বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (ইংৰাজী: Birendra Kumar Bhattacharya; ১৪ অক্টোবৰ, ১৯২৪ – ৬ আগষ্ট, ১৯৯৭) এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক। ভাৰতৰ সৰ্ব্বোচ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী অসমীয়া লেখক আছিল। বিয়াল্লিচৰ গণ-আন্দোলনৰ ভিত্তিত ৰচিত 'মৃত্যুঞ্জয়' উপন্যাসৰ বাবে, ১৯৭৯ চনত, তেওঁ এই বঁটা লাভ কৰিছিল।[১] ১৯৬১ চনত, তেওঁৰ 'ঈয়াৰুইঙ্গম' উপন্যাসে সাহিত্য অকাডেমি বঁটা লাভ কৰে।[২] Love in the Time of Insurgency নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ ২০০৫ চনত প্ৰকাশ পাইছিল।[৩] ভট্টাচাৰ্য ১৯৮৩ চনত বঙাইগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ সোণালী জয়ন্তী অধিবেশনৰ সভাপতি আছিল।[৪] তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ ৰীডাৰ আছিল। জব্বলপুৰ বিশ্ববিদ্যালয়ে ভট্টাচাৰ্যক সন্মানীয় ডি লিট উপাধি প্ৰদান কৰিছিল।[৪]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ইউৰোপীয় চিন্তাৰ প্ৰভাৱ অনুভূতি হোৱাৰ পিছত ৰাজনৈতিক ক্ষেত্ৰত প্ৰথমতে যিবিলাক বিষয়ৰ চৰ্চাত অসমীয়া মধ্যবিত্তৰ প্ৰথমচাম বুদ্ধিজীৱীয়ে মনোযোগ দিয়ে, সেইবিলাক হ’ল বুৰঞ্জী, ভাষাতত্ত্ব, সাহিত্য, পুৰাত্ত্ব ইত্যাদি৷ এইবিলাক বিষয় চৰ্চাৰ চালিকা শক্তি আছিল জাতীয়তাবাদ৷[৫]
- ধৰ্ম এটা কোট চোলা৷ মই ইচ্ছা কৰিলে পিন্ধিবও পাৰোঁ, খুলি থবও পাৰোঁ৷[৬]
- সৰুসুৰা জাতিবোৰে নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ’লে সেই জাতিটোৰ প্ৰতিজনেই নিজ নিজ ক্ষেত্ৰত যোগ্য ব্যক্তি হ’ব লাগিব৷ নিজৰ কৰ্তব্য আৰু দায়িত্ব নিয়াৰিকৈ পালন কৰিব লাগিব৷[৭]
- গাওঁ নেদেখিলে দেশ দৰ্শন নহয়৷ গাঁৱৰ ওপৰত আমাৰ সকলো সাধনা প্ৰতিষ্ঠিত নহ’লে দেশ নিৰ্মাণ, দেশ ৰক্ষা, সাংস্কৃতিক নৱ-জাগৰণ আদি সকলো পণ্ড হ’ব৷[৮]
- ভাৰতৰ ক্ষেত্ৰত বৃটিছ গৱৰ্ণমেণ্ট আৰু সাম্প্ৰদায়িক নেতৃবৰ্গৰ উভয়েই বিশ্বাস কৰিছিল সংঘৰ্ষত, বিভেদত আৰু গণতান্ত্ৰিক বিৰোধিতাত। এই বিশ্বাসৰ ফলতে ভাৰতৰ জনতাৰ অৰ্থনৈতিক আৰু সামাজিক উন্নতি হোৱা নাই। বৃটিছ গৱৰ্ণমেণ্টে আন্তৰ্জাতিক আৰু ভাৰতীয় গণশক্তিৰ হেঁচাত ভাৰতক স্বাধীনতা দিলে হয়, কিন্তু তেওঁলোকৰ পালিত পুত্ৰ সাম্প্ৰদায়িক দৈত্যটোৰো ক্ষমতাৰ খক পূৰণ হ’ল। ভাৰতৰ সমন্বয় আৰু ঐক্যৰ শক্তিধাৰা সাময়িকভাৱে পিছহুঁহকি আহিব লগা হ’ল।[৯]
- ভাৰতেই বোলক বা পাকিস্তানেই বোলাক, কোনো দেশতেই অৰ্থনৈতিক স্বাধীনতা অহা নাই। এনে সময় আহিব সিদিনা অৰ্থনৈতিক সংগ্ৰামৰ যোগেদি ভাৰত-পাকিস্তানৰ গণশক্তিৰ মিলন হ’ব আৰু দেশৰ ভূগোল, বুৰঞ্জী সংস্কৃতিৰ আহ্বান মানি যুক্তৰাষ্ট্ৰীয়তাৰ ভেটিত নতুন উন্নতিৰ পথ মুকলি হ’ব।[৯]
