সমললৈ যাওক

বৰ্ণালী দাস

ৱিকিউদ্ধৃতিৰ পৰা

বৰ্ণালী দাস হৈছে অসমৰ এগৰাকী যুৱ-জ্যোতিৰ্বিজ্ঞানী।তেওঁ তেওঁৰ নিজা অধ্যয়নৰ দ্বাৰা মহাকাশত সূৰ্যতকৈ ডাঙৰ আৰু উষ্ণ আঠটা তৰাৰ[] বিশেষ বৈশিষ্ট্য ধৰা পেলাবলৈ সক্ষম হয়৷ [] ২০১৮ চনত তেওঁ পূৰ্ণাংগ ৰূপত গৱেষণাৰ কামত নিয়োজিত হৈ সফলতা লাভ কৰিছিল ২০২১ চনত৷[]

  1. বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তোলাত সকলোতকৈ বেছি অৱদান আছে মোৰ মাৰ। মোৰ মা আছিল বিজ্ঞানৰ শিক্ষয়িত্ৰী। তেখেতে বিজ্ঞান জনপ্ৰিয়কৰণৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰা মই সৰুৰে পৰা দেখিছিলোঁ। তেখেত ৰাষ্ট্ৰীয় শিশু-বিজ্ঞান সমাৰোহৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। মোক আৰু বাইদেউক বিভিন্ন বিজ্ঞান প্ৰদৰ্শনীলৈ লৈ গৈছিল। সেইবোৰত অংশগ্ৰহণ কৰিবলৈ উৎসাহ দিছিল। মাই বাইদেউ আৰু মোৰ বাবে ঘৰতে কৰিব পৰা ৰসায়ন বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাৰ বিভিন্ন কিতাপো আনি দিছিল; লগতে তাৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি আনি দিছিল। সেই পৰীক্ষাবোৰ কৰি মই খেলা-ধূলা কৰাৰ দৰেই আনন্দ পাইছিলোঁ। এইবোৰ দেখি শুনিয়েই মই বিজ্ঞানৰ প্ৰতি আকৃষ্ট হৈছিলোঁ।[]
  2. বিশ্বব্ৰহ্মাণ্ডৰ অধ্যয়নেই হ’ল জ্যোতিৰ্বিজ্ঞান। মহাকাশখন আমি যেনেকুৱা দেখা পাওঁ, কিয় তেনেকুৱা? ইয়াৰ উপাদানবোৰ কি? সেইবোৰৰ সৃষ্টি কেনেকৈ হ’ল? সেইবোৰে কেনেকুৱা ধৰণৰ ‘নিয়ম’ মানি চলে? সিহঁতৰ ভৱিষ্যত কি? ইত্যাদি প্ৰশ্নবোৰ জ্যোতিৰ্বিজ্ঞানৰ অন্তৰ্গত। []
  3. গৱেষণাৰ আৰম্ভণিতে পৰীক্ষাবোৰৰ পৰা আশানুৰূপ ফল পোৱা নাছিলোঁ। তাৰ পৰা হতাশাৰ জন্ম হৈছিল। কোনো কোনোৱে গৱেষণাৰ ফলপ্ৰসূতাক লৈ প্ৰশ্ন তুলিছিল। ইয়াৰ বাহিৰে আন কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিলোঁ। []
  4. এই বিশ্বব্ৰহ্মাণ্ডত আমি (পৃথিৱী) মুঠেও বিশেষ নহয়। []
  5. মোৰ বোধেৰে প্ৰশ্ন কৰাটো বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ প্ৰথম ঢাপ। []
  6. আমাৰ সমাজত জ্যোতিৰ্বিজ্ঞানতকৈ জ্যোতিষ বেছি পৰিচিত বিষয়। জ্যোতিৰ্বিজ্ঞান নো কি সেয়া বহুতেই নাজানে, আন বহুতেই জ্যোতিৰ্বিজ্ঞানী মানেই মহাকাশচাৰী বুলি ভাৱে। মই ভাবোঁ এই অৱস্থা লাহে লাহে সলনি হ’ব। তাৰ বাবে মোৰ দৰে ছাত্ৰ-ছাত্ৰীসকলৰ বহুতো কৰণীয় আছে। সহজ-সৰলভাৱে জ্যোতিৰ্বিজ্ঞান বিষয়ক প্ৰবন্ধ লিখাটো হ’ব তেনে এটা পদক্ষেপ। []
