বৰদৈচিলা

ৱিকিউদ্ধৃতিৰ পৰা
অসমীয়া বায়বীয় ভূত-প্ৰেত বৰদৈচিলাৰ এখন কাল্পনিক চিত্ৰ।

বৰদৈচিলা (ইংৰাজী: Bordoisila) বৰ্ষাকালত অসমত মৌচুমী বায়ুৰ প্ৰৱেশৰ সময়ত অহা এক ধুমুহাৰ নাম। প্ৰতি বছৰ বৰদৈচিলাৰ কবলত ঘৰ, খেতিপথাৰৰ ক্ষতি হয়। চ’ত মাহৰ পৰা ব’হাগ মাহলৈকে অসমত বৰদৈচিলাৰ প্ৰভাৱ পৰিলক্ষিত হয়। বৰদৈচিলা নামৰ অৰ্থলৈ বিভিন্ন মতভেদ আছে। আহোমসকলৰ মতে ’বৰদৈ’ আৰু ’চিলা’ এই দুটা নাম মিলনৰ ফলত বৰদৈচিলা নামৰ সৃষ্টি হৈছে। বড়োসকলৰ মতে ’বৰ, ’দৈ’ আৰু ’চিখলা’ এই তিনি নামৰ মিলনৰ ফলত বৰদৈচিলা নামৰ সৃষ্টি। বৰ>বতাহ, দৈ>পানী আৰু চিখলা>গোঁসানী৷

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. চ’তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়৷
    গছ-গছনি ঘৰ দুৱাৰ নিয়ে উৰুৱাই৷[১]
  2. বৰদৈচিলা মানে কি অ“ ককাইটি?
    বড়োৰ ভাষাৰে, বৰ মানে বতাহ, দৈ মানে পানী আৰু চিখলা মানে হ’ল গোঁসানীজনী৷ এনে সাহসৰ বৰষুণ বোকোচাত লৈ চিলাজনী উৰিছিল ধুমুহা হৈ৷[২]
  3. বড়োসকলে বাৰদৈচিখলা নামে গোঁসানী এগৰাকীক (বীৰ হনুমানৰ জীয়েক) পূজা কৰিছিল, ’বাৰ’ মানে বতাহ বা ধুমুহা, ’দৈ’ মানে পানী বা বৰষুণ, ’চিখলা’ মানে গাভৰু বা গোঁসানী বা অপেশ্বৰী৷ চমুকৈ ক’বলৈ হ’লে, ’বৰদৈচিখলা’ মানে ধুমুহা-বৰষুণৰ গোঁসানী৷ ইয়াকে পিছলৈ ধুমুহা বা বাৰহুংখা বুলি কয়৷ এই ’বৰদৈচিখলা’ৰ পৰাই বৰদৈচিক্লা,...... বৰদৈচিহিলা,......... বৰদৈচিলা হৈছে বুলি অনুমান কৰা হয়৷ (বিষ্ণুপ্ৰসাদ ৰাভা) ,বিষ্ণু ৰাভা ৰচনাৱলী, পৃ: ১২৭২,[৩]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. বৰদৈচিলা. আহৰণ কৰা হৈছে: 24 ছেপ্টেম্বৰ 2023.
  2. সুধাকণ্ঠৰ ৰচনাত শব্দ নিৰ্বাচনৰ চমৎকাৰিতা. আহৰণ কৰা হৈছে: 24 ছেপ্টেম্বৰ 2023.
  3. হাকাচাম, ড° উপেন ৰাভা (২০১৮)। মুক্তি দেউল (বিষ্ণু ৰাভা স্মৃতি দিৱস)। সদৌ অসম ছাত্ৰ সন্থা,, পৃষ্ঠা:৫২।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: