সমললৈ যাওক

ভবেন চন্দ্ৰ কলিতা

ৱিকিউদ্ধৃতিৰ পৰা

ভবেন চন্দ্ৰ কলিতা হৈছে এজন অসমীয়া গণিত-সাধক, পাঠ্যপুথি প্ৰণয়ক। তেওঁ অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এমেৰিতাছ প্ৰফেছৰ হিচাপে সন্মান পাইছিল।[]

  1. জীৱনৰ সকলো শ্ৰেণীৰ মানুহৰ সকলো স্তৰতে যুক্তিবাদে মানুহক সঠিক দিশত পৰিচালিত কৰে। অৱশ্যে আপেক্ষিকভাৱে স্থান-কাল ভেদে বেলেগ হ'ব পাৰে। সেয়েহে গাণিতিক ধাৰণাটো (বিষয়টো নজনাকৈও) সকলো মানুহৰ বাস্তৱ সহচৰ হোৱা উচিত আৰু বহুতৰ ক্ষেত্ৰত হোৱাটোও দেখা যায়। []
  2. সমাজ ব্যৱস্থাত যুক্তিবাদেৰে কৰা কথোপকথন বা মেল-মিটিঙত হোৱা তৰ্ক-বিতৰ্কৰ পৰাও গণিত বিষয়টোৰ প্ৰভাৱ অশিক্ষিত মানুহেও বুজিব পাৰে। []
  3. নিজৰ বিষয়ৰ প্ৰতি থকা আগ্ৰহ, হাইস্কুল পৰ্যায়ত পোৱা গণিতৰ শিক্ষকৰ অভাৱ আৰু খোৱাৰ পিছত গণিতৰ বাহিৰে বেলেগ পঢ়িব নোৱৰা বাবে গণিতক "টোপনি খেদাৰ ঔষধ" মান্য কৰিয়ে গণিতৰ প্ৰতি আকৰ্ষিত হোৱা বুলি ক'ব পাৰোঁ। []
  4. গণিত বিষয়টোৰ গুৰুত্ব আৰু প্ৰয়োগ বৰ্ণনা কৰিবলৈ হ'লে এখন মহাভাৰত হ'ব। এক কথাত ক'বলৈ হ'লে এনে এটা দিশ নাই য'ত গণিতৰ প্ৰয়োগ নোলাব। []
  5. গণিতৰ বক্তৃতাৰ বাদেও মেল-মিটিঙত দিয়া ভাষণ ক্ৰম আৰু যুক্তিবাদৰ (গাণিতিক) ওপৰত প্ৰতিষ্ঠিত হ'লেহে আকৰ্ষণীয় হয়। []
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ পংকজ জ্যোতি মহন্ত, সম্পাদক (জুলাই-ডিচেম্বৰ ২০২০). "সাক্ষাৎকাৰ - গণিত আৰু কিতাপৰ জগতত". গণিত বিকাশ ৬৭: ৫৩-৫৫.