ভলতেয়ৰ
অৱয়ব
ভলতেয়ৰ (২১ নৱেম্বৰ ১৬৯৪ – ৩০ মে ১৭৭৮) ফ্ৰান্সৰ বৌদ্ধিক জাগৰণ যুগৰ এজন মহান লেখক, নাট্যকাৰ আৰু দাৰ্শনিক আছিল। তেওঁৰ প্ৰকৃত নাম আছিল ফ্ৰাঙ্কোইচ-মেৰী আহো। তেওঁ নিজৰ বুদ্ধি, দাৰ্শনিক মনোভাৱ আৰু নাগৰিক স্বাধীনতাৰ (ধৰ্মৰ স্বাধীনতা আৰু মুক্ত বাণিজ্য) সমৰ্থনৰ বাবেও জনাজাত।
ভলতেয়ৰে সাহিত্যৰ প্ৰায় প্ৰতিটো ধাৰাতে লিখিছিল। তেওঁ নাটক, কবিতা, উপন্যাস, প্ৰবন্ধ, ঐতিহাসিক আৰু বৈজ্ঞানিক লিখনি আৰু ২০,০০০ তকৈও অধিক চিঠি আৰু পত্ৰিকা ৰচনা কৰিছিল।
সেই সময়ত ফ্ৰান্সত অভিব্যক্তিৰ ওপৰত বিভিন্ন প্ৰতিবন্ধকতা আছিল যদিও তেওঁ সামাজিক সংস্কাৰৰ সপক্ষে মুকলিকৈ কথা পাতিছিল। তেওঁৰ ৰচনাসমূহৰ জৰিয়তে তেওঁ ৰোমান কেথলিক গীৰ্জা আৰু অন্যান্য ফৰাচী প্ৰতিষ্ঠানসমূহৰ উপহাস কৰিছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মৃত্যুৰ বিষয়ে অবাবতে চিন্তা-ভাবনা কৰি সময়ৰ অপচয় নকৰিবা; কেৱল কাম কৰি যোৱা। জীৱনটোক সহনীয় কৰি তোলাৰ সেইটোৱেই একমাত্ৰ উপায়।[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ আত্মানুসন্ধান, হোমেন বৰগোহাঞি, পৃষ্ঠা ২৭৪