বিৱৰ্তন

ৱিকিউদ্ধৃতিৰ পৰা
পৃথিৱীখন কিবা নহয় কিবা প্ৰকাৰে উদ্ভৱ হৈছে। ইয়াৰ উৎপত্তি কেনেকৈ হ’ল-সেইটো মহৎ প্ৰশ্ন৷ জীৱনৰ উৎপত্তিৰ ব্যাখ্যাৰ আন সকলো প্ৰচেষ্টাৰ দৰে ডাৰউইনৰ তত্ত্বটোও এতিয়ালৈকে কেৱল আনুমানিকহে। মোৰ বিশ্বাস, আমাৰ জ্ঞানৰ সাম্প্ৰতিক অৱস্থাত তেওঁ শ্ৰেষ্ঠ অনুমানটোকো প্ৰকাশ কৰিব পৰা নাই। ~ লুইছ আগাছিজ

বিৱৰ্তন (ইংৰাজী: Evolution) মানে পৰিৱৰ্তন বা ৰূপান্তৰৰ প্ৰক্ৰিয়া৷ ইয়াক সাধাৰণতে জৈৱিক, জিনীয় বা জৈৱিক বিৱৰ্তন, প্ৰজন্মৰ পিছত প্ৰজন্মৰ পিছত জীৱৰ জনসংখ্যাৰ পৰিৱৰ্তন, তথা এনে পৰিৱৰ্তনৰ লগত জড়িত হৈ ঘটা প্ৰক্ৰিয়া আৰু ইয়াৰ লগত সম্পৰ্কযুক্ত তত্ত্বক বুজাবলৈ ব্যৱহাৰ কৰা হয়।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • পৃথিৱীখন কিবা নহয় কিবা প্ৰকাৰে উদ্ভৱ হৈছে। ইয়াৰ উৎপত্তি কেনেকৈ হ’ল-সেইটো মহৎ প্ৰশ্ন৷ জীৱনৰ উৎপত্তিৰ ব্যাখ্যাৰ আন সকলো প্ৰচেষ্টাৰ দৰে ডাৰউইনৰ তত্ত্বটোও এতিয়ালৈকে কেৱল আনুমানিকহে। মোৰ বিশ্বাস, আমাৰ জ্ঞানৰ সাম্প্ৰতিক অৱস্থাত তেওঁ শ্ৰেষ্ঠ অনুমানটোকো প্ৰকাশ কৰিব পৰা নাই।
    • লুইছ আগাছিজ, Evolution and Permanence of Type (মাহেকীয়া আটলাণ্টিক, জানুৱাৰী ১৮৭৪)
  • এই নীতিটোক, যাৰ দ্বাৰা উপযোগী বুলি বিবেচিত হোৱা প্ৰতিটো সামান্য ভিন্নতাক সংৰক্ষণ কৰা হয়, তাক মই প্ৰাকৃতিক নিৰ্বাচন শব্দৰে নামকৰণ কৰিছোঁ৷
    • চাৰ্লচ ডাৰউইন, The Origin of Species (১৮৫৯), তৃতীয় অধ্যায়
  • ডাৰউইনীয় বিৱৰ্তনক "যাদৃচ্ছিক" বুলি ভবা বিশ্বাসটো কেৱল মিছা নহয়। ই সত্যৰ হুবহু বিপৰীত। ডাৰউইনীয় ব্যঞ্জনৰ সুযোগ (Chance) হৈছে এটা সৰু উপাদান৷ সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদানটো হ'ল ক্ৰমবৰ্ধমান নিৰ্বাচন যিটো মূলতঃ অ-যাদৃচ্ছিক।
    • ৰিচাৰ্ড ডকিনচ্, The Blind Watchmaker (১৯৮৬), তৃতীয় অধ্যায়, পৃ. ৪৯
  • মানৱ জাতিৰ আধ্যাত্মিক বিৱৰ্তন যিমানেই আগবাঢ়িছে সিমানেই মোৰ বোধেৰে এইটো নিশ্চিত যেন লাগে যে প্ৰকৃত ধৰ্মীয়তাৰ পথটো জীৱনৰ ভয়, অথবা মৃত্যুৰ ভয়, আৰু অন্ধ বিশ্বাসৰ মাজত নহয়, বৰঞ্চ যুক্তিযুক্ত জ্ঞানাৰ্জনৰ বাবে কৰি থকা চেষ্টাৰ মাজতহে আছে।
  • মই বিৱৰ্তনৰ বিষয়ে ইমান গভীৰভাৱে আলোচনা কৰিব নিবিচাৰোঁ৷ অৱশ্যে কেৱল মোৰ নিজৰ দৃষ্টিকোণৰ পৰাই ইয়াক স্পৰ্শ কৰিছোঁ৷ চেৰেংগেটিৰ সমভূমিত মই প্ৰাচীন জীৱৰ জীৱাশ্মযুক্ত হাড়বোৰ হাতত লৈ থিয় হৈ থকাৰ মুহূৰ্তৰ পৰা চিম্পাঞ্জীৰ চকু দুটা চাই থকা মুহূৰ্তত দেখিছিলোঁ, যে সি এটা চিন্তাশীল, যুক্তিবাদী ব্যক্তিত্ব। আপুনি হয়তো বিৱৰ্তনত বিশ্বাস নকৰে৷ সেয়া ঠিকেই আছে। আমি মানুহবোৰ এনেকুৱা কিয় হ'লোঁ-সেই কথাটোতকৈ আমি মানুহবোৰে আমাৰ বাবে সৃষ্টি কৰি লোৱা বেমেজালিবোৰৰ পৰা এইমুহূৰ্তত কিদৰে পৰিত্ৰাণ পাব পাৰিম-তাৰ উত্তৰ বিচৰাটোহে অধিক গুৰুত্বপূৰ্ণ৷
    • জেন গুডঅল, Reason for Hope: a Spiritual Journey (২০০০), ফিলিপ বাৰমেনৰ সৈতে, P. xx.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: