বীৰেন সিংহ
অৱয়ব
বীৰেন সিংহ অসমৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী, ভাস্কৰ্য্যশিল্পী তথা চিত্ৰ পৰিচালক৷
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- শিল্প বুলি ক'লে বহুত কিবা কিবি আহি পৰে।মই শিল্প বুলি ক'লে শিল্প ভালপাওঁ বুলি তেনে কথা নাছিল।তাতো অত বিৰাট ডাঙৰ ঘটনা এটা আছে। অভাৱৰ কাৰণে স্কুলৰ বহি বনাব পৰা নাছিলোঁ যাৰ বাবে স্কুলত মাৰ খাইছিলোঁ।[১]
- শিল্পৰ প্ৰতি আকৃষ্ট কেনেকৈ হ'লো বুলি ক'লে বহুতো কথাই আহে,তথাপি কওঁ কিছুমান মানুহৰ আগবাঢ়ি যাবলৈ কিছুমান আকাংক্ষা থাকে আৰু পিছুৱাই যাবলৈ কোনো পথ নাথাকে। পিছুৱাই গ'লেই যে পৰি যাম অটল গহ্বৰত।[১]
- আমাৰ সেই সময়ত বিয়াবোৰত প্ৰীতি উপহাৰ আঁকিব লাগে। মানে কইনাজনীক উপহাৰ দিয়ে য'ত এখন এখন ছবি থাকে আৰু কথা অলপ লিখা থাকে। সেই ক্ষেত্ৰত মোৰ বহুত নাম আছিলে। নলবাৰী, পাঠশালা আদি দূৰ দূৰণিৰ পৰাও প্ৰীতি উপহাৰ অঁকাই নিবলৈ আহিছিল।কেনেকৈ মোৰ বিষয়ে গম পাইছিল নাজানো কিন্তু ছয়গাঁৱত এজন কৰা আছে,বৰ ধুনীয়া ছবি আঁকে বুলি অলপ নাম হৈছিল।তেনেকৈ মই ছবিৰ বাবে প্ৰয়োজনীয় বস্তুকেইপদ পাইছিলোঁ।[১]
- মই যিটো কাম কৰোঁ বৰ নিষ্ঠাৰে সেইটো কাম কৰোঁ।১৯৬৮ চনত গুৱাহাটীলৈ আহিয়েই অত ষ্টুডিঅ'ত সোমালো।প্ৰথম মাহত মালিকে মোক ৮০ টকা বন্দবস্ত কৰিছিল আৰু বাকী কাম চাই পইচা দিম বুলি কৈছিল। তেওঁলোক মোক প্ৰথমে এখন চাইনবৰ্ড লিখিবলৈ দিলে।মই অন্য চিত্ৰকৰৰ দৰে চাইনবৰ্ড আঁকোতে কেতিয়াও হাতখন থ'বলৈ বেলেগ মাৰি লাঠি ব্যৱহাৰ কৰা নাছিলোঁ আৰু পটা পট লিখি যোৱা অভ্যাস আছিলে। চাইনবৰ্ড কম সময়তে আৰু সুন্দৰকৈ বনাই দিয়াত তেওঁলোকে আচৰিত হৈছিল।মালিকে তেতিয়া নিজৰ মাজতে আলোচনা কৰা শুনিবলৈ পাইছিলোঁ যে ল'ৰাটো এদিন কিন্তু বহুত ওপৰলৈ আগবাঢ়িব।[১]
- আমি অসমীয়া জাতিয়ে বিগত কেইবাটাও দশক সংকটত পাৰ কৰিছোঁ। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰজন্মৰ পৰাই হওক বা ভূপেন হাজৰিকাৰ প্ৰজন্মৰ পৰাই হওক। নিজৰ অস্তিত্ব ৰাখিবলৈ সময়ে সময়ে এই ৰাজনৈতিক,সামাজিক,প্ৰাকৃতিক, অৰ্থনৈতিক ইত্যাদি বিভিন্ন সংকটকালীন পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হৈছোঁ। সংকট বা প্ৰতিকূল পৰিস্থিতিয়ে মানুহক, জাতি এটাক সু-সংগঠিত আৰু শক্তিশালী কৰাত সহায় কৰে।[১]