ভলতেয়ৰ
অৱয়ব

ভলতেয়ৰ (২১ নৱেম্বৰ ১৬৯৪ – ৩০ মে ১৭৭৮) ফ্ৰান্সৰ বৌদ্ধিক জাগৰণ যুগৰ এজন মহান লেখক, নাট্যকাৰ আৰু দাৰ্শনিক আছিল। তেওঁৰ প্ৰকৃত নাম আছিল ফ্ৰাঙ্কোইচ-মেৰী আহো। তেওঁ নিজৰ বুদ্ধি, দাৰ্শনিক মনোভাৱ আৰু নাগৰিক স্বাধীনতাৰ (ধৰ্মৰ স্বাধীনতা আৰু মুক্ত বাণিজ্য) সমৰ্থনৰ বাবেও জনাজাত।
ভলতেয়ৰে সাহিত্যৰ প্ৰায় প্ৰতিটো ধাৰাতে লিখিছিল। তেওঁ নাটক, কবিতা, উপন্যাস, প্ৰবন্ধ, ঐতিহাসিক আৰু বৈজ্ঞানিক লিখনি আৰু ২০,০০০ তকৈও অধিক চিঠি আৰু পত্ৰিকা ৰচনা কৰিছিল।
সেই সময়ত ফ্ৰান্সত অভিব্যক্তিৰ ওপৰত বিভিন্ন প্ৰতিবন্ধকতা আছিল যদিও তেওঁ সামাজিক সংস্কাৰৰ সপক্ষে মুকলিকৈ কথা পাতিছিল। তেওঁৰ ৰচনাসমূহৰ জৰিয়তে তেওঁ ৰোমান কেথলিক গীৰ্জা আৰু অন্যান্য ফৰাচী প্ৰতিষ্ঠানসমূহৰ উপহাস কৰিছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মৃত্যুৰ বিষয়ে অবাবতে চিন্তা-ভাবনা কৰি সময়ৰ অপচয় নকৰিবা; কেৱল কাম কৰি যোৱা। জীৱনটোক সহনীয় কৰি তোলাৰ সেইটোৱেই একমাত্ৰ উপায়।[১]
- এজন মানুহক তেওঁৰ উত্তৰতকৈ প্ৰশ্নৰ জৰিয়তে বিচাৰ কৰা উচিত। [২]
- সম্পূৰ্ণ নিখুঁত হোৱাৰ চেষ্টাই ভাল বস্তুটো নষ্ট কৰে।[৩]
- সাধাৰণ বুদ্ধি তেনেই সাধাৰণ নহয়।[৪]
- যিসকলে আপোনাক অযুক্তিক বিশ্বাস কৰাব পাৰে, তেওঁলোকে আপোনাক ভয়ংকৰ কামো কৰাব পাৰে।[৫]
- মানুহ জন্মতেই দুষ্ট নহয়, মানুহ বেমাৰী হোৱা লেখিয়াকৈ পিচতহে দুষ্ট হয়।[৬]
- যিজনে নিজকে জ্ঞানীলোক বুলি ভাবে তেওঁতকৈ মূৰ্খলোক পৃথিৱীত দ্বিতীয়জন নাই।[৬]
- মই কেতিয়াও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা নাছিলো, মাত্ৰ এটা অতি সৰু প্ৰাৰ্থনাৰ বাহিৰে: "হে প্ৰভু, মোৰ শত্ৰুবোৰক হাঁহিবলৈ দিয়ক।" আৰু ঈশ্বৰে এই প্ৰাৰ্থনা পূৰণ কৰিলে।[৭]
- যেতিয়া ধনৰ প্ৰশ্ন আহি পৰে, তেতিয়া সকলোৱেই একেটা ধৰ্মৰ হৈ পৰে।[৬]
- ভাল অনুকৰণতেই প্ৰকৃত মৌলিকত্ব লাভ কৰে।[৬]
- মানুহ এজনক উত্তৰৰ দ্বাৰা নহয়, তেওঁক প্ৰশ্নৰ দ্বাৰা বিচাৰ কৰক।[৬]
- কৰ্মই মানুহক তিনিটা বৃহৎ অনিষ্টকাৰী শক্তিৰপৰা ৰক্ষা কৰে, ক্লান্তি, কু-অভ্যাস আৰু অভাৱ।[৬]
- অসভ্য বৰ্বৰ জাতিৰ বাহিৰে সমগ্ৰ ভূমণ্ডলৰ মানৱ জাতিক পৰিচালনা কৰে কিতাপে।[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ আত্মানুসন্ধান, হোমেন বৰগোহাঞি, পৃষ্ঠা ২৭৪
- ↑ Letters on England (১৭৩৩)
- ↑ La Bégueule(১৭৭২)
- ↑ Philosophical Dictionary (১৭৬৪)
- ↑ Questions sur les miracles (1765)
- ↑ ৬.০ ৬.১ ৬.২ ৬.৩ ৬.৪ ৬.৫ ৬.৬ মহৎ লোকৰ বাণী, কুবেৰ পাব্লিকেচন
- ↑ Letter to Étienne Noël Damilaville, May 16, 1767 (ইতিয়েন নোয়েল ডামিলাভিলেৰ কাছে চিঠি, ১৬ মে, ১৭৬৭), উদ্ধৃত: অক্সফোৰ্ড ৰেফাৰেন্স
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- Internet Encyclopaedia of Philosophy on Voltaire
- Voltaire at Project Gutenberg
- Voltaire selections at bartleby.com
- Dictionnaire philosophique
- Selections and full text downloads at ebooktakeaway.com
- Voltaire's works at intratext.com
- VisitVoltaire.com
- Voltaire and Émilie du Châtelet : Portraits and relations)
- "The Life of Voltaire" by Caspar J M Hewett
- A complete bibliography
- Bibliography
- Review of "Voltaire's Bastards" by John Ralston Saul