সমললৈ যাওক

বিজ্ঞান লেখকৰ হাতপুথি

ৱিকিউদ্ধৃতিৰ পৰা

বিজ্ঞান লেখকৰ হাতপুথি গ্ৰন্থখনৰ লেখক দীনেশ চন্দ্ৰ গোস্বামী৷ তেখেতে ২০০৩ চনত এই গ্ৰন্থখন ৰচনা কৰে৷ গ্ৰন্থখনৰ প্ৰকাশক আছিল (অসম বিজ্ঞান সমিতি) যোৰহাট শাখা আৰু নবীন পুস্তকালয়, যোৰহাট৷

  • (বিজ্ঞান) লেখক হ’ব খোজে যদি এতিয়াই লিখিবলৈ আৰম্ভ কৰক৷[]
  • যিয়েই নেলেখক লাগিলে, অধ্যয়ন, শ্ৰম আৰু সাধনা লাগিবই৷[]
  • বিজ্ঞান লেখক এজনৰ বাবে সমল গোটোৱা কথাটো এটা প্ৰধান সমস্যা আৰু আনহাতেদি ই এটা প্ৰধান বলো৷[]
  • আপোনাৰ লেখা আনৰ লেখাতকৈ বেলেগ কৰিবলৈ যত্ন কৰক৷ আপোনাৰ লেখাত আপোনাৰ ছাপ (Signature) থাকি যাব লাগে৷ []
  • কিছুমান লেখকে একেটা কথাকে পুনৰ পুনৰবাৰ বৰ্ণাই থাকে। এই দোষৰ বাবে এনেয়ে ভাল হোৱা লেখা এটাও নিৰস বা বিৰক্তিদায়ক হৈ পৰে। এই কথাত সাৱধান হৈ লেখকে দোহৰা অভ্যাসটো বাদ দিব লাগে।[]