- জগতত দুটা জাতীয়তাবাদ আছে— এটা বিচমাৰ্কীয়, আনটো মেটচিনিৰ শিকনিযুক্ত। মেটচিনিয়ে কৈছিল যে জাতিটোৱে প্ৰতি ৰাষ্ট্ৰ গঠন কৰা যুগুত নহয়। পৃথিৱীখন এখন ৱৰ্কশ্বপ। ইয়াত যুক্তৰাষ্ট্ৰীয়তাৰ ভাবেৰেহে সকলো সমস্যা সমাধান কৰিব পৰা যাব। ইয়াৰ ভেটি গণতন্ত্ৰ, কিন্তু বিচমাৰ্কৰ সেইটো নহয়। বিচমাৰ্কে জাতিসমূহৰ পাৰস্পৰিক সংঘৰ্ষত বিশ্বাস কৰিছিল। মুছলিম লীগ আৰু হিন্দু মহাসভাৰ জাতীয়তাবাদো বিচমাৰ্কীয় প্ৰকৃতিৰ।[৯]
- সাহিত্য আৰু সংস্কৃতিৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে প্ৰকৃত সংস্কৃতিবান ব্যক্তি আৰু অনুষ্ঠানৰ পৃষ্ঠপোষকতা আৱশ্যক৷ এইবোৰত চৰকাৰ বা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ নথকাই শ্ৰেয়৷[১০]
- সংবাদ-পত্ৰ আৰু আলোচনীয়ে জনসাধাৰণৰ ভুল, অন্ধবিশ্বাস আৰু দুৰ্বলতাবোৰ আঙুলিয়াই দিব লাগিব৷ কিন্তু সমাজৰ পৰিচালক আৰু অধিপতিসকলৰ ত্ৰুটি-বিচ্যুতি আৰু শোষণ-শাসনৰ দুৰ্বলতাবোৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব৷ ব্যক্তিপূজা নিন্দনীয় আৰু প্ৰকাশৰ স্বাধীনতাৰ অপব্যৱহাৰ৷[১১]
অন্যান্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ড° ভট্টাচাৰ্যৰ জীৱন সংগ্ৰামৰ পিছপিনে যি শক্তি আছে- সেয়া তেখেতৰ সহধৰ্মিনী শ্ৰীমতী বিনীতা ভট্টাচাৰ্য। সহধৰ্মিনীৰ বেশত সহ সৈনিকৰ ধৰ্ম পালন কৰি দুৰ্যোগৰ মাজতো সাংসাৰিক জীৱনৰ পাৰস্পৰিক বুজাবুজিৰ মাধ্যমত নিজৰ স্বামীক বীৰ বেশত প্ৰতিষ্ঠা কৰাত শ্ৰীমতী ভট্টাচাৰ্য কৃতকাৰ্য হ'ব পাৰিছে। তেখেতৰ ত্যাগ আৰু প্ৰেৰণা ড° ভট্টাচাৰ্যৰ যেন ৰণস্থলীৰ কবচ-কুণ্ডল। - মুনীন বৰকটকী[৪]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Jnanpith Laureates Official listings. প্ৰকাশক: Jnanpith Website. Archived from the original on 2007-10-13.
- ↑ George K. M., Masterpieces of Indian literature, (Vol.1), 1997, National Book Trust, page=19
- ↑ "Life beyond violence, vendetta", The Hindu, July 15, 2005.
- ↑ ৪.০ ৪.১ ৪.২ সংকলক : ডক্টৰ হেমন্তকুমাৰ শৰ্মা (আগষ্ট, ১৯৮৩)। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্য-কৃতি। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:২৫৫।
- ↑ ডেৰশ বছৰীয়া অসমীয়া সংস্কৃতিত এভূমুকি
- ↑ অমৃত বাণী, সংগ্ৰাহক: চন্দ্ৰোপল বৰা, ১ আগষ্ট ২০১৪
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ১২০, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ বিবিধ প্ৰসংগ, ভিন্ন দৃষ্টিকোণ, গুণীন হাজৰিকা, চিৰন্তন প্ৰকাশ, পৃ:নং; ৬৪
- ↑ ৯.০ ৯.১ ৯.২ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰাসংগিক কথা. আহৰণ কৰা হৈছে: 13 মে' 2024.
- ↑ ভট্টাচাৰ্য, বীৰেন্দ্ৰ কুমাৰ (২০০৫)। ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত এভূমুকি। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:১০২।
- ↑ ভট্টাচাৰ্য, বীৰেন্দ্ৰ কুমাৰ (২০০৫)। ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত এভূমুকি। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৭৬।