সমললৈ যাওক

বিনীতা বৰা দেৱচৌধুৰী

ৱিকিউদ্ধৃতিৰ পৰা

বিনীতা বৰা দেৱচৌধুৰী হৈছে এগৰাকী অসমীয়া সাহিত্যিক। তেওঁ অসমৰ বজালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক।[]

  1. সাহিত্য জগতখনৰ লগত শৈশৱৰ পৰাই চিনাকি মা-দেউতাৰ জৰিয়তে।[]
  2. বিভিন্ন বিষয়ত লিখি আহিছোঁ যদিও সমালোচক আৰু গীতিকাৰ হিচাপে পৰিচয় দি বেছি ভাল পাওঁ।[]
  3. অনুবাদ সাহিত্য অসমত পিছ পৰি থকাৰ মূল কাৰণ হ'ল অধিকাংশই অনুবাদ দ্বিতীয় শ্ৰেণীৰ সাহিত্য কৰ্ম বুলি ভাবে।[]
  4. ভাল অনুবাদৰ বাবে মূল ভাষা আৰু স্ৰোত ভাষা দুয়োটাৰে খুব ভাল জ্ঞান থাকিব লাগিব।[]
  5. নতুন লেখকসকলে ভাল লিখিবলৈ হ'লে ব্যক্তি-পূজন আৰু অনুকৰণ বাদ দিব লাগিব। নিজৰ সৃষ্টিৰ পৃথিৱীখন মৌলিকতাৰে নিজে সৃষ্টি কৰিব লাগিব আৰু সস্তীয়া জনপ্ৰিয়তাৰ মোহ ত্যাগ কৰিব লাগিব।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ বিনীতা বৰা দেৱচৌধুৰীৰ সৈতে. সাক্ষাৎকাৰ পৃষ্ঠা: ৮-১৩. প্ৰকাশক: কথা কাঞ্চন (জুলাই, ২০২৩). আহৰণ কৰা হৈছে: 28 মে' 2024.