বিৰুবালা ৰাভা

ৱিকিউদ্ধৃতিৰ পৰা
বিৰুবালা ৰাভা

বিৰুবালা ৰাভা অসমৰ এগৰাকী সমাজকৰ্মী। তেওঁ যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস, যেনে ডাইনী হত্যা, কুসংস্কাৰ আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আছে। অসমত ডাইনী সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে। তেওঁৰ এই কামৰ বাবে নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ গুৱাহাটীৰ এটা আগশাৰীৰ সংগঠনে তেওঁৰ নাম ২০০৫ চনত শান্তিৰ ন'বেল বঁটাৰ বাবে প্ৰেৰণ কৰিছিল।[১][২] তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[৩]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মোৰ ল’ৰাটো ঘৰৰ পৰা পলাই গ’ল৷ ইয়াৰ পাছত নতুন এটা দুৰ্যোগ নামি আহিল৷ মোৰ স্বামী অসুস্থ হ’ল৷ মই সমাজৰ কামত অলপ আগৰণুৱা তথা দেউধনীক বিশ্বাস নকৰাৰ বাবে মোৰ স্বামীৰ এই অৱস্থাৰ বাবে মোকেই ডাইনী সজোৱাৰ চেষ্টা কৰা হ’ল৷ এইটো এটা হিংসাৰ প্ৰভাৱ৷ ইমানদিনে মানুহক আভুৱা ভাৰি থকা প্ৰথা এটাৰ অন্ত পেলাবলৈ যেন মোৰ অন্তৰাত্মাই কৈ উঠিল৷[৪]
  2. প্ৰেম মানে মানুহে মানুহক ভাল পাব লাগে৷ “মানুহ মানুহৰ বাবে৷” কাকো দুখ দিব নালাগে, ঠগিব নালাগে৷[৪]
  3. 'এদিন মই নিজেই ডাইনী হৈছিলোঁ'[৫]
  4. “ৰাস্তাটো কঠিন হৈ আহিছে, আচলতে কেতিয়াবা অতি কঠিন হৈ পৰিছে। বহু সময়ত দুষ্কৃতিকাৰীয়ে মোক হত্যা কৰাৰ ভাবুকি দিছিল; কাৰণ মই ডাইনী বুলি চিহ্নিত কৰা নিৰীহ মহিলাসকলৰ হৈ মাত মাতিছিলোঁ।”[৬]
  5. এটা ডাঙৰ সমস্যা আছিল সেই বেজবোৰৰ প্ৰতি মানুহৰ গভীৰভাবে শিপাই থকা বিশ্বাস। দুৰ্গম গ্ৰাম্য সমাজ আৰু জনজাতীয় অঞ্চলত বেজৰ বেজালিৰ প্ৰয়োজনীয়তা আছে; য’ত বিদ্যালয় আৰু চিকিৎসালয়ৰ অভাৱ, আৰু সজাগতাও কম। কোনোবাই দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত হ’লে পৰম্পৰাগত চিকিৎসকৰ ওচৰলৈ যোৱা হয় আৰু স্বাস্থ্যৰ উন্নতি নহ’লে ক’লা যাদু আৰু ডাইনীৰ কাম হিচাপে পৰিগণিত হয়।[৬]
  6. আমি ডাইনী হত্যাক নোহোৱা কৰিবলৈ কঠোৰ আইন এখনৰ বাবে যুঁজি আহিছোঁ, যিটো প্ৰায়ে অন্ধবিশ্বাসৰ চামিয়ানাৰ তলত পাৰিবাৰিক আৰু সম্পত্তিৰ বিবাদৰ সৈতে অধিক সম্পৰ্ক স্থাপন কৰিবলগীয়া হয়। এই আইনখন আগতে আহিব লাগিছিল, কিন্তু কেতিয়াও নহাতকৈ কিছু পলম হোৱাই ভাল।[৬]

মন্তব্য[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ডাইনীৰ সন্দেহত হত্যাৰ বিৰুদ্ধে অমোঘ যুদ্ধ ঘোষণাৰে সমাজক সচেতন কৰাৰ বাবে পদ্মশ্ৰী বীৰুৱালা ৰাভাই নিৰলসভাৱে এক শক্তিশালী অভিযান চলাই আহিছে৷ ‘মিশ্যন বীৰুৱালাৰ’ জৰিয়তে তেখেতে বহু জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷
    • হিমন্ত বিশ্ব শৰ্মা[৭]
  • বিৰুবালাক সমাজে বৰ্জন কৰাৰ সময়ত মই কিশোৰ আছিলোঁ। সেই সময়ত মই ভাবিছিলোঁ, গাঁৱৰ বয়োজ্যেষ্ঠসকলে সঠিক সিদ্ধান্ত লৈছিল; কাৰণ তেওঁ সামূহিক সিদ্ধান্তৰ বিৰোধীতা কৰা দেখা গৈছিল৷ প্ৰথম অৱস্থাত গাঁৱৰ মানুহে ভাবিছিল যে, তেওঁক দম দিলে গলি যাব, কিন্তু যেতিয়া তেওঁ গাঁৱৰ মানুহক প্ৰত্যাহ্বান জনাইছিল, তেতিয়া ই হৈ পৰিছিল পুৰুষৰ ইগো বনাম এগৰাকী মহিলাই নিজৰ সামাজিক সীমাৰ বাহিৰলৈ যাবলৈ চেষ্টা কৰা সংঘৰ্ষ।
    • বিপুল ৰাভা৷ (বিৰুবালাৰ ঘনিষ্ঠ সহযোগী)[৬]

তথ্য সূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. প্ৰণৱজ্যোতি দত্ত (৯ মাৰ্চ ২০০৪). "বিৰুবালা ৰাভা: ডাইনী হত্যাৰ বিৰুদ্ধে এগৰাকী যোদ্ধা". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’: ৮, ১০ পৃষ্ঠা. 
  2. SMITA BHATTACHARYYA. "Activist seeks death for witch-hunters - Biru Bala wants shelter for victims", Nov. 21, 2011. আহৰণ কৰা হৈছে 3 জুন 2014.
  3. Padma Awards: 2021 (PDF). প্ৰকাশক: Ministry of Home Affairs (India) (25 January 2021). আহৰণ কৰা হৈছে: 26 January 2021.
  4. ৪.০ ৪.১ বিৰুবালা ৰাভাৰ সৈতে সাক্ষাৎকাৰ. আহৰণ কৰা হৈছে: 24 এপ্ৰিল 2024.
  5. বিৰু ৰাভা. আহৰণ কৰা হৈছে: 24 এপ্ৰিল 2024.
  6. ৬.০ ৬.১ ৬.২ ৬.৩ one women's tireless.... আহৰণ কৰা হৈছে: 24 এপ্ৰিল 2024.
  7. বিৰুবালা. আহৰণ কৰা হৈছে: 24 এপ্ৰিল 2024.