  7. বয়সস্থসকলে যিহেতু কিছু নিয়ম (অবিজ্ঞানসন্মত) বহু বছৰ ধৰি মানি আহিছে, তেওঁলোকৰ বাবে নতুন নিয়ম এটি মানি লোৱা কঠিন। কিন্তু যুৱপ্ৰজন্মৰ সেই সমস্যাটো হোৱা উচিত নহয়। তেওঁলোকে সমাজৰ পৰা লাভ কৰা জ্ঞান / নিয়মবোৰৰ যুক্তিযুক্ততা সম্পৰ্কে বিশ্লেষণ কৰাৰ মানসিকতা থকা দৰকাৰ। বহুসময়ত হয়তো বাধ্যত পৰি কোনো অযুক্তিকৰ নিয়ম মানি ল’ব লগা হয়। কিন্তু তেওঁলোকে যদি অন্ততঃ পৰৱৰ্তী প্ৰজন্মক সেইবোৰ কু-সংস্কাৰৰ পৰা মুক্ত ৰখাৰ সিদ্ধান্ত লয়, সেয়াও বহুত। []
  8. এজন ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়াই বুধ, বৃহস্পতি, ৰবি, মংগল নো কি জানিব পাৰে, তেতিয়াই তেওঁলোকৰ মনত জ্যোতিষ সম্পৰ্কে প্ৰশ্ন উদয় হোৱা উচিত। []
  9. সমাজৰ পৰা অপবিজ্ঞান, অন্ধবিশ্বাস, কু-সংস্কাৰ আঁতৰাবলৈ উঠি অহা চামক প্ৰশ্ন কৰিবলৈ শিকাব লগিব। ইয়াৰ বাবে মাক-দেউতাক, শিক্ষক-শিক্ষয়িত্ৰীৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব। []
  10. মোৰ মতে বিজ্ঞানসন্মতভাৱে দৈনন্দিন জীৱন যাপনৰ বাবে বিজ্ঞানৰ সকলো তত্ত্ব জনাৰ প্ৰয়োজন নহয়। দশম মানলৈকে শিকা বিজ্ঞানখিনি বেছিভাগ ক্ষেত্ৰৰ বাবেই যথেষ্ট (কিয়নো Google map ব্যৱহাৰৰ বাবে সাধাৰণ আপেক্ষিকতাবাদ নাজানিলেও চলে)। []
  11. সমাজৰ সৰ্বাংগীন উন্নতিৰ বাবে বিজ্ঞান অপৰিহাৰ্য, কিন্তু বিজ্ঞানৰ সকলো তত্ত্ব সকলোৱে জনাটো অপৰিহাৰ্য নহয়। []
  12. মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা বোধ হয় যে এটি শিশুক বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তোলাত ঘৰখনৰ ডাঙৰ ভূমিকা থাকে। বিজ্ঞান বিষয়ক বক্তৃতাতকৈ মোৰ বিজ্ঞানৰ প্ৰদৰ্শনীবোৰ বেছি ভাল লাগিছিল (মোৰ বাবে সেয়া যাদুৰ দৰেই আছিল)। এনেকুৱা প্ৰদৰ্শনীবোৰ আৰু বেছিকৈ (বিশেষকৈ গাওঁ অঞ্চলত) হোৱা দৰকাৰ। []
  13. বাহিৰা কিতাপৰ পঠনে মোৰ মানসিকতা বিকাশত সহায় কৰিছিল বুলি মোৰ ভাৱ হয়। বাহিৰা কিতাপ পঢ়ি মই মোৰ চৌপাশৰ লোকসকলৰ উপৰিও সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ দৃষ্টিভংগীৰ লগত পৰিচয় হৈছিল। []
  14. নিজৰ ভাষাটো ভালদৰে জানিবলৈ বাহিৰা কিতাপ (মাতৃভাষাত) পঢ়া দৰকাৰ। এয়া আচলতে আন ভাষাৰ ক্ষেত্ৰতো প্ৰযোজ্য। অভিভাৱকসকলে শিশুসকলক বাহিৰা কিতাপ পঢ়িবলৈ উৎসাহিত কৰা উচিত। []
  15. অনুজসকললৈ মোৰ এটায়ে পৰামৰ্শ, তেওঁলোকে যাতে সৰ্বোতপ্ৰকাৰে চেষ্টা কৰে বুজি পোৱাৰ যে তেওঁলোকে কেনেকুৱা কেৰিয়াৰ বিচাৰে আৰু সেয়া বুজিব পাৰিলে, তাক পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰাৰ বাবে যাতে সাজু থাকে। []
  16. সৌৰকেন্দ্ৰিক বিশ্বৰ ধাৰণাতেই নিহিত আছিল এক পৰম সত্য– এই বিশ্বব্ৰহ্মাণ্ডত আমি (পৃথিৱী) মুঠেও বিশেষ নহয় (We are not special in any way in this universe)। এইটো মোৰ ব্যক্তিগত মতামত।[]