সমললৈ যাওক

বিভ্ৰান্ত বাস্তৱ

ৱিকিউদ্ধৃতিৰ পৰা

বিভ্ৰান্ত বাস্তৱ হৈছে ৰীতা চৌধুৰীয়ে ৰচনা কৰা এখন অসমীয়া উপন্যাস। উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল ২০১৫ চনৰ অক্টোবৰ মাহত।

  1. সকলো মানুহে নিজৰ ভিতৰত কঢ়িয়াই ফুৰে বাস্তৱৰ আঁৰৰ বাস্তৱ। যি বাস্তৱ কেতিয়াও কাকো দেখুওৱা নাযায়, কেতিয়াও কাকো কোৱা নাযায়।নিজৰ ভিতৰতে নিশ্চুপ হৈ থাকি মৃত্যুৰ এন্ধাৰত হেৰাই যোৱা কিছু অনুচ্চাৰিত সত্য।[]
  2. সাফল্যৰ সৈতেই ঢৌ হৈ আহে শ্ৰদ্ধা, প্ৰশংসা আৰু সমাজৰ আগশাৰীৰ আসন। সফলতা-বিফলতাৰ সৈতেই সনাসনি হৈ থাকে পোহৰ আৰু অন্ধকাৰ। সফলতা যেন এখন ৰঙীন আয়না, যাৰ মাজেদি পোহৰ সৰকি ৰঙীন কৰি তোলে বৰ্ণহীন চৌপাশ।[]
  3. সাফল্য যদি নাই,আৰু একো নাই।আনকি ভালপোৱাও নাই।[]
  4. যি মানুহে বুজি পায়, সেই মানুহে জানো পৰিস্থিতিৰ লগত মিলা নিজৰ ৰূপ সলায়? বুজি পোৱা মানুহে জানো ক্ষতস্থানত আঘাত কৰি কৰি বিধ্বস্ত মানুহক ৰক্তাক্ত কৰে?[]
  5. ভালপোৱাত জানো প্ৰশ্নৰ ঠাই থাকে? ভালপোৱাত জানো থাকে অভিমানৰ নামত আঘাত দিয়া হিংস্ৰতা? ভালপোৱা জানো মৃত্যুৰ পৰা ঘূৰাই আনিব পৰা প্ৰাণদায়িনী শক্তি নহয়? []