বুদ্ধপ্ৰসাদ চেতিয়া
অৱয়ব
বুদ্ধপ্ৰসাদ চেতিয়া হৈছে অসমৰ এজন গণিতৰ অধ্যাপক, লেখক। তেওঁ অসম গণিত শিক্ষায়তনৰ সহপ্ৰতিষ্ঠাতা।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- প্ৰকৃততে এজন গৱেষকৰ মূল্যায়ন তেওঁৰ দ্বাৰা প্ৰকাশিত গৱেষণা-পত্ৰৰ সংখ্যাৰ ওপৰত নহয়, তেওঁৰ দ্বাৰা প্ৰকাশিত গৱেষণা-পত্ৰৰ মানৰ ওপৰতহে কৰা হয়।[১]
- শিক্ষকতা জীৱনৰ অভিজ্ঞতাই মোক এটা ডাঙৰ শিক্ষা দিলেঃ এজন সুশিক্ষক হ’বলৈ হ’লে শিক্ষকজনৰ তিনিটা ন্যূনতম গুণ থাকিবই লাগিব – (১) পঢ়াবলৈ লোৱা বিষয়বস্তুৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আয়ত্ত থাকিব লাগিব, (২) ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি তেওঁ অত্যন্ত সহানুভূতিশীল আৰু মৰমিয়াল হ’ব লাগিব, (৩) পঢ়াই নিজে তেওঁ আনন্দ পাব লাগিব, পঢ়ুওৱাটো কেৱল পেচা হিচাপে নলৈ নিচা হিচাপে ল’ব লাগিব।[১]
- মই নিজে বিশ্বাস কৰোঁ যে অসম গণিত শিক্ষায়তনৰ নিচিনা সংস্থা এটাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবৰ কাৰণে কেৱল গণিত জনপ্ৰিয়কৰণৰ ওপৰতে জোৰ দি থাকিলেই নহ’ব। গণিতৰ গৱেষণা জনপ্ৰিয়কৰণৰ ওপৰতো জোৰ দিব লাগিব।[১]
- অফলাইন ছেমিনাৰ, কনফাৰেন্সত যোগদানকাৰীসকলৰ মাজত স্থাপিত হোৱা প্ৰত্যক্ষ সম্পৰ্কই এটা সুস্থ ফলপ্ৰসূ গৱেষণা বাতাবৰণৰ সৃষ্টি কৰাটো সম্ভৱ কৰি তোলে বুলি মই বিশ্বাস কৰোঁ।[১]
- মানৱ সভ্যতাৰ উৰ্ধগামী গতি গণিতৰ ক্ৰমবৰ্ধমান প্ৰসাৰ আৰু জটিলতাৰ লগত তুলনীয়। সেয়েহে গণিত সৃষ্টিৰ ব্যাপকতাক সভ্যতাৰ মাপকাঠী বুলি ক’ব পাৰি।[২]
- দৰাচলতে যুক্তিৰ প্ৰয়োগ মানৱ সভ্যতাৰ অগ্ৰগতিৰ ক্ষেত্ৰতে এক বলিষ্ঠ পদক্ষেপ।[২]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ১.৩ ১.৪ "অধ্যাপক বুদ্ধপ্ৰসাদ চেতিয়াৰ সৈতে এটি আছুতীয়া সাক্ষাৎকাৰ". গণিত বিকাশ ৭৮: ৮৫-৯২. জুলাই-ছেপ্তেম্বৰ ২০২৩. Archived on ১৯৮৬; no
|archiveurl=
specified . - ↑ ২.০ ২.১ "গণিত মানৱ সভ্যতাৰ মাপকাঠী". গণিত বিকাশ ৭৮: ৯৩-৯৪. জুলাই-ছেপ্তেম্বৰ ২০২৩. Archived on ১৯৮৬; no
|archiveurl=
specified .