সমললৈ যাওক

বৰ্ণালী কলিতা

ৱিকিউদ্ধৃতিৰ পৰা

বৰ্ণালী কলিতা অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী।[][] তেওঁ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী বিহু ৰাণী। তেওঁৰ জনপ্ৰিয় সংগীত এলবামবোৰৰ ভিতৰত আছে ৰাংঢালী, মৰমজান, মাইনা, অটোগ্ৰাফী ইত্যাদি৷ তেওঁ এতিয়ালৈ ১০,০০০ৰো অধিক গান গাইছে৷[]

  1. মই ইমান গভীৰলৈ গৈ নাভাবোঁ যে মই সুখী নে দুখী৷ কিন্তু এইটো কব পাৰো যে Music makes me happy,যদি কেতিয়াবা সংগীত মোৰ জীৱনৰ পৰা আতৰি যায় তেতিয়া কেনেকুৱা ধৰণৰ মানুহ এগৰাকী হৈ থাকিম, সেইটো মই কব নোৱাৰোঁ৷ সংগীত অবিহনে মোৰ অস্তিত্বই নাথাকিব চাগে৷ []
  2. মোৰ সংগীতৰ লগত সম্পৰ্কটো একেবাৰে পানীকেঁচুৱা হৈ থকাৰে পৰা৷ []
  3. সংগীতৰ বিশেষ একো পৰিবৰ্তন হোৱা নাই,যদি পৰিবৰ্তন হৈছে সংগীতৰ লগত জড়িত মানুহবোৰৰ জীৱন ধাৰণৰ৷ প্ৰায় সকলোৱে উপলব্ধি কৰিছে,কেৱল মাত্ৰ সংগীতকে পেছা হিচাপে লৈ চলিব নোৱাৰি৷ জীৱন ধাৰণৰ বাবে অন্য এটা পথো খোলা ৰাখিব লাগে৷ []
  4. যদি বৰগীতৰ পৰা চাওঁ,বা বৰগীত জ্যোতি সংগীত,ৰাভা সংগীত,ভূপেন হাজৰিকা দেৱৰ গীত,ৰূদ্ৰ বৰুৱাৰ গীত আদি কৰি গুলজাৰ চাহাবলৈকে; সকলোৰে সংগীতে মোক প্ৰেৰণা দিয়ে৷ সৰুতে এই সকলোবোৰ গীত অনুকৰণ কৰিছিলোঁ৷ মই খুব দাঠি কব পাৰোঁ যে লতাজী,আশাজীৰ ১০০০ মান গীত মুখস্থ আছে৷ []
  5. এতিয়ালৈকে যিমানবোৰ গীতত কণ্ঠ নিগৰাইছো,অধিকাংশই ৰোমান্টিক৷ দুই এটা প্ৰকৃতিৰ ওপৰতো গাইছো৷ কিন্তু সমাজৰ চিন্তা বা আশাক প্ৰতিফলিত কৰিব পৰা গীত বহুত বেছি এতিয়ালৈকে গোৱা নাই৷ []
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ সৈতে অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ নৱেম্বৰ ২০২১). আহৰণ কৰা হৈছে: 22 মে' 2024.
  2. Deka, Prantik (27 July 2019). Bornali Kalita Completes 20 Years in the Music Industry. প্ৰকাশক: Kothasobi.com. Archived from the original on 24 April 2021. আহৰণ কৰা হৈছে: 24 April 2021.
  3. Bornali Kalita. প্ৰকাশক: Biographyinsider.com. Archived from the original on 24 April 2021. আহৰণ কৰা হৈছে: 24 April 2021.