দীনেশ চন্দ্ৰ গোস্বামী

ৱিকিউদ্ধৃতিৰ পৰা

ড॰ দীনেশ চন্দ্ৰ গোস্বামী (ইংৰাজী: Dinesh Chandra Goswami) অসমৰ এগৰাকী বিজ্ঞানী, সাহিত্যিক, নাট্যকাৰ আৰু ঘাইকৈ জনপ্ৰিয় বিজ্ঞান আৰু কল্পবিজ্ঞান, গল্প-উপন্যাস-অনাতাঁৰ নাটক আদিৰ লিখক। ড॰ গোস্বামীয়ে উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰৰ বিজ্ঞানী আৰু সঞ্চালকৰ উপদেষ্টা হিচাবে অৱসৰ গ্ৰহণ কৰিছে।[১] গোস্বামী ‘শৰাইঘাট অভিধান’ৰ সম্পাদক। তেখেতৰ ছদ্মনাম হৈছে দিগন্ত গোস্বামী। [২]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মই সদায় বিশ্বাস কৰিছোঁ যে কৰ্মৰ ফলতেই মানুহৰ প্ৰগতিৰ দিশটো উন্নীত হ’ব৷ কোনো ভাগ্য বা অলৌকিক বিষয়ে (জ্যোতিষ, বাস্তুশাস্ত্ৰ, ৰেইকী আদিৰ দৰে বিষয়বোৰ) মানুহক নিয়ন্ত্ৰণ কৰিব নোৱাৰে বা নিয়ন্ত্ৰণ কৰিবলৈ একোৱেই নাথাকে৷[৩]
  2. কল্পবিজ্ঞানত কেৱল যে চলি থকা বিজ্ঞানেই থাকে, তেনে নহয়, সাম্ভাৱ্য বিজ্ঞানো থাকে৷ সাধাৰণতে এটা কাহিনী মানুহৰ মনৰ ভাৱ-অনুভূতি, সুখ-দুখ, হৰ্ষ-বিষাদ আদিক লৈ চলে৷ কিন্তু কল্পবিজ্ঞানত একোটা আৱিষ্কাৰ বা বিজ্ঞানৰ সামগ্ৰিক প্ৰক্ৰিয়াই কাম কৰে আৰু সেইটোৰ প্ৰভাৱ মানুহৰ জীৱনত, কাহিনীৰ নায়ক-নায়িকা বা চৰিত্ৰসমূহৰ ওপৰত কেনেধৰণৰ হ’ব, জীৱ-জন্তুবোৰৰ ওপৰত বা প্ৰকৃতিৰ ওপৰত কেনে প্ৰভাৱ পৰিছে, তাক দেখুৱায়৷ সমান্তৰালভাৱে কল্পবিজ্ঞানত ভৱিষ্যতৰ বিজ্ঞানৰ বাবে সম্ভাৱনাৰ কথা দেখুওৱা হয়৷ এই সম্ভাৱনা যুক্তি-যুক্ততাৰ আধাৰত হ’ব লাগিব৷ কল্পবিজ্ঞানে বিজ্ঞানৰ হ’ব পৰা প্ৰগতিৰপৰা মানুহৰ কেনেধৰণৰ লাভ হ’ব, সেয়া দেখুৱাই দিব পাৰে৷ গতিকে এনে সাহিত্যৰ যথেষ্ট প্ৰয়োজন আছে৷[৩]
  3. মই ভাবোঁ, ঈশ্বৰৰ ধাৰণাটোৱেই যিহেতু এটা অমূলক আৰু বিভ্ৰান্তিকৰ ধাৰণা, গতিকে সেই ধাৰণাটো বাদ দিব পাৰিলে ভাল৷ আৰু আমি কেৱল মানবীয়তাৰ কথা সৰুৰেপৰা শিকাবলৈ চেষ্টা কৰা ভাল৷ তেতিয়াহে আমাৰ জাতিটোৰ লগতে দেশ, বিশ্বৰ লাভ হ’ব৷[৩]

পৰিৱেশৰ বাবে সামান্য কাম[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ধুনীয়া পৃথিৱীখন ধুনীয়া কৰি ৰাখি, আগতকৈয়ো ধুনীয়া কৰি আপোনাৰ সন্তানসকলক উপহাৰ দি যাওক৷[৪]
  2. মানুহৰ আঘাততে পৃথিৱী আৰু পৰিৱেশ অসুস্থ হৈ পৰিল৷[৪]
  3. যিসকলে বাহিৰত পৰিৱেশ ৰক্ষাৰ বাবে অতি উদাৰভাবে আৰু আন্তৰিকতাৰে বক্তৃতা দিয়ে আৰু যিসকলে নিজৰ আৰু ৰসায়নিক বা জীৱবিজ্ঞানৰ গৱেষণা পৰিৱেশ সুহৃদ “সেউজীয়া পদ্ধতি’’ বুলি দাবী কৰে,- তেখেতসকলেও কোৱাৰ্টাৰ্ছলৈ আহিয়েই কৰা প্ৰথম কামৰ ভিতৰত আছিল তাৰ গছ-গছনি কটাই দিবলৈ অনুৰোধ কৰি অতি যুক্তিযুক্ততাৰে টোকা লিখাটো৷[৪]

তথ্য সূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. অনুবাদ-দীনেশ চন্দ্ৰ গোস্বামী (১৯৯৯)। মহাকাশচাৰী।
  2. বিনয় মোহন শইকীয়া (২০১৮)। দীনেশ চন্দ্ৰ গোস্বামী। গুৱাহাটী। বান্ধৱ, পৃষ্ঠা:৪।
  3. ৩.০ ৩.১ ৩.২ দীনেশ চন্দ্ৰ গোস্বামীৰ সৈতে সাক্ষাৎকাৰ. আহৰণ কৰা হৈছে: 2 অক্টোবৰ 2023.
  4. ৪.০ ৪.১ ৪.২ গোস্বামী, দীনেশ চন্দ্ৰ (২০১৭)। পৰিৱেশৰ ববে সামান্য কাম। অসম বুক ট্ৰাষ্ট, পৃষ্ঠা:১৮১।