সমললৈ যাওক

বি.এফ. স্কিনাৰ

ৱিকিউদ্ধৃতিৰ পৰা
আচল প্ৰশ্নটো যন্ত্ৰই চিন্তা কৰে নে নকৰে সেইটো নহয়, মানুহে চিন্তা কৰে নেকি সেইটোহে। চিন্তাশীল যন্ত্ৰ এটাৰ যি ৰহস্যই ইতিমধ্যে এজন চিন্তাশীল মানুহক একে ৰহস্যই আগুৰি আছে।

বুৰহুছ ফ্ৰেডেৰিক স্কিনাৰ (২০ মাৰ্চ ১৯০৪ – ১৮ আগষ্ট ১৯৯০)আমেৰিকাৰ এজন লেখক, আৱিষ্কাৰক, বেছবল উৎসাহী, দাৰ্শনিক আৰু কবি আছিল। তেওঁৰ মতে আচৰণ বুজিবলৈ সৰ্বোত্তম উপায় হ’ল কোনো কাৰ্য্যৰ কাৰণ আৰু ইয়াৰ পৰিণতিৰ ওপৰত চকু ৰখা। এই পদ্ধতিক তেওঁ অপাৰেণ্ট কণ্ডিচনিং বুলি অভিহিত কৰে।

  • যেতিয়া এজন ব্যক্তি অসহায় হয়, সমাজে সোনকালে আক্ৰমণ কৰে।
  - ৱাল্ডেন টু (১৯৪৮), পৃষ্ঠা ৯৫
  • শক্তিবৰ্ধনৰ ফলত হোৱা আচৰণৰ শক্তিশালীকৰণক উপযুক্তভাৱে "কণ্ডিচনিং" বুলি কোৱা হয়।। অপাৰেণ্ট কণ্ডিচনিঙত আমি সম্ভৱতঃ বা অধিক সঘনাই সঁহাৰি দি এটা আচৰণক "শক্তিশালী" কৰিব পাৰো।
 - বিজ্ঞান আৰু মানৱ আচৰণ (১৯৫৩) (Science and Human Behavior (1953)।।
  • মানুহ সুখী, জ্ঞাত, নিপুণ, সু-আচৰণ আৰু উৎপাদনশীল হওক।
 - ফ্ৰিডম এণ্ড দ্য কণ্ট্ৰল অৱ মেন (১৯৫৫/১৯৫৬) আমেৰিকান স্কোলাৰ, ২৫ (১), ৪৭-৬৫
  • শিকি অহা কথাবোৰ পাহৰি গ’লেই শিক্ষাই জীয়াই থাকে।
 - "নিউ মেথডছ এণ্ড নিউ এইমছ ইন টিচিং", নিউ চাইন্টিষ্ট, ২২(৩৯২) (২১ মে' ১৯৬৪), পৃষ্ঠা ৪৮৩-৪ত
  • আমি ডাঙৰ ডাঙৰ কিতাপ পঢ়া শিকাব নালাগে; আমি পঢ়াৰ প্ৰতি প্ৰেম শিকাব লাগে। সাহিত্যৰ কেইখনমান ৰচনাৰ বিষয়বস্তু জনাটো এক তুচ্ছ সাফল্য। পঢ়া-শুনা কৰি থাকিবলৈ প্ৰৱল ঈচ্ছা হোৱাটোহে এটা ডাঙৰ কৃতিত্ব।
 - ৰিচাৰ্ড ইছাডৰ ইভান্সৰ বি.এফ.স্কিনাৰ : দ্য মেন এণ্ড হিজ আইডিয়াছ (১৯৬৮)ত উদ্ধৃত কৰা অনুসৰি, পৃ. ৭৩

বাহ্যিক সংযোগসমূহ

[সম্পাদনা কৰক | উৎস সম্পাদনা]

সাঁচ:Social and political philosophers