাঙৰ অভিজ্ঞতা।[১]
- মই ভাবো, ব্যস্ততাই সকলো ক্ষেত্ৰতে বাধা হ’ব নোৱাৰে। ব্যস্ততা,সময়ৰ অভাৱ আদি বহু ক্ষেত্ৰত এটা অজুহাত।[১]
- মই ভাবোঁ, অকল ব্যংগ বা অকল হাস্য লেখাতকৈ হাস্যৰ চলেৰে লিখা ব্যংগই পাঠকক বেছিকৈ আকৰ্ষিত কৰে।[১]
- গল্প, কবিতা, প্ৰবন্ধ, উপন্যাস বা ব্যংগ ৰচনা এখন লিখোঁতে মই সদায় মনত ৰাখোঁ– কি হোৱা উচিত। হয়তো মোৰ চিন্তাধাৰাৰ ক’ৰাবাত ভুলো থাকিব পাৰে, সেয়া অন্য কথা। কিন্তু পাঠকে কি বিচাৰিছে, মই যদি সেইটো দিবলৈ যাওঁ, সেয়া দেখোন সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ চেষ্টা কৰাহে হ’ল।[১]
- হয়তো আমাৰ সমাজৰ বেছি সংখ্যক লোকেই সস্তীয়া, লঘূ, মনোৰঞ্জক,মুখৰোচক বস্তুহে বিচাৰে। যদি শিল্পী, সাহিত্যিক, চলচ্চিত্ৰ নিৰ্মাতা, গায়ক, নাট্যকাৰ, বুদ্ধিজীৱী আটায়ে সেইমতে যোগান ধৰিবলৈ যায়, সাধাৰণ জনতাক সঠিক পথ দেখুৱাব কোনে ![১]
- কৰ্মক্ষেত্ৰত সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা মানি নচলা গুণটোৱেই মই কিজানি আটাইতকৈ বেছি বেয়া পাওঁ, বা ক’বলৈ গ’লে ঘৃণা কৰোঁ। কৰ্মক্ষেত্ৰৰ পাছতে মোৰ পৰিয়াল। মোৰ পুত্ৰ-কন্যা, পত্নী বা পৰিয়ালৰ বাবে যিমান পাৰোঁ সময় দিওঁ। তাৰ পাছত ৰৈ যোৱা বাকী সময়খিনি মোৰ সম্পূৰ্ণ ব্যক্তিগত। প্ৰায়েই এনে হয় যে কৰ্মক্ষেত্ৰ আৰু পৰিয়ালক সময় দিয়াৰ পাছত মোৰ একান্ত নিজৰ বুলিবলৈ সময় নাথাকেই। নাথাকিলেও মোৰ কোনো আপত্তি নাই।[১]
- বিজ্ঞানভিত্তিক গল্প, উপন্যাস,ৰচনা আদি নিয়মীয়াকৈ লিখিবলৈ নিয়মীয়াকৈ বিজ্ঞান অধ্যয়ন কৰিব লাগিব।[১]
- ‘ডাঙৰ মানুহ’ হওক ‘সৰু মানুহ’ হওক সকলোৰে জীৱনত এটা দৰ্শন থকা উচিত। গতিকে মোৰো এটা জীৱন দৰ্শন আছে। মই মোৰ সাধ্যৰ ভিতৰত জীৱনটো উপভোগ কৰিবলৈ বিচাৰোঁ। খোৱা-বোৱা, পিন্ধা-উৰা, ফুৰা-চকাত খৰচ কৰোঁ, উপভোগ কৰোঁ। পইচাৰ বাবে মই চিন্তা নকৰোঁ, কিন্তু ধাৰ-ঋণ লৈ উপভোগ নকৰোঁ।[১]
- লেখা-মেলাত বা কোৱাত নৈতিকতাৰ লেকছাৰ মাৰি ব্যক্তিগত জীৱনত অনৈতিক কাম নকৰোঁ।[১]
- মোৰ কোনো আদৰ্শ ব্যক্তি নাই। কোনো এগৰাকী ব্যক্তিৰ কেইটামান গুণ ভাল লাগিলেও আন কেইটামান গুণ হয়তো ভাল নালাগে।[১]
- এটা মাত্ৰা বা সীমালৈকে ঈশ্বৰ বিশ্বাস কৰাটো বেয়া নহয় বুলি ভাবোঁ। কিন্তু মাত্ৰাধিক বা অন্ধ ঈশ্বৰ-বিশ্বাস সামাজৰ বাবে ক্ষতিকাৰক।[১]
- বিদ্ৰূপাত্মক ভাষা আৰু অপ্ৰত্যক্ষ বক্তব্য ব্যংগ ৰচনাৰ বৈশিষ্ট্য হ’লেও সেইবোৰ সহজবোধ্য হ’ব পাৰে, অন্ততঃ এচাম বুদ্ধিমান পাঠক বা দৰ্শকৰ বাবে। কিন্তু বক্তব্য যেতিয়া দুৰ্বোধ্য বা অবোধ্য হয়, তেতিয়াই পাঠক বা দৰ্শকে গভীৰতা উপলব্ধি কৰিবলৈ অসমৰ্থ হয়। এই কথা ব্যংগ ৰচনা বুলিয়েই নহয়, গল্প, কবিতা সকলো ক্ষেত্ৰতেই প্ৰযোজ্য।[১]
- যিসকল হাস্য-ব্যংগ লিখিবলৈ আগ্ৰহী, তেওঁলোকে সৰু সৰু কথাবোৰ মন কৰিবলৈ চেষ্টা কৰক। দৈনন্দিন জীৱনত ঘটি থকা সৰু সৰু কথাবোৰৰ পৰাই ডাঙৰ ডাঙৰ কথা লিখিব পাৰি। ব্যক্তিগত আক্ৰমণ,ঠাট্টা-মস্কৰা,ইতিকিং,উপলুঙা আদি পৰিহাৰ কৰা উচিত। ভাষা সহজ-সৰল, প্ৰাঞ্জল কিন্তু শক্তিশালী হোৱা উচিত। আৰু মনত ৰখা ভাল, প্ৰতিটো হাস্য-ব্যংগ লেখাৰ এটা সাহিত্য মূল্য থকা উচিত।[১]